ETV Bharat / entertainment

মই যি ক’লোঁ, প্ৰেমৰ বাবেই ক’লোঁ: কান্নাড়া-তামিল বিতৰ্কক লৈ ক্ষমা নোখোজে কমল হাছানে

কান্নাড়া-তামিল বিষয়ত কমল হাছানে স্পষ্টকৈ কৈছে যে তেওঁ ক্ষমা নোখোজে । আনহাতে শিৱ ৰাজকুমাৰেও এই সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে ৷

KAMAL HAASAN CONTROVERSY
ক্ষমা নোখোজে কমল হাছানে (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : May 29, 2025 at 5:26 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ: তামিল ছুপাৰষ্টাৰ কমল হাছানৰ কান্নাড়া-তামিল মন্তব্যই জুই বিয়পাইছে । তেওঁৰ এই বক্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত নেটিজেনে তেওঁৰ আগন্তুক ছবি 'থাগ লাইফ'ক লৈ নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰিছে । বহু লোকে আনকি অভিনেতাজনক ক্ষমা খুজিবলৈয়ো কৈছে । বিষয়টো তীব্ৰতৰ হোৱাৰ লগে লগে ২৮ মে’ বুধবাৰে কমল হাছানে নিজৰ ছবিখনৰ প্ৰচাৰ অনুষ্ঠানত তেওঁৰ বক্তব্যৰ বিষয়ে মুকলিকৈ কয় আৰু ক্ষমা নিবিচৰাৰ ইংগিত দিয়ে । একে সময়তে কান্নাড়া তাৰকা শিৱ ৰাজকুমাৰেও এই সন্দৰ্ভত তেওঁৰ মতামত ব্যক্ত কৰিছে ।

৫ জুনত বিশ্বজুৰি মুক্তি পাবলৈ গৈ আছে ‘থাগ লাইফ’। শেহতীয়াকৈ চেন্নাইত উন্মোচন কৰা হৈছে ছবিখনৰ অডিঅ’ । অডিঅ’ উন্মোচনৰ সময়ত কমল হাছানে সকলোকে সম্বোধন কৰি কয় যে কান্নাড়া ভাষাৰ উৎপত্তি তামিলৰ পৰা হৈছে । তেওঁৰ এই বক্তব্যই বুধবাৰে কৰ্ণাটকত এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰে ৷ তাৰ পিছত তেওঁক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ কোৱা হৈছিল । তেওঁৰ আগন্তুক ছবি ‘থাগ লাইফ’ নিষিদ্ধ কৰাৰ দাবীও উত্থাপন হ’বলৈ ধৰে । কিন্তু কমল হাছানে বুধবাৰে সংবাদমেলযোগে ক্ষমা নোখোজাৰ ইংগিত দি কয় যে প্ৰেমে কেতিয়াও ক্ষমা নোখোজে ।

প্ৰেমে কেতিয়াও ক্ষমা নোখোজে: কমল হাছান

কমল হাছানে দাবী কৰিছে যে তেওঁ যিয়েই কয় প্ৰেমৰ বাবে কয় আৰু প্ৰেমে কেতিয়াও ক্ষমা নিবিচাৰে । তিৰুৱনন্তপুৰমত সংবাদ মাধ্যমৰ আগত ভাষণ দি কমল হাছানে কয় যে তেওঁৰ বক্তব্যক লৈ বিতৰ্কৰ সৃষ্টি কৰাসকলে বিষয়টো জটিল কৰি তুলিছে । তেওঁ কয়, "মই যি ক’লোঁ, প্ৰেমৰ বাবেই ক’লোঁ ৷ আৰু বহু ইতিহাসবিদে মোক ইতিহাসৰ ভাষা শিকাইছে আৰু মই তেনেকুৱা একো বুজাব বিচৰা নাছিলো ।"

কমল হাছানে কয়, "আমি এটা পৰিয়াল আৰু ভাষাবোৰো এটা পৰিয়াল । সকলোৰে দুটা দিশ থাকে । যদি আপুনি এফালৰ পৰা চায়, তেন্তে তেওঁলোকৰ মতে তেওঁলোকে কোৱা কথাখিনি সঠিক, কিন্তু আনফালৰ পৰা চালে মই কোৱা কথাখিনি সঠিক । তাৰ পিছত ইয়াৰ তৃতীয় এটা দিশ হ’ল, পণ্ডিত আৰু ভাষা বিশেষজ্ঞ- তেওঁলোকে দুয়োটাকে শুদ্ধ বুলি ক’ব, কিন্তু আপোনালোকে সিদ্ধান্ত ল’ব লাগিব যে দুয়োটা দিশৰ কোনটো দিশত থাকিব বিচাৰে ।" হাছানে কয়, "এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰশীল । এইখন এখন গণতান্ত্ৰিক দেশ । এইটো কোনো উত্তৰ নহয়, মাত্ৰ এটা ব্যাখ্যাহে । প্ৰেমে কেতিয়াও ক্ষমা নোখোজে ।"

শিৱ ৰাজকুমাৰৰ বক্তব্য

এই সন্দৰ্ভত শিৱ ৰাজকুমাৰে বাংগালুৰুৰ এক অনুষ্ঠানত কয়, "মই কমল হাছানক বহুত ভাল পাওঁ । মোৰ দেউতা আৰু কমল হাছানৰ মাজত এক বিশেষ সম্পৰ্ক আছে । তেওঁৰ ছবিবোৰ দেখি মই তেওঁৰ অনুৰাগী হৈ পৰিলোঁ । মই ভাবো কমল হাছান মোৰ বাবে এক প্ৰেৰণা । তেওঁ আমাক তেওঁৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল । মই মাত্ৰ অনুষ্ঠানটোলৈ গৈছিলো ।"

শিৱ ৰাজকুমাৰে কয়, "কান্নাড়া ভাষাক কেৱল শব্দৰ যোগেদি কান্নাড়া বুলি কোৱা উচিত নহয় । কান্নাড়াৰ বাবে যুঁজিম, কান্নাড়াৰ বাবে মৰি যাম । আপুনি কান্নাড়া কয়, কিন্তু আপুনি কেৱল তাৰকা অভিনেতাকহে সমৰ্থন কৰে । নতুনকৈ অহা সকলকো প্ৰমোশ্যন দিব লাগে আৰু এই সকলোবোৰ কমল হাছানে জানে । এই বিষয়টো তেওঁ নিজেই চম্ভালিব । তেওঁ কোৱা কথাবোৰক বিশেষ গুৰুত্ব নিদিব ।"

শেহতীয়াকৈ কেৰালাত ‘থাগ লাইফ’ৰ প্ৰচাৰৰ সময়ত যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই বিষয়ে কমল হাছানক সোধা হৈছিল । ইয়াৰ উত্তৰত তেওঁ কয়, "মই কোনো ভাষাক অপমান কৰা নাই । কোনো ভাষাৰ কথা ক’বলৈ মোৰ যোগ্যতা নাই । মৰমেৰে কোৱা কথা, প্ৰেমে কেতিয়াও ক্ষমা নোখোজে । মোক ভাষাৰ বিষয়ে বুৰঞ্জীবিদে শিকাইছিল । ইয়াত মোৰ কথাবোৰৰ অৰ্থ ভুলকৈ বুজা হৈছিল ।"

কমল হাছানৰ বক্তব্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

কৰ্ণাটকৰ শাসকীয় কংগ্ৰেছে হাছানে কান্নাড়া ভাষাৰ মহত্ত্ব নাজানে বুলি কোৱাৰ বিপৰীতে বিজেপিয়ে অভিনেতাজনক ক্ষমা খুজিবলৈ দাবী জনাই কয় যে তেওঁ কান্নাড়া ভাষাক ‘অপমান’ কৰিছে । অভিনেতাগৰাকীৰ এই বক্তব্যক গৰিহণা দি প্ৰতিবাদকাৰীসকলে তেওঁক ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছে । আনকি তেওঁ ক্ষমা নুখুজিলে তেওঁৰ ছবি ‘থাগ লাইফ’ৰ প্ৰদৰ্শনত বাধাৰ সৃষ্টি কৰিব বুলিও হুংকাৰ দিয়ে ।

কমল হাছানৰ এই মন্তব্যৰ বাবে কান্নাড়া সমৰ্থক গোটসমূহে কমল হাছানৰ বিৰুদ্ধে মাত মাতিছে আৰু তেওঁৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰিছে ৷ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা মণি ৰত্নম পৰিচালিত তেওঁৰ আগন্তুক ছবি ‘থাগ লাইফ’ মুক্তিৰ পূৰ্বে অভিনেতাগৰাকীক নিষিদ্ধ কৰাৰ বিষয়ে আলোচনা কৰিবলৈ সাজু হৈছে এটা চলচ্চিত্ৰ সন্থা ।

লগতে পঢ়ক : কান্নাড়াৰ জন্ম হৈছিল তামিলৰ পৰা-এই কথা কৈ বিপদত পৰিছে কমল হাছান, কৰ্ণাটকত থাগ লাইফ নিষিদ্ধ কৰাৰ দাবী