মৰাণ: লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা ৭৪ সংখ্যক ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনীৰ এই বৰ্ষৰ লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হ'ল মৰাণৰ লিজামণি শেনচোৱাই ।
ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী ২০২৫ খিতাপ অৰ্জন কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে লিজামণি শেনচোৱাই । লতাশিলত বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰা মৰাণৰ জীয়ৰী লিজামণিক শনিবাৰে গৃহ চহৰ মৰাণত বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে আদৰণি জনায় ।
বিহু সম্ৰাজ্ঞীগৰাকী মৰাণত আহি উপস্থিত হোৱাৰ পিছতে ঢোলে-দগৰে তেওঁক আদৰি অনা হয় । ইয়াৰ পিছতে মৰাণৰ আইদেউ মিউজিকৰ প্ৰাংগণত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । কেইবাটাও সংগঠন আৰু ব্যক্তিয়ে বিহু সম্ৰাজ্ঞীগৰাকীক সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত লোক-সংস্কৃতিৰ গৱেষক অনিল শইকীয়া উপস্থিত হৈ বিহু সম্ৰাজ্ঞীগৰাকীৰ এই সফলতাত আনন্দিত হোৱা বুলি উল্লেখ কৰে । অনুষ্ঠানত মৰাণৰ সকলো জাতি-জনগোষ্ঠীৰ সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । এই সফলতাৰ বাবে প্ৰতিটো খোজতে সহায় কৰা মৰাণবাসী ৰাইজক বিহু সম্ৰাজ্ঞীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।
মই যিমান পাৰো নিখুঁত ভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলো:
নিজৰ গৃহ চহৰত উপস্থিত হৈ দল-সংগঠনৰ লগতে বিভিন্নজনৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী ২০২৫ খিতাপ অৰ্জন কৰা লিজামণি শেনচোৱাই কয়, "এই সন্মান লাভ কৰি খুব ভাল লাগিছে । কথাৰে প্ৰকাশ কৰিব নোৱাৰা এক অনুভৱ । আগলৈও যাতে এই সন্মানখিনি বজাই ৰাখিব পাৰো তাৰ বাবে চেষ্টা কৰিম । নিখুঁতভাৱে বিহু পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছিলো । মোৰ সৈতে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী নাচনীয়ে নিজকে সৱল হিচাপে উপস্থাপন কৰিছে । তাৰ মাজতে কিছু ভুল-ত্ৰুটি ৰৈ যায় । মোৰো তেনেকুৱা হৈছে । মই যিমান পাৰো নিখুঁতভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলো । মই মৰাণবাসীক ধন্যবাদ জনাইছো । কাৰণ মই যেতিয়াৰে পৰা নাচিবলৈ চেষ্টা কৰিছো তেতিয়াৰে পৰা মৰাণৰ ৰাইজে মোক উৎসাহিত কৰি আহিছে ।"