নাৰীক মৰ্যাদা দিবলৈ কংগ্ৰেছ নেত্ৰীক শিক্ষা দিলে কংগনাই - Kangana Replies Supriya Shrinate
Kangana Ranaut: শেহতীয়াকৈ হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা বিজেপি প্ৰাৰ্থী অভিনেত্ৰী কংগনা ৰনৌতক লৈ সামাজিক মাধ্যমত খলকনি ৷ কংগ্ৰেছ নেতা সুপ্ৰিয়া শ্ৰীনেটক প্ৰত্যুত্তৰ দিলে কংগনাই ৷

Published : March 25, 2024 at 7:51 PM IST
|Updated : March 25, 2024 at 8:03 PM IST
নিউজ ডেস্ক, 25 মাৰ্চ : বিতৰ্ক মানেই বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌত ৷ অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে নিজৰ মন্তব্য আৰু চিন্তাধাৰা ব্যক্ত কৰাত কেতিয়াও সংকোচ নকৰে ৷ শেহতীয়াকৈ, কংগনাই হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা বিজেপিৰ টিকট লাভ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনত কংগনাই বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ।
যদিও নিৰ্বাচন অনুষ্ঠিত হ'বলৈ এতিয়াও কিছু সময় আছে, কংগনা ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে ৷ শেহতীয়াকৈ কংগ্ৰেছ নেতা সুপ্ৰিয়া শ্ৰীনেটে কৰা টুইটৰ সঁহাৰি দি এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে কংগনাই ৷
সুপ্ৰিয়া শ্ৰীনেটৰ X ৰ পোষ্টৰ প্ৰত্যুত্তৰ দিলে কংগনাই :
"মৰমৰ সুপ্ৰিয়াজী, এগৰাকী শিল্পী হিচাপে মোৰ কেৰিয়াৰত যোৱা 20 বছৰত, ৰাণীৰ এজনী নিৰ্বোধ ছোৱালীৰ পৰা ধাকড়ত এগৰাকী চলনাময়ী গুপ্তচৰলৈকে, মণিকৰ্ণিকাৰ দেৱীৰ পৰা চন্দ্ৰমুখীত এগৰাকী ৰাক্ষসীলৈকে, ৰজ্জোত এগৰাকী বেশ্যাৰ পৰা থালাইভিত এগৰাকী বিপ্লৱী নেত্ৰীলৈকে ৷ আমি আমাৰ নাৰীসকলক কুসংস্কাৰৰ বিশৃংখলাৰ পৰা মুক্ত কৰিব লাগিব, আমি তেওঁলোকৰ শৰীৰৰ অবয়বৰ ওপৰত প্ৰশ্ন উঠোৱা বন্ধ কৰিব লাগিব, ইয়াৰোপৰি আমি জীৱন তথা পৰিস্থিতিক প্ৰত্যাহ্বান জনোৱা যৌন কৰ্মীসকলক এক প্ৰকাৰৰ উৎপীড়ন বা অশ্ৰাব্য শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব... প্ৰতিগৰাকী মহিলাই তেওঁৰ মৰ্যাদাৰ যোগ্য ৷"
সুপ্ৰিয়াই ডিলীট কৰিলে পোষ্ট :
কংগনা ৰনৌতে হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা বিজেপিৰ টিকট পোৱাৰ পিচত কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে X ত এটা পোষ্ট কৰিছিল । য'ত তেওঁ কংগনা ৰনৌতৰ এখন ফটো আপলোড কৰি আপত্তিজনক মন্তব্য কৰিছিল । কংগনাৰ মন্তব্যৰ পিচতে সেই পোষ্টটো শ্ৰীনেটৰ এক্স একাউণ্টৰ পৰা ডিলীট কৰা হয় ৷
তাৰ পিচতে শেহতীয়াকৈ সুপ্ৰিয়াই পোষ্ট কৰিছে, "মোৰ মেটা একাউণ্টত (ফেচবুক আৰু ইনষ্টাগ্ৰাম)ৰ প্ৰৱেশাধিকাৰ থকা কোনোবাই মোৰ একাউণ্টৰ পৰা এটা অত্যন্ত আক্ৰমণাত্মক পোষ্ট কৰিছে, যাক আঁতৰ কৰোৱা হৈছে । মোক জনা যিকোনো লোকে জানিব যে মই কেতিয়াও কোনো মহিলাক এনে মন্তব্য নিদিও ৷"

