গুৱাহাটী : চাওঁতে চাওঁতে আহি পালে হেঁপাহৰ ৰঙালী । বিহুলৈ মাজত আৰু কেইটামান দিন বাকী । গাঁৱৰ জীয়াৰী-বোৱাৰী ব্যস্ত এতিয়া তাঁতৰ শালত । আখৰাত ব্যস্ত বিহুৱা-নাচনী । সমান্তৰালভাৱে সাজু হৈছে কণ্ঠশিল্পীসকলো ।
বিহুৰ পূৰ্বে মুক্তি লাভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰৰ কণ্ঠেৰে এটি নতুন অসমীয়া গীত ‘অৰুণাচলৰে আবেলি’ । জোনালীস্থিত অডিঅ’ হোলীক ষ্টুডিঅ’ত দেওবাৰে মুক্তি দিয়া হয় এই নতুন অসমীয়া গীতটো । গীতটিৰ সন্দৰ্ভত মন্তব্য কৰি কণ্ঠশিল্পীগৰাকীয়ে কয়, "বহুত দিনৰে পৰিকল্পনা কৰা এটি গীত । মোৰ 'শ্বিলঙৰে গধূলি' গীতটি খুব জনপ্ৰিয় হৈছিল আৰু ৰাইজে আঁকোৱালি লৈছিল, গতিকে এইবাৰ মই ভাবিলো অৰুণাচলক লৈ এটি গীত কৰো । খুব উত্তেজিত হৈ আছো মই ৷ গীতটো ৰাইজৰ বাবে মুকলি কৰি দিছো ।"
তেওঁ লগতে আৰু কয়, "অৰুণাচল আমাৰ একেবাৰে এখন কাষৰীয়া ৰাজ্য । মই কিছুদিন পূৰ্বে তাত অনুষ্ঠান পৰিৱেশ কৰিবলৈ গৈছিলো । তাত গৈ খুব ভাল লাগিল, তাৰ ঠাইসমূহো খুব মনোমোহা । তেতিয়াই মই অৰুণাচলৰ ওপৰত এই গীতটি কৰাৰ পৰিকল্পনা কৰিলো । 'শ্বিলঙৰে গধূলি' যিদৰে ৰাইজে আদৰি লৈছে ঠিক তেনেদৰে 'অৰুণাচলৰে আবেলি'ও ৰাইজে আঁকোৱালি ল'ব বুলি মই আশাবাদী । 'শ্বিলঙৰে গধূলি' গীতটিৰ লগত এই গীতটিৰ অকণমান মিল আছে, যিহেতু সেইটো মোৰেই গীত আছিল । 'শ্বিলঙৰে গধূলি'ৰ অকণমান গোন্ধ ৰাইজে এই গীতটোত পাব । যিহেতু মইয়ে কৰা সুৰ সেয়ে অকণমান মিল থাকিবই । 'অৰুণাচলৰে আবেলি' গীতটি এইবাৰ মই বিহু মঞ্চতো পৰিবেশন কৰিম । আশাকৰো ৰাইজে গীতটি আঁকোৱালি ল'ব ।"

অৰুণাচলৰে আবেলি গীতটিৰ সংগীত কৰিছে সুদৰ্শন বৰদলৈয়ে, গীতৰ কথা আস্তিকৰ । মিস্ক মাষ্টাৰিং কৰিছে দিগন্ত বৰদলৈয়ে । ক'ভাৰ ডিজাইন কৰিছে জোনাক যোগান্তৰ বৰাই । ক'ভাৰ গাৰ্ল হিচাপে আছে লিজ শৰ্মা । বাদ্যযন্ত্ৰত আছে মণি আকাশ শইকীয়া, বুলবুল দাস আৰু ৰাজা বৰুৱা ।
লগতে পঢ়ক : পাকিস্তান-বাংলাদেশ-নেপালতো সমাদৃত 'হলো লোলো ..'