IFFI 2024 ত কেনী বসুমতাৰীৰ বড়ো ছবি 'বিবো বিনানাও'ৰ প্ৰিমিয়াৰ
বিবো বিনানাও ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এনএফডিচি) প্ৰযোজনা কৰিছে । ছবিখনৰ ধাৰাটো হৈছে 'ড্ৰামেডী', য'ত গ্ৰাম্য বড়োলেণ্ডৰ চাৰিগৰাকী ভগ্নীৰ কাহিনী দেখুওৱা হৈছে।

By ETV Bharat Entertainment Team
Published : November 28, 2024 at 11:38 AM IST
হায়দৰাবাদ : গোৱাত অনুষ্ঠিত ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত (আইএফএফআই) অসমৰ প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা কেনী বসুমতাৰীৰ প্ৰথমখন বড়ো চলচ্চিত্ৰ 'বিবো বিনানাও' (মাই থ্ৰী চিষ্টাৰ্ছ)ৰ প্ৰিমিয়াৰ হয় । ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এনএফডিচি) প্ৰযোজনা কৰা 'বিবো বিনানাও' হৈছে এখন ড্ৰামেডী চলচ্চিত্ৰ, য’ত গ্ৰাম্য বড়োলেণ্ডৰ চাৰিগৰাকী ভগ্নীৰ কাহিনী চিত্ৰিত কৰা হৈছে ।
পান্সি ব্ৰহ্মই কনিষ্ঠ ভগ্নী মিজিৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে ভনীয়েকহঁতে কুকুৰা পালন, পৰিয়ালৰ মৃত্যু, নিৰ্যাতনকাৰী স্বামী, জীৱনলৈ ভাবুকি কঢ়িয়াই অনা বেমাৰৰ ভয় আৰু অন্যান্য বাধাৰ সৈতে মোকাবিলা কৰাৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়ে । বাকী তিনিগৰাকী ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছে সংগীতা ব্ৰহ্ম, হেলিনা দৈমাৰী, আৰু মিথিংগা নাৰ্জাৰীয়ে ।
কেনীয়ে কয়, “এইসকল অভিনেত্ৰীৰ সৈতে কাম কৰাটো এক আনন্দৰ কথা আছিল । তেওঁলোক নিজৰ সংলাপৰ সৈতে সদায় সাজু আছিল, গতিকে আমি সঘনাই কাট নকৰাকৈ আনন্দৰে লং টেক শ্বুট কৰিব পাৰিছিলো আৰু তেওঁলোকৰ সকলোৰে চমৎকাৰ দৃশ্য আছে যিবোৰ তেওঁলোকে মই কল্পনা কৰা ধৰণেৰে পৰিবেশন কৰিছে ।” বড়ো চলচ্চিত্ৰ উদ্যোগত খলনায়কৰ চৰিত্ৰৰ বাবে জনাজাত ৰুবুল বড়োৱে 'বিবো বিনানাও'ত এজন ভদ্ৰ লোকৰ চৰিত্ৰত অভিনয় কৰিছে ।
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত, কেনীয়ে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক কুলনন্দিনী মহন্ত, যি 'বিবো বিনানাও'ত প্ৰযোজনা ডিজাইনাৰ হিচাপে কাম কৰিছে আৰু এনএফডিচিৰ কাৰ্যবাহী প্ৰযোজক এলেক্স লিঅ পুৰ সৈতে ৰেড কাৰ্পেটত খোজ কাঢ়ে । কেনীয়ে 'স্বৰ্গৰথ'ৰ বাবে দলৰ অংশ হিচাপে দ্বিতীয়বাৰৰ বাবে ৰেড কাৰ্পেটত খোজ দিয়ে, যিখন ছবি উৎসৱৰ পেনোৰামা শাখাত আছে ।
'বিবো বিনানাও'ৰ প্ৰথম শ্ব’ সন্দৰ্ভত কেনীয়ে কয়, "আমি প্ৰকৃততে শংকিত আছিলো । পৃথিৱীত কোনে বড়ো চিনেমা চাবলৈ আহিব, আৰু সেয়াও মোৰ দ্বাৰা নিৰ্মিত – মই ঠিক এজন মহোৎসৱ-বিখ্যাত পৰিচালক নহয় । কিন্তু আমাক আচৰিত কৰি প্ৰায় ৭০ জন লোক উপস্থিত হৈছিল । ছবিখন আউট এণ্ড আউট কমেডী নহ’লেও সঠিক ঠাইত দৰ্শকে হাঁহি থকা শুনি ভাল লাগিল । বহুতেই ছবিখন শেষ হোৱাৰ পিছত আমাৰ ওচৰলৈ আহি কয় যে তেওঁলোকে সঁচাকৈয়ে ভাল পাইছে ।”
আগন্তুক ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱ (বিভিএফএফ)ত গুৱাহাটীৰ দৰ্শকে চাব পাৰিব ‘বিবো বিনানাও’, য’ত ইয়াৰ অসম প্ৰিমিয়াৰ প্ৰতিযোগিতা শাখাত হ’ব । থিয়েটাৰত মুক্তিৰ পৰিকল্পনা এতিয়াও কৰা হোৱা নাই বুলি মন্তব্য কৰে বসুমতাৰীয়ে । এন এফ ডি চিয়ে ছবিখন আৰু অধিক উৎসৱলৈ প্ৰেৰণ কৰিব বুলি কেনীয়ে আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্বৰ্গৰথক হিন্দীত নিৰ্মাণৰ প্ৰস্তাৱ

