ETV Bharat / entertainment

মাজুলীত বিপুল কুমাৰ মহন্ত সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা

অসমৰ ভিন্ন প্ৰান্তৰ ২৯ টা অপেছাদাৰী নাট্যদলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷ প্ৰতি সন্ধিয়া ১০ খনকৈ নাট মঞ্চস্থ হ’ব ৷

late Bipul Kumar Mahanta Memorial All Assam one act Play Drama Competition in Majuli
বিপুল কুমাৰ মহন্ত সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 13, 2025 at 4:32 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: শুকুৰবাৰৰ পৰা সত্ৰনগৰী মাজুলীৰ কমলাবাৰীৰ মিলন সংঘত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত মাজুলী জিলা সমিতিৰ উদ্যোগত বিপুল কুমাৰ মহন্ত সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । বিপুল কুমাৰ মহন্ত সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাখনিত অসমৰ ভিন্ন প্ৰান্তৰ ২৯ টা অপেছাদাৰী নাট্য দলে অংশগ্ৰহণ কৰিব ।

বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে এই একাংকিকা নাট প্ৰতিযোগিতাৰ শুভ উদ্বোধনী কৰা হয় । মাজুলী মিলন সংঘৰ বাকৰিত পুৱা পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে । এই উদ্বোধনী অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু বহুসংখ্যক লোক উপস্থিত থাকে ।

বিপুল কুমাৰ মহন্ত সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতা (ETV Bharat Assam)

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “আমি প্ৰতি বছৰে প্ৰয়াত বিপুল কুমাৰ মহন্ত সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আহিছো । এইবছৰ এই প্ৰতিযোগিতাখনি মাজুলী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে । অপেছাদাৰী নাট্যদলসমূহে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে এই নাটকৰ যাত্ৰা অব্যাহত ৰাখিছে । গতিকে তেওঁলোকক সহযোগিতা আগবঢ়োৱাটো সকলোৰে দায়িত্ব ৷ সেই হেতুকে এই অনুষ্ঠানৰ জৰিয়তে আমি তেওঁলোকক সহযোগিতা আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ ।”

তেওঁ লগতে কয়, “মাজুলীয়ে অসমখনলৈ যথেষ্ট অৱদান আগবঢ়াইছে ।” সমগ্র অসমৰ আধ্যাত্মিক ক্ষেত্ৰখনক মাজুলীয়ে নেতৃত্ব দি আছে বুলি ক’লেও ভুলকৈ কোৱা নহ’ব বুলি মন্তব্য কৰে চাংমায়ে । মুখাশিল্প, বৰগীত, ভাওনা আদি বিষয়বোৰত মাজুলীয়েই অসমক নেতৃত্ব প্ৰদান কৰিছে বুলিও মত প্ৰকাশ কৰে তেওঁ ।

লগতে পঢ়ক : 'সুন্দৰা নটুৱা' বঁটাৰে সন্মানিত অভিনেতা প্রাঞ্জল শইকীয়া