ETV Bharat / entertainment

মৌ মাখিয়েই প্ৰাণ কাঢ়ি নিলে কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ ! - KARISMA KAPOOR EX HUSBAND

কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ ৫৩ বছৰ বয়সত মৃত্যু ৷ ৯ বছৰ আগতে দুয়োৰে বিবাহ বিচ্ছেদ কিয় হৈছিল জানেনে ?

SUNJAY KAPUR PASSES AWAY
কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যু (Photo : ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : June 13, 2025 at 10:52 AM IST

3 Min Read

হায়দৰাবাদ: বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী তথা ব্যৱসায়ী সঞ্জয় কাপুৰৰ হাৰ্ট এটেকত মৃত্যু ঘটিছে । ইংলেণ্ডত প’ল’ খেলি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হয় তেওঁ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি, খেলি থকাৰ সময়তে তেওঁৰ মুখত মৌ মাখি এটা সোমাই যায় আৰু ইয়ে তেওঁৰ দেহত এলাৰ্জীৰ সৃষ্টি কৰে আৰু সেই সময়তে তেওঁৰ হৃদক্ৰিয়া বন্ধ হৈ পৰে । ইয়াৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক ৰক্ষা কৰিব পৰা নগ’ল ।

অভিনেতা তথা সাহিত্যিক সুহেল সেঠে নিশ্চিত কৰে তেওঁৰ মৃত্যু । তেওঁ সামাজিক মাধ্যমত লিখিছে, “সঞ্জয় কাপুৰৰ মৃত্যুত গভীৰভাৱে দুখী । দিনটোৰ আৰম্ভণিতে তেওঁৰ ইংলেণ্ডত মৃত্যু হয়, তেওঁৰ পৰিয়াল আৰু কৰ্মচাৰীসকলৰ প্ৰতি মোৰ সমবেদনা । ওম শান্তি ।”

সঞ্জয় কাপুৰ কোন আছিল ?

সঞ্জয় কাপুৰ আছিল বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী । তেওঁ আছিল এগৰাকী অটোমোবাইল উদ্যোগী আৰু সোণা কমষ্টাৰৰ অধ্যক্ষ । কাপুৰ সোণা কমষ্টাৰৰ জৰিয়তে পৰিয়ালৰ অটোমোটিভ ব্যৱসায়ক আধুনিকীকৰণৰ দ্বাৰা বিশ্ব পৰ্যায়লৈ লৈ যোৱাৰ বাবে পৰিচিত । তেওঁৰ মৃত্যুত বলীউডৰ লগতে ব্যৱসায়িক জগততো শোকৰ ছাঁ পৰিছে ।

৯ বছৰ আগতে কিয় বিবাহ বিচ্ছেদ হৈছিল কৰিশ্মা-সঞ্জয়ৰ ?

২০০৩ চনত কৰিশ্মা কাপুৰ আৰু সঞ্জয় কাপুৰৰ বিবাহ হৈছিল ৷ তেওঁলোকৰ দুই সন্তান সমইৰা আৰু কিয়ান কৰিশ্মাৰ সৈতে থাকে । কিন্তু প্ৰায় ১৩ বছৰ একেলগে থকাৰ পিছত ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় ।

কৰিশ্মাই সঞ্জয় কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । কৰিশ্মাই তেওঁৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতন আৰু যৌতুক হাৰাশাস্তিৰ অভিযোগো উত্থাপন কৰিছিল । ইয়াৰ পিছত কৰিশ্মাই সঞ্জয় আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰিছিল । বিবাহ বিচ্ছেদৰ পিছত কৰিশ্মাই সন্তানৰ তত্ত্বাৱধানৰ দায়িত্ব লাভ কৰাৰ বিপৰীতে সঞ্জয়ে তেওঁলোকক লগ কৰাৰ অনুমতি লাভ কৰে । বিবাহ বিচ্ছেদৰ পিছত সঞ্জয়ে প্ৰিয়া সচদেৱৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয় ।

সঞ্জয় কাপুৰৰ শেষৰটো পোষ্ট

মৃত্যুৰ পূৰ্বে সঞ্জয় কাপুৰৰ শেষৰটো পোষ্ট আছিল ১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ বিষয়ে । তেওঁ লিখে, ‘আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাৰ দুখজনক খবৰ পাইছোঁ, মোৰ সমবেদনা আৰু প্ৰাৰ্থনা সকলো ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে, ভগৱানে তেওঁলোকক এই কঠিন সময়ত শক্তি আৰু সাহস দিয়ক ।”

লগতে পঢ়ক : আহমেদাবাদত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, স্তম্ভিত বলীউড তাৰকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.