ETV Bharat / entertainment

অনলাইন প্লেটফৰ্মত উপলব্ধ হ’ব লোকেল কুংফু ৩

৫০ টা দিন ধৰি ছবিগৃহত প্ৰদৰ্শন হোৱাৰ পাছত এতিয়া অনলাইনত উপলব্ধ হ’ব অসমীয়া ছবি ‘‘লোকেল কুংফু ৩’’ ।

Kenny Basumatary Local kung fu 3
লোকেল কুংফু ৩ উপলব্ধ হ’ব অনলাইনত (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : December 2, 2024 at 11:35 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : চলিত বৰ্ষৰ ৫ ছেপ্টেম্বৰত মুক্তি লাভ কৰা অসমীয়া ছবি ‘‘লোকেল কুংফু ৩’’ উপলব্ধ হ’ব অনলাইনত । Moviesaints.com ত উপলব্ধ হ’ব ছবিখন । ৰাজ্যৰ সৰহসংখ্যক ছবিগৃহৰ লগতে নাহৰলগুন, ইটানগৰ, শ্বিলং, ডিমাপুৰতো ছবিখন মুক্তি দিয়া হৈছিল ৷ ৰাজ্যৰ বাহিৰত বেংগালুৰু আৰু নয়দাত ছবিখনে মুক্তি লাভ কৰিছিল ৷ প্ৰায় ৫০ টা কৈ ছবিগৃহত মুক্তি লাভ কৰা ছবি লোকেল কুংফুৰ কথা আচলতে অসমৰ দৰ্শকক নতুনকৈ চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই ।

লোকেল কুংফু ১ আৰু লোকেল কুংফু ২ ৰ ধাৰাবাহিক সফলতাৰ পাছত লোকেল কুংফু ৩ কো দৰ্শকে সমানে মৰম কৰা পৰিলক্ষিত হয় । দৰ্শকৰ এই অভূতপূৰ্ব মৰমৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া নিৰ্মাতাগোষ্ঠীয়ে হাতত লৈছে আন এক প্ৰচেষ্টা ৷ ছবিখন সহজভাৱে যাতে দৰ্শকে উপভোগ কৰিব পাৰে তাৰেই প্ৰয়াস কৰিছে নিৰ্মাতাই ।

অহা ৭ ডিচেম্বৰ পৰা দৰ্শকে ঘৰতে বহি Moviesaints.com ত ‘‘লোকেল কুংফু ৩’’ উপভোগ কৰিব পাৰিব । এই কথা জানিবলৈ দিছে ছবিখনৰ পৰিচালক কেনী বসুমতাৰীয়ে ।

Kenny Basumatary Local kung fu 3
‘লোকেল কুংফু ৩’ উপলব্ধ হ’ব অনলাইনত (ETV Bharat Assam)

‘‘লোকেল কুংফু ১’’ আৰু ‘‘লোকেল কুংফু ২’’ৰ ধাৰাবাহিক সফলতাৰ পাছত ‘‘লোকেল কুংফু ৩’’তো দৰ্শকে উপভোগ কৰিব পাৰিছে কমেডীৰ লগতে দুৰ্দান্ত একশ্যন । ‘‘লোকেল কুংফু ৩’’ ছবিখনত শিক্ষক আৰু শিক্ষার্থীৰ মাজৰ সম্পর্ককেই আটাইতকৈ গুৰুত্বপূর্ণ বিষয় হিচাপে উপস্থাপন কৰা হৈছে । ছবিখনত শিক্ষাগুৰুৰ প্রতি ছাত্র-ছাত্ৰীৰ যি কৰ্তব্য সেয়া সুন্দৰভাৱে দেখুওৱা হৈছে ।

লোকেল কুংফু ১ ৰ জনপ্ৰিয় চৰিত্ৰসমূহ পুনৰ লোকেল কুংফু ৩ ৰ জৰিয়তে দৰ্শকৰ মাজলৈ উভতি আহিছে ৷ লগতে পুৰণি চৰিত্ৰসমূহৰ উপৰিও ‘‘লোকেল কুংফু ৩’’ত এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু আৰু তানসেনৰ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখটাৰ আৰু ৰুবুল বড়োৰ অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

‘‘লোকেল কুংফু ২’’ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত এইবাৰ ‘‘লোকেল কুংফু ৩’’ত এগৰাকী আদৰ্শ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা বিভূতি ভূষণ হাজৰিকাই । শিক্ষাৰ্থীৰ চৰিত্ৰত অভিনয় কৰিছে আদ্ৰিতা পৰশা মহন্ত আৰু নৱাগতা ফাৰেণ্যা কাশ্যপ আদিকে ধৰি কেবাগৰাকীও শিশু শিল্পীয়ে ।

নতুন অসমীয়া ছবিখনে এসপ্তাহত মুঠ উপাৰ্জন কৰিছিল 1.21 কোটি টকা । আনহাতে ছবিখনৰ মুক্তিৰ চাৰিদিনৰ মুঠ উপাৰ্জন আছিল 60.86 লাখ টকা ।

লগতে পঢ়ক : কেনী বসুমতাৰী নাৰিকলৰ দৰে, শ্বুটিংস্থলীত থাকে বন্ধুত্বপূৰ্ণ পৰিৱেশ - Kenny Basumatary Local kung fu 3