শেষত জল্পনা-কল্পনাই সঁচা হ’লগৈ, যুটীয়া পোষ্ট কেটৰিণা-বিকীৰ
কেটৰিণা কাইফ আৰু বিকী কৌশলে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰথম গৰ্ভধাৰণৰ কথা নিশ্চিত কৰি কেইবামাহো ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পেলায় ।

By ETV Bharat Entertainment Team
Published : September 24, 2025 at 12:05 PM IST
হায়দৰাবাদ : মাহৰ পিছত মাহ ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বলীউডৰ জনপ্ৰিয় দম্পতী কেটৰিণা কাইফ আৰু বিকী কৌশলে প্ৰথম সন্তানৰ আশা কৰা বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ।
বছৰ বছৰ ধৰি ডেট কৰাৰ পিছত ২০২১ চনৰ ডিচেম্বৰ মাহত এক বৃহৎ অথচ অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হোৱা দম্পতীটোৱে ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে । তেওঁলোকৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁলোকে কেপশ্যনত লিখিছে, "আমাৰ জীৱনৰ শ্ৰেষ্ঠ অধ্যায়টো আনন্দ আৰু কৃতজ্ঞতাৰেপূৰ্ণ হৃদয়েৰে আৰম্ভ কৰাৰ পথত ।"
এই খবৰে ছ’চিয়েল মিডিয়াত অনুৰাগী আৰু সহযোগী চেলেব্ৰিটীসকলৰ মাজত সুখৰ ঢৌ আনে । অনন্যা পাণ্ডে, বৰুণ ধৱন, জাহ্নৱী কাপুৰ, শৰ্ৱৰী ৱাগ, ৰকুল প্ৰীত সিং, বাণী কাপুৰ, কৰীণা কাপুৰকে ধৰি বহুতে দম্পতীটোক মৰম আৰু অভিনন্দন জ্ঞাপন কৰে ।
ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ 6 ছেনছেছ ফ’ৰ্ট হোটেলত 2021 চনৰ 9 ডিচেম্বৰত পৰম্পৰাগত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হয় কেটৰিণা কাইফ আৰু বিকী কৌশল । এই বিবাহত প্ৰায় ১২০ জন অতিথিয়ে অংশগ্ৰহণ কৰে ৷ বিয়াৰ কিছু সময়ৰ পাছতে তেওঁলোকৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ পিছত দুয়োৱে ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰে ।
কেটৰিণাৰ গৰ্ভাৱস্থাৰ বিষয়ে উৰাবাতৰি কেইবামাহো ধৰি চলি আছিল যদিও এতিয়ালৈকে দম্পতীটোৱে মৌনতা অৱলম্বন কৰি আছিল । খবৰ অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে কেটৰিণাই সন্তান জন্ম দিয়াৰ সম্ভাৱনা আছে । এয়া দুয়োৰে প্ৰথম সন্তান, যিয়ে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব ।
উদ্যোগটোৰ আটাইতকৈ প্ৰশংসিত দম্পতীৰ ভিতৰত অন্যতম কেটৰিণা কাইফ আৰু বিকী কৌশল ৷ গৰ্ভধাৰণৰ কথা ঘোষণা কৰাৰ পিছত তেওঁলোকলৈ অনুৰাগীৰ মৰম উপচি পৰিছে ৷ বিয়াৰ পিছৰে পৰা বহু চৰ্চিত এই দম্পতীটোক অনুসৰণ কৰি অহা অনুৰাগীসকলক এই খবৰে আৰু অধিক উত্তেজিত কৰি তুলিছে ।
লগতে পঢ়ক : সি আৰ্টিষ্টক শুহি শুহি খায়, পইচা নিদিয়ে... কিয় কৈছিল, কাৰ কথা কৈছিল জুবিন গাৰ্গে ?

