জাপানী দৰ্শকে চাই ভাল পাইছে লাপাতা লেডীজ - Laapataa Ladies in Japan
Laapataa Ladies released Japan: অস্কাৰত প্ৰৱেশৰ পিছত ‘লাপাতা লেডীজ’ৰ জাপানত মুক্তি ৷ চলচ্চিত্ৰখনে জাপানী দৰ্শকক আকৰ্ষণ কৰিছে ৷

By ETV Bharat Entertainment Team
Published : October 5, 2024 at 12:24 PM IST
|Updated : October 5, 2024 at 4:16 PM IST
চিটাৰা ডেস্ক, 5 অক্টোবৰ : লাপাতা লেডীজ ছবিখনে অস্কাৰ 2025 ত প্ৰৱেশ লাভ কৰিছে । চলচ্চিত্ৰখনৰ পৰিচালক আৰু বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৱে বিগত মাহত এই খবৰটো শ্বেয়াৰ কৰিছিল । এতিয়া অক্টোবৰৰ 4 তাৰিখে লাপাতা লেডীজ চলচ্চিত্ৰখন জাপানত মুক্তি দিয়া হয় ।
লাপাতা লেডীজক একাডেমী বঁটা 2025 ত বিদেশী ভাষাৰ শ্ৰেণীত নিৰ্বাচিত কৰা হৈছে । লাপাতা লেডীজ 2024 বৰ্ষৰ অন্যতম ছুপাৰহিট চলচ্চিত্ৰ । ছবিখনৰ কাহিনীটো ইমান ধেমেলীয়া যে ই দৰ্শকসকলক বহুত মনোৰঞ্জন প্ৰদান কৰিছে ।
অস্কাৰত এণ্ট্ৰি লাভ কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে লাপাতা লেডীজ ছবিখনক লৈ চৰ্চা চলা দেখা গৈছে ৷ ভাৰতত দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পিছত এতিয়া ছবিখনো জাপানতো সমাদৰ লাভ কৰিছে । শেহতীয়াকৈ মুক্তি পাইছে লাপাতা লেডীজৰ জাপানীজ ট্ৰেইলাৰ । উল্লেখ্য যে, মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ 2024 (আই এফ এফ এম)ত লাপাতা লেডীজে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক চয়ছ বঁটা লাভ কৰিছে ।
ছবিখন আমিৰ খান আৰু জ্যোতি দেশপাণ্ডেই প্ৰযোজনা কৰিছে । ছবিখনৰ বাজেট মাত্ৰ 5 কোটি টকা বুলি কোৱা হৈছে । লাপাতা লেডীজক জিঅ’ ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ।
লাপাতা লেডীজৰ কাহিনীৰ বিষয়ে ক’বলৈ গ’লে, এয়া দুগৰাকী কইনাৰ কাহিনী যি ৰেলত তেওঁৰ স্বামীৰ পৰা পৃথক হৈ যায় আৰু দুয়োগৰাকী কইনা গন্তব্য স্থানৰ সলনি অন্য স্থান পাইগৈ । এই দুগৰাকী কইনাই কেনেকৈ তেওঁলোকৰ প্ৰিয়জনৰ কাষ পাইগৈ সেয়া ছবিখনৰ আটাইতকৈ ডাঙৰ ক্লাইমেক্স ।
লগতে পঢ়ক : কি ভিত্তিত অস্কাৰ 2025ত এণ্ট্ৰি পালে লাপাতা লেডীজে ? - LAAPATAA LADIES IN OSCARS 2025
এইখন মোৰ প্ৰথম পান ইণ্ডিয়া ছবি : ৰবি কিষাণ - Laapataa Ladies Ravi Kishan paan

