ভৱিষ্যতে কেতিয়াও নিৰ্মাণ নহ'ব 'কাঁটা লগা'ৰ ছিকুৱেল: জানেনে কিয় লোৱা হ'ল এই সিদ্ধান্ত ?
কাঁটা লগা গাৰ্ল শ্বেফালী জাৰিৱালাৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৪২ বছৰ । শ্বেফালী যথেষ্ট ফিট আছিল । দৈনিক যোগাসন আৰু ব্যায়াম কৰিছিল তেওঁ ।

By ETV Bharat Entertainment Team
Published : July 5, 2025 at 7:24 PM IST
হায়দৰাবাদ: কাঁটা লগা খ্যাত শ্বেফালী জাৰিৱালাৰ শেহতীয়াকৈ হাৰ্ট এটেকত মৃত্যু হয় । অভিনেত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ ৪২ বছৰ । শ্বেফালী বৰ ধুনীয়া আৰু ফিট আছিল । তেওঁ দৈনিক যোগাসন আৰু ব্যায়াম কৰিছিল । এতিয়া তেওঁৰ জনপ্ৰিয় গীত কাঁটা লগাৰ নিৰ্মাতাসকলে অভিনেত্ৰীগৰাকীক লৈ এক ডাঙৰ ঘোষণা কৰিছে ।
কাঁটা লগা গীতটিৰ নিৰ্মাতা হৈছে ৰাধিকা ৰাও আৰু বিনয় সপ্ৰু । দুয়োৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰিছে যে এতিয়া কাঁটা লগা গানটোৰ ছিকুৱেল আৰু কেতিয়াও নিৰ্মাণ নহ’ব । ইয়াৰ কাৰণো দাঙি ধৰিছে নিৰ্মাতাসকলে ।
কাঁটা লগাৰ ছিকুৱেল
ৰাধিকা ৰাও আৰু বিনয় সপ্ৰুৱে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্টটোত শ্বেফালী জাৰিৱালাৰ কাঁটা লগা গীতৰ পোষ্টাৰ আছে । এই পোষ্টটোৰ কেপশ্যনত গীতটিৰ নিৰ্মাতাসকলে লিখিছে, “কালি শ্বেফালী জাৰিৱালাৰ বাবে প্ৰাৰ্থনা মিট আছিল, তাতেই তেওঁক চূড়ান্ত বিদায় দিয়া হয়, আমাৰ প্ৰথম ফটো ছেশ্বন, কাঁটা লগা, চিডি ইনলে কাৰ্ড, আপুনি সদায় কৈছিল যে আপুনি মৃত্যুৰ আগলৈকে কাঁটা লগা ছোৱালী হিচাপে বিখ্যাত হ’ব বিচাৰে, গতিকে আমি কেতিয়াও ইয়াৰ ছিকুৱেল নিৰ্মাণ কৰা নাছিলো আৰু আগলৈও নবনাও, আমি কাঁটা লগাৰ পৰা অৱসৰ লৈছো চিৰদিনৰ বাবে ৷ এই গীতটো আপোনাৰ আছিল আৰু সদায় আপোনাৰ হৈ থাকিব, আপোনাৰ আত্মাই শান্তি লাভ কৰক শ্বেফালী ।”
যদি বৰ্তমান চলি থকা বাতৰিবোৰ বিশ্বাস কৰিব লাগে তেন্তে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ তেওঁ ব্যৱহাৰ কৰা এণ্টি এজিং ঔষধ বুলি কোৱা হৈছে । যিদিনা অভিনেত্ৰীগৰাকীৰ মৃত্যু হৈছিল, সেইদিনা তেওঁ উপবাসে আছিল আৰু খালী পেটতে এই ঔষধ খাইছিল ।
উল্লেখ্য যে, ২০০২ চনত মুক্তি পোৱা কাঁটা লগা গীতটি, যিটো সমাধি (১৯৭২) ছবিৰ এটি গীত, আশা পাৰেখক এই গীতটোত দেখা গৈছিল ।
লগতে পঢ়ক : ‘যেতিয়া মই মৰিম...’ শ্বেফালী জাৰিৱালাই প্ৰকাশ কৰিছিল শেষ ইচ্ছা

