ETV Bharat / entertainment

গোমাংস ভক্ষণ কৰা উৰা বাতৰিক 'ভিত্তিহীন' আখ্যা কংগনা ৰনৌতৰ - Kangana Ranaut

Kangana Ranaut : ইটোৰ পিচত সিটো বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰী তথা মাণ্ডি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কংগনা ৰনৌত ৷ শেহতীয়াকৈ কংগ্ৰেছে নেতাই অভিনেত্ৰীগৰাকীয়ে গোমাংস ভক্ষণ কৰা বুলি কৰা গুৰুতৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে কংগনাই ৷

Kangana Ranaut
Kangana Ranaut Denies 'Baseless Rumours' Claiming She Eats Beef
author img

By ETV Bharat Assamese Team

Published : April 8, 2024 at 11:52 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 8 এপ্ৰিল : কংগ্ৰেছ নেতা বিজয় ৱাডেট্টিৱাৰে বলীউড অভিনেত্ৰী তথা মাণ্ডি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কংগনা ৰনৌতে গোমাংস খাবলৈ ভাল পায় বুলি এক অভিযোগ উত্থাপন কৰিছিল ৷

এই অভিযোগৰ কেইদিনমান পিচতেই অভিনেত্ৰীগৰাকীয়ে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কংগনাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত এয়া এক 'ভিত্তিহীন উৰা বাতৰি' বুলি অভিহিত কৰি এটা পোষ্ট কৰে ৷ কংগনাই শেহতীয়াকৈ হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা বিজেপিৰ টিকট লাভ কৰাৰ পিচতেই ইটোৰ পিচত সিটোকৈ বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ৷ ভিন্ন সময়ত কংগ্ৰেছ নেতা আৰু স্পষ্টবাদী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ মাজত বাকযুদ্ধ হৈ থকা পৰিলক্ষিত হৈ আহিছে ৷

কংগনাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰে, "মই গোমাংস বা আন কোনো ধৰণৰ ৰঙা মাংস সেৱন নকৰো ৷ এইটো লজ্জাজনক যে মোৰ বিষয়ে সম্পূৰ্ণ ভিত্তিহীন উৰাবাতৰি বিয়পিছে ৷ মই কেইবা দশক ধৰি যোগিক আৰু আয়ুৰ্বেদিক জীৱনশৈলীৰ পালন কৰি অহাৰ লগতে প্ৰচাৰ কৰি আহিছো ৷ এনে কৌশলে মোৰ ভাৱমূৰ্তি কলুষিত নকৰে । মোৰ মানুহে মোক জানে আৰু তেওঁলোকে জানে যে মই এগৰাকী গৌৰৱান্বিত হিন্দু আৰু এইবোৰে তেওঁলোকক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰে, জয় শ্ৰী ৰাম ।"

শুকুৰবাৰে মহাৰাষ্ট্ৰত আয়োজন কৰা এক ৰেলীত কংগ্ৰেছ নেতা বিজয় ৱাডেট্টিৱাৰে কৈছিল যে কংগনাই পূৰ্বতে গোমাংস খোৱাৰ কথা স্বীকাৰ কৰিছিল । বিজয় ৱাডেট্টিৱাৰে কৈছিল যে হিমাচল প্ৰদেশৰ মাণ্ডি আসনৰ বাবে বিজেপিৰ লোকসভাৰ দাবীদাৰ অভিনেত্ৰী কংগনা ৰনৌতে পূৰ্বে টুইটাৰ বৰ্তমানৰ এক্সত স্বীকাৰ কৰিছিল যে তেওঁ গোমাংস খাইছিল ।

লগতে পঢ়ক: হুকা বাৰ ৰেইডত মুকলি মুনাৱাৰ ফাৰুকী; ছ’চিয়েল মিডিয়াযোগে পোষ্ট শ্বেয়াৰ কৰি ক’লে এনেদৰে - Munawar Faruqui