ETV Bharat / entertainment

সঞ্জয় কাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া, সন্তানৰ সৈতে দিল্লী অভিমুখে কৰিশ্মা কাপুৰ

আজি দিল্লীত সঞ্জয় কাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব । লণ্ডনত প’ল’ খেলৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় উদ্যোগপতিগৰাকীৰ ।

Sunjay Kapur's funeral will be held today in Delhi
কৰিশ্মা কাপুৰ-প্ৰয়াত সঞ্জয় কাপুৰ (Photo: IANS/ ANI)
author img

By ETV Bharat Entertainment Team

Published : June 19, 2025 at 1:11 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বিগত সপ্তাহত কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা উদ্যোগপতি সঞ্জয় কাপুৰৰ শেষকৃত্য আজি সন্ধিয়া ৫ বজাত নতুন দিল্লীৰ লোধি পথ শ্মশান গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব । ৫৩ বছৰীয়া কাপুৰ ১২ জুনত লণ্ডনত প’ল’ খেলি থকাৰ সময়ত হাৰ্ট এটেকত আক্ৰান্ত হৈছিল ।

বহু বাতৰিত অকস্মাতে মুখত মৌ-মাখি সোমাই যোৱাৰ ফলত এলাৰ্জী হৈ তেওঁৰ হাৰ্ট এটেক আহে বুলি প্ৰকাশ পাইছে যদিও মৃত্যুৰ কাৰণৰ আনুষ্ঠানিক নিশ্চিতকৰণ এতিয়াও বাকী আছে ।

সঞ্জয় কাপুৰ আছিল এগৰাকী সুপৰিচিত অটোমোবাইল উদ্যোগী আৰু সোণা কমষ্টাৰৰ অধ্যক্ষ । ব্যৱসায়িক আৰু সামাজিক দুয়োটা দিশতে তেওঁ আছিল ৰাজকুমাৰ উইলিয়ামৰ বন্ধু । তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১.২ বিলিয়ন ডলাৰ (১০,৩০০ কোটি টকা) বুলি জানিব পৰা গৈছে । তেওঁৰ আমেৰিকাৰ নাগৰিকত্বৰ সৈতে জড়িত আইনী কথা আৰু মৰণোত্তৰ আনুষ্ঠানিকতাৰ বাবে অন্ত্যেষ্টিক্ৰিয়াত পলম হয় । ব্ৰিটেইনত কাগজ-পত্ৰত সকলো কাম সম্পূৰ্ণ কৰি তেওঁৰ মৃতদেহ ভাৰতলৈ ঘূৰাই পঠিওৱা হয় ।

পৰিয়ালে শ্বেয়াৰ কৰা অন্ত্যেষ্টিক্ৰিয়াৰ জাননীখনত তেওঁৰ মাতৃ ৰাণী সুৰিন্দৰ কাপুৰ, পত্নী প্ৰিয়া সচদেৱ কাপুৰ, তেওঁলোকৰ পুত্ৰ আজাৰিয়াছ আৰু ছাফিৰাৰ লগতে বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ সৈতে (দ্বিতীয় বিবাহৰ) সন্তান সমইৰা আৰু কিয়ানৰ নাম সন্নিবিষ্ট কৰা হৈছে । উল্লেখ্য যে, স্বাক্ষৰিত শোক পত্ৰখনত সমইৰা আৰু কিয়ানৰ নাম অন্তৰ্ভুক্ত কৰাটোৱে এই শোকৰ সময়ছোৱাত কৰিশ্মাৰ পৰিয়ালৰটোৰ সমৰ্থন প্ৰকাশ কৰিছে ।

২২ জুনত সন্ধিয়া ৪ বজাৰ পৰা বিয়লি ৫ বজালৈ দিল্লীৰ তাজ পেলেচ হোটেলত সঞ্জয়ৰ স্মৃতিত এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হ'ব । এই সমাৱেশত ঘনিষ্ঠ বন্ধু-বান্ধৱী, ব্যৱসায়িক সহযোগী আৰু কাপুৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে । কাপুৰ তিনিবাৰকৈ বিবাহপাশত আবদ্ধ হয়, প্ৰথমে ফেশ্বন ডিজাইনাৰ নন্দিতা মাহতানীৰ সৈতে, তাৰ পিছত কৰিশ্মা কাপুৰৰ সৈতে (২০০৩–২০১৬) আৰু শেষত ২০১৭ চনত প্ৰিয়া সচদেৱৰ সৈতে । মৃত্যুৰ সময়ত তেওঁ এৰি থৈ যায় তিনিটা সন্তান ।

সঞ্জয় কাপুৰে নিজৰ কোম্পানীটোক এটা সৰু কাষ্টম পাৰ্টছ নিৰ্মাতা কোম্পানীৰ পৰা সমগ্ৰ বিশ্ব যেনে চীন, মেক্সিকো, ছাৰ্বিয়া আৰু আমেৰিকালৈ বিয়পি পৰা এটা বহুজাতিক সংস্থালৈ পৰিণত কৰাৰ বাবে স্বীকৃতি লাভ কৰিছিল । তেওঁৰ আকস্মিক মৃত্যুৱে ব্যৱসায়িক সমাজ আৰু পৰিয়ালত শূন্যতাৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : ভাৰত আহি পোৱাহি নাই সঞ্জয় কাপুৰৰ মৃতদেহ, সৎকাৰত উপস্থিত থাকিবনে কৰিশ্মা ?