ETV Bharat / entertainment

ছবিগৃহত প্ৰিয় তাৰকাৰ ছবি উপভোগ কৰি থাকোঁতেই মৃত্যু - Jr NTR Devara movie fan death

Jr NTR Devara : ছবিৰ অপাৰ সফলতাৰ মাজতে জুনিয়ৰ এন টি আৰে পালে বেয়া খবৰ ৷ শেহতীয়াকৈ মুক্তি হোৱা তেওঁৰ ছবি দেৱৰা চাই মৃত্যুক আঁকোৱালি ল’লে এজন অনুৰাগীয়ে ৷ সবিশেষ আগলৈ-

Jr NTR's Fan passed away while watching Devara in Theater as he gets heart attack WATCH
জুনিয়ৰ এন টি আৰ (Film Poster)
author img

By ETV Bharat Entertainment Team

Published : September 28, 2024 at 6:21 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ : জুনিয়ৰ এন টি আৰ অভিনীত দেৱৰা 27 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি দিয়া হৈছে । অনুৰাগীসকল এই ছবিখনক লৈ বহু সময়ৰ পৰা অতি উৎসাহিত হৈ আছিল ৷ ঠায়ে ঠায়ে দেৰীকৈ শ্ব’ আৰম্ভ হোৱাৰ বাবে হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি হয় ৷ কিন্তু শেহতীয়াকৈ ঘটে এক অপ্ৰত্যাশিত ঘটনা ৷ থিয়েটাৰত ঘটা এই ঘটনা শুনি সকলো হতবাক হৈ পৰে ৷

থিয়েটাৰত ছবি উপভোগ কৰি থাকোঁতেই হৃদৰোগত আক্ৰান্ত অনুৰাগী

খবৰ অনুসৰি, ছবিখন প্ৰদৰ্শনৰ সময়ত 35 বছৰীয়া মস্তান নামৰ এজন ব্যক্তিয়ে উৎসাহেৰে হাত চাপৰি বজাই আছিল । তাৰ পাছত হঠাৎ তেওঁৰ অৱস্থা বেয়া হৈ যায় ৷ লগে লগে তেওঁক ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ তেওঁৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ মাজত এই খবৰ বিয়পি পৰাৰ লগে লগে সকলো হতবাক হৈ পৰে ।

প্ৰতিবেদনত আৰু কোৱা হৈছে যে মস্তানক চিনি পোৱা লোকসকলে অবিশ্বাস প্ৰকাশ কৰি কয় যে তেওঁলোকে কেতিয়াও কল্পনা কৰিব নোৱাৰে যে প্ৰিয় ছবি উপভোগ কৰি থকাৰ সময়ত মস্তানৰ লগত এনেকুৱা কিবা ঘটনা ঘটিব । খবৰ অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মস্তান ৱালিৰ মৃত্যু হয় । আনহাতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

দেৱৰা পাৰ্ট 1 পৰিচালনা কৰিছে কোৰাটালা শিৱই, য’ত জুনিয়ৰ এন টি আৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু ইয়াত তেওঁ দ্বৈত ভূমিকা পালন কৰিছে । ছবিখনত তেওঁৰ বিপৰীতে জাহ্নৱী কাপুৰে অভিনয় কৰি তেলুগু চলচ্চিত্ৰ জগতত অভিষেক ঘটাইছে । ছৈফ আলী খানে দেৱৰাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে, তেওঁৰ চৰিত্ৰটোৰ নাম ভৈৰা । 27 ছেপ্টেম্বৰত বিশ্বৰ বহু চিনেমাগৃহত মুক্তি লাভ কৰিছে ছবিখন ।

লগতে পঢ়ক : চলিত বৰ্ষৰ দুখন সৰ্ববৃহৎ চিনেমাক মুক্তিৰ ক্ষেত্ৰত পিছ পেলালে দেৱৰাই - Devara Part 1 box office collection