মৃত্যুৰ ভাবুকি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেখা গ’ল কংগনা ৰনৌতক - Kangana Ranaut death threat
Kangana Ranaut controversy : মুম্বাই বিমানবন্দৰত কংগনা ৰনৌত ৷ বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা কংগনাই মৃত্যুৰ ভাবুকি পোৱাৰ পিছত এইদৰে প্ৰথমবাৰৰ বাবে বিমানবন্দৰত দেখা যায় অভিনেত্ৰীগৰাকীক ৷

By ETV Bharat Entertainment Team
Published : August 27, 2024 at 4:50 PM IST
চিটাৰা ডেস্ক, 27 আগষ্ট : কংগনা ৰনৌতে ‘ইমাৰ্জেন্সি’ চলচ্চিত্ৰখনৰ বাবে শিৰচ্ছেদৰ ভাবুকি পাইছে । ‘ইমাৰ্জেন্সি’ চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ দেখি শিখ সম্প্ৰদায়ৰ লোকসকলে কংগনা ৰনৌতক হত্যা কৰাৰ ভাবুকি দি এটা ভিডিঅ' মুকলি কৰিছে । মৃত্যুৰ ভাবুকিৰ মাজত কংগনা ৰনৌতক প্ৰথমবাৰৰ বাবে দেখা গৈছে । কংগনা ৰনৌতক 27 আগষ্টত মুম্বাই বিমানবন্দৰত দেখা যায় । কংগনা ৰনৌত তেওঁৰ ৰাজনৈতিক ছবি ‘ইমাৰ্জেন্সি’ ৰ বাবে বাতৰিৰ শীৰ্ষত আছে । ছবিখনে 2024 চনৰ 6 ছেপ্টেম্বৰত মুক্তিলাভ কৰিব ।
কংগনা ৰনৌতৰ ভিডিঅ’ মুম্বাই বিমানবন্দৰৰ পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । কুইনখ্যাত কংগনাক বিমানবন্দৰত পাতল ৰঙৰ শাৰীত দেখা গৈছে । কংগনাৰ হাতত এটা মোনাও আছে আৰু তেওঁক সুৰক্ষাকৰ্মীয়ে আৱৰি আছে । এতিয়া নেটিজেনে কংগনা ৰনৌতৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে । এজন ব্যৱহাৰকাৰীয়ে কংগনা ৰনৌতক নিৰাপত্তাৰক্ষীয়ে আৱৰি থকা দেখি লিখিছে, “অধিক নিৰাপত্তা আছে যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় ।”
সেই ব্যৱহাৰকাৰীৰ মন্তব্যত দ্বিতীয় ব্যৱহাৰকাৰীয়ে লিখিছে, “তেওঁৰ বক্তব্যৰ বাবেই তেওঁক নিৰাপত্তা প্ৰয়োজনীয় ।” একে সময়তে কংগনা ৰনৌতৰ বিতৰ্কিত বক্তব্যক লৈ ক্ষুব্ধ হৈ বহু ইউজাৰে অশ্লীল মন্তব্য কৰিছে ।
উল্লেখ্য় যে, কংগনা ৰনৌতে শেহতীয়াকৈ কৃষকসকলক বাংলাদেশীৰ সৈতে তুলনা কৰিছিল আৰু এতিয়া কৈছে যে কৃষক আন্দোলনত ধৰ্ষণ আৰু বহু হত্যাকাণ্ড সংঘটিত হৈছে । কংগনাই লগতে কয় যে চীন আৰু আমেৰিকাৰ দৰে শক্তিয়ে কৃষক প্ৰতিবাদকাৰীসকলক সমৰ্থন কৰি আছে, তাৰ পিছত শিখ সম্প্ৰদায়ৰ ভিতৰত ক্ষোভৰ সৃষ্টি হোৱা দেখা যায় ।
আনহাতে দ্বিতীয় বিতৰ্কটো হ'ল যে দুজন লোকে এটা ভিডিঅ' মুকলি কৰি কৈছে যে যদি সতৱন্ত সিং আৰু বেয়ন্ত সিঙক ইমাৰ্জেন্সি চলচ্চিত্ৰত সন্ত্ৰাসবাদী হিচাপে দেখুওৱা হয়, তেন্তে তেওঁলোকে কংগনাৰ মুণ্ডচ্ছেদ কৰিব ।
লগতে পঢ়ক : অষ্ট্ৰেলিয়া শিখ কাউন্সিলে দেশত কংগনা ৰনৌতৰ চলচ্চিত্ৰ নিষিদ্ধ কৰাৰ দাবী জনাইছে - Film emergency controversy

