ETV Bharat / entertainment

‘কেশৰী চেপ্টাৰ ২’ ৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ ভয়াবহ দৃশ্যই আত্মা কঁপাই তুলিব আপোনাৰো

মুক্তি পালে ‘কেশৰী চেপ্টাৰ-২’ ৰ অফিচিয়েল ট্ৰেইলাৰ । এই ৩ মিনিট ২ ছেকেণ্ডৰ ট্ৰেইলাৰটো যথেষ্ট হৃদয় বিদাৰক ।

KESARI CHAPTER 2 TRAILER OUT
‘কেশৰী চেপ্টাৰ ২’ ৰ ট্ৰেইলাৰ মুকলি (Photo : Film Poster)
author img

By ETV Bharat Entertainment Team

Published : April 3, 2025 at 4:35 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আজি ৩ এপ্ৰিলত মুক্তি লাভ কৰে বহু প্ৰত্যাশিত ‘কেশৰী চেপ্টাৰ ২: দ্য আনট'ল্ড ষ্ট'ৰী অফ জালিয়ানৱালাবাগৰ ট্ৰেইলাৰ ৷ এই ট্ৰেইলাৰৰ পৰা ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ আইনী যুদ্ধৰ কাহিনীৰ আভাস পোৱা গৈছে । সঁচা ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ এই ছবিখনত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ পাছৰ পৰিণতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অধিবক্তা চি শংকৰণ নায়াৰৰ নেতৃত্বত ন্যায়ৰ বাবে হোৱা যুঁজখন চিত্ৰিত কৰা হৈছে ।

বৃহস্পতিবাৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত কেশৰী চেপ্টাৰ ২ ৰ শক্তিশালী ট্ৰেইলাৰ আপলোড কৰি কেপশ্যনত লিখিছে, “এজন মানুহ, তেওঁৰ সাহস, তেওঁৰ কথা - যিয়ে সমগ্ৰ সাম্ৰাজ্যখনক জোকাৰি গ’ল ৷ উদ্ঘাটন কৰক এতিয়ালৈকে কোৱা আটাইতকৈ আচৰিত মিছা কথাটো, উদ্ঘাটন কৰক আমাৰ ইতিহাসৰ আটাইতকৈ ক’লা অধ্যায়টো, উদ্ঘাটন কৰক জালিয়ানৱালাবাগ ট্ৰেজেডীৰ আঁৰৰ সত্য কেশৰী চেপ্টাৰ ২ - ট্ৰেইলাৰ আউট । ছবিগৃহত, ১৮ এপ্ৰিল ।”

কেশৰী চেপ্টাৰ ২: দ্য আনট’ল্ড ষ্ট’ৰী অফ জালিয়ানৱালাবাগৰ ট্ৰেইলাৰ

ট্ৰেইলাৰত অনন্যা পাণ্ডেক দিলৰিত গীল নামৰ এগৰাকী মহিলা অধিবক্তাৰ চৰিত্ৰত পৰিচয় কৰাই দিয়া হৈছে যিয়ে সত্যৰ সন্ধানত নায়াৰক সংগ দিয়ে, আনহাতে আৰ মাধৱনে নেভিল মেককিনলিৰ চৰিত্ৰত অভিনয় কৰিছে । তেওঁক ‘প্ৰশিক্ষিত অধিবক্তা’ বুলি বৰ্ণনা কৰা হৈছে । ব্ৰিটিছৰ পক্ষ লোৱা অধিবক্তা আৰ মাধৱনৰ বিৰুদ্ধে থিয় দিছে অক্ষয় কুমাৰে ।

পুৰুষ অধিবক্তাৰ মাজত ভাৰতীয়ৰ পক্ষত থিয় দি কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ কৰা এগৰাকী মহিলা অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে অনন্যাই । অন্যায়ৰ বিৰুদ্ধে মাত মাতি অত্যাচাৰী ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে যুঁজ দিয়া ভাৰতীয়সকলৰ সংগ্ৰামৰ কথা ট্ৰেইলাৰত উত্থাপন কৰা হৈছে ।

'কেশৰী চেপ্টাৰ ২: দ্য আনট’ল্ড ষ্ট'ৰী অফ জালিয়ানৱালা বাগ'ৰ বিষয়ে

পূৰ্বে ২০২৫ চনৰ ১৪ মাৰ্চত মুক্তি পোৱাৰ কথা আছিল কেশৰী চেপ্টাৰ ২ । কিন্তু এতিয়া ১৮ এপ্ৰিলত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে । কৰণ সিং ত্যাগীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন পুষ্প পালত আৰু ৰঘু পালতৰ দ্য কেছ দ্যাট শ্বুক দ্য এম্পায়াৰ নামৰ কিতাপখনৰ ওপৰত আধাৰিত । ছবিখনত অক্ষয় কুমাৰ, আৰ মাধৱন আৰু অনন্যা পাণ্ডেক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে ।

লগতে পঢ়ক : কেশৰী চেপ্টাৰ 2 টিজাৰ: অক্ষয় কুমাৰে জালিয়ানৱালা বাগৰ ভয়াৱহতা জীৱন্ত কৰি তুলিছে