মুম্বাই : ইনছান ইছ দুনীয়া মে চাৰ দিন কি জিন্দেগী গুজাৰনে আতা হে... ! বিখ্যাত ছবি "মেৰা নাম জোকাৰ" ত ডেভিডৰ চৰিত্ৰত অভিনয় কৰা মনোজ কুমাৰৰ মুখৰ এই সংলাপ ভাৰতীয় দৰ্শকে এতিয়াও পাহৰা নাই ৷ এই বিখ্যাত সংলাপশাৰীকেই সত্য প্ৰমাণিত কৰি গুচি গ'ল মনোজ কুমাৰ ৷ কিংবদন্তি অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক মনোজ কুমাৰৰ ৮৭ বছৰ বয়সত শুকুৰবাৰে পুৱা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । বলীউডৰ প্ৰবীণ অভিনেতাগৰাকী দেশপ্ৰেমমূলক ছবিত অভিনয় কৰাৰ বাবে আৰু ‘ভাৰত কুমাৰ’ উপনামেৰে বিশেষভাৱে পৰিচিত আছিল ।
পুৱা ৩.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে চলচ্চিত্ৰ নিৰ্মাতা মনোজ কুমাৰে । চিকিৎসাৰ প্ৰতিবেদন অনুসৰি তেওঁৰ মৃত্যুৰ কাৰণ তীব্ৰ মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন, এক গুৰুতৰ হাৰ্ট এটেক যাৰ বাবে তেওঁৰ কাৰ্ডিঅ’জেনিক শ্বক আহে বুলি জানিব পৰা গৈছে । বাতৰিসমূহে এইটোও নিশ্চিত কৰিছে যে মনোজ কুমাৰে বিগত কেইমাহমানৰ পৰা ডিকম্পেন্সেটেড লিভাৰ চিৰ’ছিছৰ সৈতে যুঁজি আছিল, যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল । ২০২৫ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁৰ অৱস্থা অধিক বেয়া হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
#WATCH | Indian actor and film director Manoj Kumar, particularly known for his patriotic films, passes away at the age of 87 in Mumbai
— ANI (@ANI) April 4, 2025
Glimpses from the life of Manoj Kumar including the 63rd National Films Awards, where he received the 47th Dadasaheb Phalke Award from… pic.twitter.com/CA0DPVoWIl
১৯৩৭ চনৰ ২৪ জুলাইত পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰা মনোজ কুমাৰে হিন্দী চিনেমাত নিজৰ এক সুকীয়া পৰিচয় এৰি থৈ গৈছে । শ্বহীদ, উপকাৰ, ৰং দে বসন্তীৰ দৰে ছবিত তেওঁৰ ভূমিকাই ভাৰতীয় জনসাধাৰণৰ দেশপ্ৰেমমূলক আৱেগৰ মাজত গভীৰভাৱে অনুৰণন ঘটাইছিল । সমগ্ৰ কেৰিয়াৰত মনোজ কুমাৰে জাতীয় গৌৰৱ আৰু ঐক্যৰ মনোভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা ছবিত অভিনয় কৰাৰ লগতে পৰিচালনা কৰিছিল ৷
ভাৰতীয় চিনেমালৈ মনোজ কুমাৰৰ অৱদানে তেওঁক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু বিভিন্ন শিতানত সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও সন্মানীয় সন্মান দিয়াইছিল । ভাৰতীয় কলাৰ প্ৰতি তেওঁৰ অপৰিসীম অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ১৯৯২ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে । ২০১৫ চনত ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ স্বীকৃতি দাদাচাহেব ফাল্কে বঁটাৰেও সন্মানিত হয় মনোজ কুমাৰ ৷
তেওঁৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ জগতত আলোড়নৰ সৃষ্টি কৰিছে ৷ বহুতে শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ উত্তৰাধিকাৰক সন্মান জনাইছে । চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতেও কিংবদন্তি অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে । "আপোনালোক সকলোকে জনাবলৈ পাই দুখী অনুভৱ কৰিছো যে সেই কিংবদন্তি দাদা চাহেব ফাল্কে বঁটা বিজয়ী, আমাৰ প্ৰেৰণা, ভাৰতীয় চলচ্চিত্ৰ জগতৰ অতিকে সন্মানিত, শ্ৰী মনোজ কুমাৰজী আৰু নাই । বহুত দিন ভাল নোহোৱাৰ পিছত তেওঁ আন্ধেৰীৰ কোকিলাবেন হাস্পতালত অন্তিম নিশ্বাস এৰিছিল । ই উদ্যোগটোৰ বাবে এক বৃহৎ ক্ষতি । মনোজ জী আপোনাক মিছ কৰিম", তেওঁ কয় ৷
লগতে আৰু কয়, "আমি সকলোৱে মাজে মাজে তেওঁক লগ কৰি আছিলো । তেওঁ সদায় জীৱনেৰে পৰিপূৰ্ণ আছিল, তেওঁ সদায় সুখী আছিল আৰু গোটেই উদ্যোগটোৱে তেওঁক মিছ কৰিব । তেওঁৰ দৰে এজন মহান আত্মা, তেওঁৰ দৰে এজন মহান নিৰ্মাতা, আমাৰ উদ্যোগত দ্বিতীয় এজন কেতিয়াও নাপাওঁ । বিদায় মনোজ জী, বিদায় ।"
লগতে পঢ়ক : পত্নীহাৰা হ'ল সুৰকাৰ জে পি দাস