ETV Bharat / entertainment

আত্মাৰ সদ্গতি কামনাৰে অনুৰাগীয়ে মহানায়কক সুঁৱৰিলে এফাকি ঘোষাৰে

জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কামনাৰে কলিয়াবৰত প্ৰাৰ্থনা ৷

lyricist mukunda tamuly pays tribute to zubeen garg by singing
জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 23, 2025 at 4:46 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণ । শোকস্তব্ধ সমগ্ৰ অসম । প্ৰত্যেকেই যেন নিজৰ পৰিয়ালৰ এজনক হেৰুৱাইছে । চকুলোৰে বাট নেদেখা অৱস্থা গুণমুগ্ধ, অনুৰাগীৰ । কি শিশু, কি যুৱক, কি প্ৰৌঢ়, কি বৃদ্ধ – সকলোৰে বুকুত এতিয়া সীমাহীন বেদনা । সেই বেদনাই অতি কঠিন হৃদয়কো তচনচ কৰি পেলাইছে ।

চকুলোৰে বাট নেদেখা হৈছে জুবিনপ্ৰেমীয়ে । এক অবিশ্বাস্য মৃত্যুৱে জোঁকাৰি গৈছে অসমৰ প্ৰতিখন ঘৰ । জুবিনৰ গীতে এতিয়া অসমৰ আকাশে-বতাহে বিষাদ বিয়পাইছে ।

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি ৰাজহুৱা হোৱাৰ দিন ধৰি কলিয়াবৰৰ বাটে-পথে জুবিন অনুৰাগীৰ লানি নিচিনা শোকৰ মিছিল । অনাকাংক্ষিতভাৱে হিয়াৰ আমঠুক হেৰুৱাই সকলো এতিয়া শোকাহত । চৌদিশে 'জয় জুবিনদা,' 'জুবিনদা অমৰ হওক' ধ্বনিৰে জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে সকলোৱে ।

lyricist mukunda tamuly pays tribute to zubeen garg by singing
জুবিন গাৰ্গৰ গীতৰ কেছেট (Photo : ETV Bharat Assam)

জুবিন গাৰ্গৰ কলিয়াবৰৰ সৈতে আছিল এক এৰাব নোৱৰা সম্পৰ্ক । এই সম্পৰ্ক হৈছিল গীতৰ জৰিয়তে । কলিয়াবৰৰ পৰা প্ৰস্তুত কৰা শ্ৰব্য সঁফুৰাত কণ্ঠদান কৰিছিল জুবিনে । কলিয়াবৰৰ কেইবাগৰাকীও গীতিকাৰ-প্ৰযোজকৰ সৈতে আছিল জুবিন গাৰ্গৰ আন্তৰিক সম্বন্ধ । কলিয়াবৰৰ মাজেদি যেতিয়াই মৰমৰ জুবিনদা পাৰ হৈছিল, জখলাবন্ধাৰ হোটেলত কেছেটৰ দোকানৰ খবৰ লৈছিল । চিনাকিসকলৰ খবৰ লৈছিল । তেওঁৰ যোৱাৰ খবৰ পালেই লৰালৰিকৈ আহি জুবিন গাৰ্গক লগ ধৰিছিল কলিয়াবৰৰ অনুগামী, গীতিকাৰসকলে । তেনে আন্তৰিক সম্বন্ধৰ কথা সুঁৱৰিলে কলিয়াবৰৰ মুকুন্দ তামুলীয়ে ।

lyricist mukunda tamuly pays tribute to zubeen garg by singing
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি (Photo : ETV Bharat Assam)

জুবিন গাৰ্গৰ কণ্ঠত প্ৰাণ পোৱা বহু বিহুগীত, ভক্তিমূলক গীতৰ গীতিকাৰ মুকুন্দ তামুলীয়ে এফাঁকি ঘোষাৰে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰে । লগতে জুবিন গাৰ্গ যাতে পুনৰ এই অসমতে আবিৰ্ভাৱ হয় তাৰ বাবে প্ৰাৰ্থনা কৰে । মুকুন্দ তামুলীয়ে কয়, “জুবিন গাৰ্গৰ কলিয়াবৰৰ সৈতে এক মধুৰ সম্পৰ্ক আছিল । কলিয়াবৰৰ পৰা প্ৰযোজনা কৰা বহু বিহু আৰু ভক্তিমূলক কেছেটত জুবিন গাৰ্গে কণ্ঠদান কৰিছিল । তদুপৰি, কলিয়াবৰৰ গীতিকাৰে ৰচনা কৰা বিভিন্ন গীতত আন প্ৰযোজনা গোষ্ঠীৰ হৈ কণ্ঠদান কৰিছিল । বিহু আৰু ভক্তিমূলক গীততো জুবিন গাৰ্গে কণ্ঠদান কৰিছিল । তাৰে দুটি ভক্তিমূলক গীতৰ কিছু অংশ গাই মৰমৰ শিল্পী জুবিন গাৰ্গলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে তামুলীয়ে ।

উল্লেখ্য যে, কলিয়াবৰৰ পৰা এসময়ত প্ৰযোজিত অসংখ্য কেছেটত কণ্ঠদান কৰি অসমৰ সংগীত জগতলৈ অৰিহণা যোগাই থৈ গৈছে জুবিন গাৰ্গে ।

লগতে পঢ়ক : এয়া ভৰি নহয়, মানুহজনৰ ইতিহাস: জুবিনৰ পদচিহ্ন সংগ্ৰহ কৰা ভাস্কৰ্য শিল্পীৰ মনৰ অনুভৱ