ETV Bharat / entertainment

মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছাক প্ৰশংসা কৰি বলীউডৰ পক্ষপাতিত্বক লৈ প্ৰশ্ন কংগনাৰ

মই ভাবিব পৰা নাই যে আমাৰ গ্লেমাৰ জগতখনত ডাৰ্ক-ডাস্কি ইণ্ডিয়ান টোনৰ মহিলাৰ প্ৰতিনিধিত্ব আছেনে ? এনেকৈ কিয় ক'লে কংগনা ৰনৌতে ?

Questions Bollywood's Bias Against 'Dusky' Female Actors; Lauds Mahakumbh Sensation Monalisa
কংগনা ৰনৌত (Photo: ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : January 30, 2025 at 3:18 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌতে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত গাঢ় ৰঙৰ মহিলা অভিনেত্ৰীৰ অভাৱক লৈ নিজৰ উদ্বেগ প্ৰকাশ কৰিছে । বুধবাৰে, তেওঁ তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত ইন্দোৰৰ এগৰাকী যুৱতী, নাম মনালিছা ভোছলে যি মহাকুম্ভ মেলালৈ গৈ ভাইৰেল হৈ পৰে, তেওঁক লৈ নিজৰ মতামত প্ৰকাশ কৰে ৷

কংগনাই ছোৱালীজনীক ফটো তুলিবলৈ যি ধৰণে হেঁচা দিয়া হৈছে তাক লৈ হতাশা ব্যক্ত কৰে আৰু আচৰিত হৈ কয় যে আজিৰ দিনত অভিনয়ৰ পেছাত থকা এজনো যুৱ তাৰকা কিয় গাঢ়ৰঙী নহয় !

Questions Bollywood's Bias Against 'Dusky' Female Actors; Lauds Mahakumbh Sensation Monalisa
কংগনা ৰনৌতৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Photo: Instagram)

মনালিছাক প্ৰশংসা কৰাৰ সময়তে কংগনাই ছেলফি বিচাৰি তেওঁক হাৰাশাস্তি কৰা লোকসকলক গৰিহণা দিয়ে । "এই কণমানি ছোৱালী মনালিছা তেওঁৰ স্বাভাৱিক সৌন্দৰ্যৰ বাবে ইণ্টাৰনেটত আলোড়নৰ সৃষ্টি কৰিছে, ফটো আৰু সাক্ষাৎকাৰৰ বাবে মানুহে তেওঁক হাৰাশাস্তি কৰাটো যিমানেই ঘৃণা কৰো সিমানেই মই ভাবিব পৰা নাই যে আমাৰ গ্লেমাৰ জগতখনত ডাৰ্ক-ডাস্কি ইণ্ডিয়ান টোনৰ মহিলাৰ প্ৰতিনিধিত্ব আছেনে ? যুৱ অভিনেত্ৰীসকলক ভালপোৱা মানুহে অনু আগৰৱালা, কাজল, বিপাশা, দীপিকা, ৰাণী মুখাৰ্জীক কেনেকৈ ভাল পাইছিল ?"

তেওঁ লগতে প্ৰশ্ন কৰে যে কিয় বহুতো মহিলা অভিনেত্ৰী অস্বাভাৱিকভাৱে বগা দেখা যায় ? প্ৰশ্ন উত্থাপন কৰে যে মনালিছাক চিনাক্ত কৰাৰ ধৰণে মানুহে কিয় নৱাগতসকলক চিনাক্ত নকৰে ?

কংগনাই অনু আগৰৱালা, কাজল, বিপাশা বসু, দীপিকা পাডুকন আৰু ৰাণী মুখাৰ্জীৰ দৰে অভিনেত্ৰীৰ উদ্ধৃতি দি সাম্প্ৰতিক পৰিস্থিতিক আগৰ যুগৰ সৈতে তুলনা কৰে, যি সকল অভিনেত্ৰীক তেওঁলোকৰ স্বকীয় চেহেৰাৰ বাবে প্ৰশংসা কৰা হৈছিল ।

অভিনেত্ৰীগৰাকীৰ এই পোষ্টটোৰ মূল বিষয়বস্তু মনালিছা ভোছলেই হঠাতে খ্যাতি লাভ কৰি পিছত হাৰাশাস্তিৰ সন্মুখীন হয় বুলি জানিব পৰা গৈছে । অৱশেষত তেওঁৰ পৰিয়ালে আৰু অধিক অসুবিধাৰ পৰা হাত সাৰিবলৈ মনালিছাক ঘৰলৈ পঠিয়াই দিয়ে ।

কংগনা ৰনৌতৰ কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে তেওঁক অতি শেহতীয়াকৈ তেওঁৰ পৰিচালনাৰ ছবি ইমাৰ্জেন্সীত দেখা গৈছিল, যি এখন ৰাজনৈতিক থ্ৰিলাৰ । প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ শাসনকালৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ৷ ১৭ জানুৱাৰীত মুক্তি দিয়া চলচ্চিত্ৰখনে নেতিবাচক আৰু মিশ্ৰিত পৰ্যালোচনা লাভ কৰিছিল আৰু বক্স অফিচ সংগ্ৰহ কম সন্তোষজনক আছিল ।

লগতে পঢ়ক : বলীউডৰ ছবিত একেটা ফ্ৰেমতে কংগনা আৰু এজন অসমীয়া অভিনেতা