ETV Bharat / entertainment

ৰ’জ-জেক উভতি আহিছে কহিনুৰলৈ: আকৌ ডুবিল টাইটানিক

২০২৪-২০২৫ ত সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে কহিনুৰ থিয়েটাৰে । সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এটোপালো পানী নোহোৱাকৈ ভ্রাম্যমাণ থিয়েটাৰৰ মঞ্চত পুনৰ টাইটানিক ।

kohinoor theatre celebrates golden jubilee year famous play titanic to be staged
কহিনুৰৰ মঞ্চত ৰ’জ-জেক (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : August 28, 2025 at 7:17 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: আৰম্ভ হ'ল ভ্ৰাম্যমাণৰ নতুন নাট্যবৰ্ষ । চমকপ্ৰদ প্ৰদৰ্শনেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্যে ভ্ৰাম্যমাণ গোষ্ঠীবোৰে আৰম্ভ কৰিছে নিজৰ নিজৰ যাত্ৰা । ২০২৫-২৬ নাট্যবৰ্ষ আৰম্ভ হোৱাৰ পিছতেই এইবাৰ আলোড়নৰ সৃষ্টি কৰিছে কহিনুৰ থিয়েটাৰে । কহিনুৰৰ মঞ্চত পানীৰ মাজত চলিছে টাইটানিক ৷ সমান্তৰালভাৱে জেক আৰু ৰ’জৰ প্ৰেম কাহিনীয়ে পুনৰ এবাৰ আকৰ্ষণ কৰিছে দৰ্শকক ।

কহিনুৰৰ ৫০ বছৰীয়া যাত্ৰা উপলক্ষে এইবাৰৰ নাট্যবৰ্ষৰ মূল আকৰ্ষণ হৈছে "টাইটানিক"। উল্লেখ্য যে, ১৯৯৮-১৯৯৯ ত কহিনুৰৰ মঞ্চত পোনপ্ৰথমবাৰৰ বাবে মঞ্চস্থ হৈছিল সদ্যপ্ৰয়াত নাট্যকাৰ-পৰিচালক হেমন্ত দত্তই নাট্যৰূপ দিয়া নাট "টাইটানিক"ৰ । সেই সময়ত কাৰিকৰী দিশৰ দায়িত্বত আছিল গুৰুজী আদ্য শৰ্মা । নিকুমণি বৰা, কুন্তল গোস্বামীয়ে জেক আৰু ৰ’জৰ চৰিত্ৰটো কৰিছিল । আনহাতে কেপ্টেইনজনৰ চৰিত্ৰত অভিনয় কৰিছিল হেমন্ত দত্তই ।

Kohinoor Theatre
কহিনুৰ থিয়েটাৰৰ এইবাৰৰ আকৰ্ষণ (Photo : ETV Bharat Assam)

গুৰুজী আদ্য শৰ্মা, ৰতন লহকৰ, হেমন্ত দত্ত আৰু তাত থকা সমূহ কলা-কুশলীৰ প্ৰচেষ্টাত এই নাটকখন মঞ্চস্থ কৰা হৈছিল । প্ৰথম বৰ্ষতেই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰাৰ পাছত দ্বিতীয়বাৰ ১৯৯৯-২০০০ ত এই নাটকখন মঞ্চস্থ কৰা হৈছিল ।

এইবছৰ কহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষ । এই শুভক্ষণতেই প্ৰণৱ বৰুৱাৰ নাট্যৰূপ আৰু তপন লহকৰৰ পৰিচালনাৰে উভতি আহিছে "টাইটানিক" ৷ ১৭ আগষ্টৰ পৰা আৰম্ভ হোৱা কহিনুৰৰ নাট্যযাত্ৰা সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মাৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত প্ৰযোজক তপন লহকৰে জনাই কিছু কথা ।

Kohinoor Theatre
কহিনুৰ থিয়েটাৰৰ এইবাৰৰ আকৰ্ষণ (Photo : ETV Bharat Assam)

কেনে ধৰণৰ সঁহাৰি লাভ কৰিছে দৰ্শকৰ পৰা ?

এই সন্দৰ্ভত প্ৰযোজক তথা পৰিচালক তপন লহকৰে কয়, “টাইটানিক নাটকখনে দৰ্শকৰ পৰা যথেষ্ট পৰিমাণে ভাল সঁহাৰি লাভ কৰিছে । ৫০ বছৰীয়া যাত্ৰা উপলক্ষে ‘টাইটানিক’ৰ লগতে আৰু দুখন নাটক মৃদুল চুতীয়াৰ ‘প্রভু’ আৰু নাট্যকাৰ-পৰিচালক-অভিনেতা চম্পক শৰ্মাৰ 'বকুলৰ বিয়া উৰুলি দিয়া' আছে । এই তিনিখন নাটক লৈয়ে আমি এইবাৰ দৰ্শকৰ মাজলৈ ওলাই আহিছো আৰু দৰ্শকেও আমাক যথেষ্ট ভাল সঁহাৰি দিছে । আনহাতে ‘টাইটানিক’ৰ প্ৰতি দর্শকৰ কৌতুহল যথেষ্ট আছিল, কাৰণ আমাৰ মঞ্চত ইতিমধ্যে দুবাৰকৈ আলোড়নৰ সৃষ্টি কৰিছে এইখন নাটকে । সেই একেই উৎকণ্ঠা আমি দৰ্শকৰ মাজত এইবাৰো পাইছোঁ । ‘টাইটানিক’ৰ প্ৰতি দৰ্শকৰ যি উৎকণ্ঠা সেয়া আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ ।”

Kohinoor Theatre
কহিনুৰ থিয়েটাৰৰ এইবাৰৰ আকৰ্ষণ (Photo : ETV Bharat Assam)

কাৰিকৰী দিশৰ ওপৰত কেনেদৰে গুৰুত্ব দিছে ?

এই সন্দৰ্ভত লহকৰে কয়, “ভ্ৰাম্যমাণৰ মঞ্চ বুলি ক’লে কাঠৰ ওপৰৰ প্লেটফৰ্মতে আমাৰ নাটকবোৰ আগবাঢ়ি যায় । আনহাতে টাইটানিকখন হৈছে সম্পূৰ্ণ পানীৰ ওপৰত । এই নাটকখনত আমি এটোপালো প্ৰকৃত পানী নোহোৱাকৈ গোটেই পৰিৱেশটো সৃষ্টি কৰিছোঁ । এইক্ষেত্ৰত আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়াও হৈছে । আনহাতে কেমেৰাৰ দ্বাৰা চিত্ৰায়ন কৰা আৰু মঞ্চত মঞ্চস্থ কৰি এখন নাটক আগবঢ়াই নিয়াটো এটা ডাঙৰ প্ৰত্যাহ্বান । এনেধৰণৰ দুঃসাহসিক প্ৰচেষ্টা কহিনুৰৰ মঞ্চত আগৰ পৰাই হৈ আছে । সেইবাবে ময়ো চেষ্টা কৰিছোঁ ।”

Kohinoor Theatre
কহিনুৰ থিয়েটাৰৰ এইবাৰৰ আকৰ্ষণ (Photo : ETV Bharat Assam)

প্ৰথমবাৰৰ তুলনাত কি পৃথক পাব দর্শকে ?

“আগতে কৰা টাইটানিক নাটকখনৰ লগত গোটেইখিনি বস্তুৰ মিল নাথাকিলেও কিছু মিল আছে । কাৰণ নাটকখন যিহেতু টাইটানিক ছবিখনৰ পৰাই লোৱা হৈছে । দৰ্শকৰ দৃষ্টিত সেই কাহিনীটো বাস্তৱিক ৰূপ দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ ।” লহকৰে কয় ৷

উল্লেখ্য যে, এইবাৰৰ কহিনুৰৰ মঞ্চত আছে অভিনেতা মৃদুল চুতীয়া, ধ্ৰুৱ দাস, সুদর্শন নায়ক সিদ্ধান্ত কলিতা, শ্ৰীমন্ত মাধৱ দত্ত, ৰাজ ভৈৰৱ, জয়ন্ত জীৱন বৰুৱা, ৰাজদ্বীপ মহন্ত, সুমন ভৰদ্বাজ, জয়ন্ত শর্মা, জ্যেষ্ঠ অভিনেত্রী গিৰিজা মহন্ত, মোহময়ী অভিনেত্রী অংকিতা শইকীয়া, ভায়োলিনা বৰুৱা আৰু জ্যোতিশ্রী আৰ ইউ বৈশ্য ।

লগতে পঢ়ক : ভ্ৰাম্যমাণৰ আদিপাঠ কোন থিয়েটাৰৰ পৰা আৰম্ভ হৈছিল যতীন বৰাৰ ?