ETV Bharat / entertainment

ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচিত নাটক "খোলাং বুঢ়ী" মঞ্চস্থ

গুৱাহাটীৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচিত নাটক "খোলাং বুঢ়ী" প্ৰদৰ্শন । দেওবাৰে প্ৰদৰ্শন কৰা হয় নাটখন ।

Kholang Burhi play based on the Thengal Kachari folk culture performed at Srimanta Sankaradeva Kalakshetra
ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচিত নাটক "খোলাং বুঢ়ী" প্ৰদৰ্শন (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 30, 2025 at 2:07 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: সাংস্কৃতিক অনুষ্ঠান মেজাংকৰি মেঘমল্লাৰ প্ৰথম নাট্য নিবেদনত ঠেঙাল কছাৰী লোকসংস্কৃতিৰ আধাৰত ৰচিত নাটক "খোলাং বুঢ়ী" প্ৰদৰ্শন । দেওবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত প্ৰদৰ্শন কৰা হয় এই নাটখন ।

সাংস্কৃতিক সঞ্চালকালয়, অসম আৰু ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত আয়োজিত এই নাটখনৰ শুভ উদ্বোধন কৰে খ্যাতনামা অভিনেত্ৰী মলয়া গোস্বামীয়ে । লগতে উপস্থিত থাকে অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰ, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীৰ লগতে বহু বিশিষ্ট ব্যক্তি ।

নাটক "খোলাং বুঢ়ী" প্ৰদৰ্শন (ETV Bharat Assam)

"খোলাং বুঢ়ী" শীৰ্ষক নাটখনিৰ ৰচনা বিনয় শইকীয়াৰ ।পৰিকল্পনা আৰু পৰিচালনা সীমান্ত ফুকনৰ । সামগ্রিক পৰিকল্পনা আৰু ব্যৱস্থাপনা মানসী দত্তৰ ।

Kholang Burhi play based on the Thengal Kachari folk culture performed at Srimanta Sankaradeva Kalakshetra
ঠেঙাল কছাৰী লোকসংস্কৃতিৰ আধাৰত নাটক (Photo : ETV Bharat Assam)

নাটখনত অভিনয় কৰিছে পাকিজা বেগম, আলেক্ষ্য বৰুৱা, মালা গোস্বামী, পৰাগ বৰুৱা, সুদীপ্ত শৰ্মা ভৰালী, ৰাজু বৰা, প্রয়াস ফুকন, জিতেন চুতীয়া, অভিজিৎ চুতীয়া, ইজাজ আহমেদ, পূৰবী বুঢ়াগোঁহাই, ঋতুমণি চেতিয়া, অনন্যা শইকীয়া, স্নিগ্ধা ৰাণী বৰা, আশ্ৰমিকাৰ লগতে কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

Kholang Burhi play based on the Thengal Kachari folk culture performed at Srimanta Sankaradeva Kalakshetra
শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত নাট প্ৰদৰ্শন (Photo : ETV Bharat Assam)

নাটখনৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালক সীমান্ত ফুকনে কয়, “খোলাং বুঢ়ী হ'ল ঠেঙাল কছাৰীসকলৰ এটি লোকনাট্য । খোলাং বুঢ়ী এটা চৰিত্ৰ নহয়, এটা অনুষ্ঠান । ঠেঙাল কছাৰীসকলৰ বিয়াত জোৰোণৰ দিনা এনেদৰে খোলাং বুঢ়ী আহি নাচে ।

Kholang Burhi play based on the Thengal Kachari folk culture performed at Srimanta Sankaradeva Kalakshetra
"খোলাং বুঢ়ী" ত অভিনয় কৰা শিল্পীসকল (Photo : ETV Bharat Assam)

গতিকে সেই খোলাং বুঢ়ীৰ চৰিত্ৰটোকে লৈ আৰু ঠেঙাল কছাৰীৰ লোকসংস্কৃতিক আধাৰ হিচাপে লৈ বিনয় শইকীয়াই নাটকখন ৰচনা কৰিছে । বুৰঞ্জীৰ কিছু চৰিত্ৰ আছে যদিও এইখন এখন ঐতিহাসিক নাটক নহয় ।” নাটখনৰ কলা নির্দেশনা নুৰুদ্দিন আহমেদৰ, সংগীত কৰিছে অহিৰ ভৈৰৱে ।

লগতে পঢ়ক : ৭০-৮০ দশকৰ নক্সাল আন্দোলনক সামৰি নতুন অসমীয়া চিনেমা ‘ক’লাজ’