নগাঁও: তিনিদিনে গীত-পয়াৰ-খোল-তালৰ শব্দত মুখৰিত হৈ থকা নগাঁৱৰ কলঙৰ বাকৰি নিজম পৰিল । সামৰণি পৰিল নগাঁও ভাওনা সমাৰোহৰ । গীত-পয়াৰ-খোল-তালৰ শব্দত মুখৰিত হৈ পৰা কলঙৰ বাকৰি নেহৰুবালিত দেখা গ'ল সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ ।
বিগত তিনিদিনে এনে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে শুক্ৰবাৰে নিশা সামৰণি পৰে নগাঁও ভাওনা সমাৰোহ ২০২৫ ৰ ।
নগাঁও ভাওনা সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত ১৮ মাৰ্চৰ পৰা কলঙৰ বাকৰি নেহৰুবালিৰ ভক্তিস্থলত অনুষ্ঠিত ত্ৰয়োদশ বাৰ্ষিক নগাঁও ভাওনা সমাৰোহৰ শুক্ৰবাৰে সামৰণিৰ নিশা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি 'কেলিগোপাল' নাট অৰ্থাৎ ৰাস ভাওনা প্ৰদৰ্শন কৰা হয় । নিজ ডিমৌ কৃষ্টি বিকাশ কেন্দ্ৰ, চাপৰমুখ ৰামধেনু নাট্যদল, হুজৰ পাৰিজাত শিশু শিল্পী সমাজ, জামগুৰি মহিলা নাট্য দল, আইলক্ষী-পহুকটা শিল্পী সমাজ, কহুৱাতলি বৰ নামঘৰ, মহেখোচাৰ সৃষ্টি -কৃষ্টি সাংস্কৃতিক গোষ্ঠী আৰু কাছমাৰী- শিমলুগুৰি আঞ্চলিক দলে প্ৰদৰ্শন কৰে কেলিগোপাল নাট ।
এই আঠটা দলৰ শ্ৰীকৃষ্ণ, গোপী, শংখচূড়ৰ লয়লাস নৃত্যত মুখৰিত হৈ পৰে কলঙৰ বাকৰি নেহৰুবালি । ভাওনা সমাৰোহ ২০২৫ ৰ দ্বিতীয় দিনা পুৱা নাম-প্ৰসঙ্গৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয় । সন্ধিয়া খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্র-ছাত্ৰীসকলে ভোৰতাল নৃত্য প্ৰদৰ্শন কৰাৰ পিছত নখন খোলাত নখন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয় । প্ৰতিখন খোলাৰ গায়ন-বায়নৰ খোল-তাল আৰু দবাৰ শব্দত ৰজনজনাই উঠে ভাওনাস্থলী । সুত্ৰধাৰৰ মনোমোহা নৃত্য-গীতে সকলোকে সন্মোহিত কৰে ।

নখন খোলাত অংকীয়া ভাওনা প্ৰদৰ্শন :
ৰামায়ণ-মহাভাৰতৰ আধাৰত ৰচিত অংকীয়া ভাওনা উপভোগ কৰিবলৈ নগাঁও জিলাৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয় । নখন খোলাত ক্ৰমে নিজ ডিমৌ কৃষ্টি বিকাশ কেন্দ্ৰৰ 'পাৰিজাত হৰণ',চাপৰমুখ ৰামধেনু নাট্যদলৰ 'ত্ৰিলোচন বিজয়', লাওখোৱাপথ সাৰ্বজনীন নামঘৰ মহিলা কমিটীৰ 'ৰাম-বিজয়',বৰপাঠৰী জলাহ উজৰা শংকৰী কৃষ্টি সমাজৰ 'কৰ্ণপৰ্ব',জামগুৰি আঞ্চলিক শিশু সাংস্কৃতিক দলৰ 'ৰাম-বিজয় ',ৰহা শংকৰী কলা কৃষ্টি সমন্বয় গোষ্ঠীৰ 'ৰাম-বিজয়',কহুৱাতলি হুজ নাট্য দলৰ 'ৰাম বিজয়', ব্ৰহ্মচাৰী সত্ৰৰ 'ৰাম হনুৰ যুদ্ধ',কাছমাৰী শিমলুগুৰি আঞ্চলিক দলৰ 'সীতা হৰণ ' বালি বধ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয় ।
ভাওনা সমাৰোহ উদযাপন সমিতিৰ সভাপতি ডাঃ দুৰ্লভ চমুৱাই এই সন্দৰ্ভত কয়," গুৰুজনাৰ আদৰ্শৰ পৰা গুৰুজনাৰ খাদ্য সম্ভাৰলৈকে সৰ্বগুণাকৰ আৰু নিৰাময় নামৰ গ্ৰন্থ বিচাৰিও বিভিন্নজনে ভিৰ কৰে । "