ETV Bharat / entertainment

‘জোশ’ৰ ছেটত শ্বাহৰুখক চৰিয়াইছিল কোনে ? হাত কঁপি উঠিছিল আৰু তাৰ পাছত…

জোশ ছবিখনত ঐশ্বৰ্য ৰায়ে শ্বাহৰুখ খানৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এই অভিনেত্ৰীগৰাকীক তেওঁৰ প্ৰেমিকাৰ চৰিত্ৰত দেখা গৈছিল ।

JOSH COMPLETES 25 YEARS  PRIYA GILL
‘জোশ’ৰ ছেটত শ্বাহৰুখক চৰ মাৰিব লগা হৈছিল প্ৰিয়াই (Photo : Song Poster)
author img

By ETV Bharat Entertainment Team

Published : June 9, 2025 at 4:40 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ একশ্যন ৰোমাণ্টিক ছবি জোশে বক্স অফিচত মধ্যমীয়া প্ৰদৰ্শন কৰিছিল যদিও ইয়াৰ গীত আৰু চৰিত্ৰবোৰ আজিও মানুহৰ মনত সজীৱ হৈ আছে । এই ছবিখনত ঐশ্বৰ্য ৰায়ে শ্বাহৰুখৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও জোশ ছবিখন জনপ্ৰিয় আছিল ৷

আনহাতে ২০০০ চনত মুক্তি পোৱা মোহব্বতে ছবিখনত ঐশ্বৰ্যই অভিনেতা শ্বাহৰুখৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল । ২০০০ চনৰ ৯ জুনত জোশে মুক্তি লাভ কৰে ৷ আনহাতে সেই চনৰে ২৭ অক্টোবৰত মোহব্বতে ছবিখনে মুক্তি লাভ কৰে । জোশ ছবিখনত প্ৰিয়া গীলে শ্বাহৰুখৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল ৷

জোশৰ এটা দৃশ্যত শ্বাহৰুখক চৰ মাৰিবলগীয়া হৈছিল প্ৰিয়াই, যিটো কৰিবলৈ প্ৰথমে বহুবাৰ তেওঁ অক্ষম হৈছিল । এই দৃশ্যটোত তেওঁ কিমান অসুবিধাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত কয় ।

শ্বাহৰুখ খানক চৰ প্ৰিয়া গীলৰ

প্ৰিয়া গীলে কৈছিল যে শ্বাহৰুখ খানক চৰ মৰাটো তেওঁৰ বাবে এটা লজ্জাজনক মুহূৰ্ত । অভিনেত্ৰীগৰাকীয়ে কয়, “আপুন বলা গানটোৰ আৰম্ভণিতে মই তেওঁক চৰ মাৰিব লগা হৈছিল, এই দৃশ্যটো গোৱাত শ্বুটিং হৈ আছিল আৰু মোক বাৰে বাৰে এই দৃশ্যটো শুদ্ধকৈ কৰিবলৈ কোৱা হৈছিল ৷ পৰিচালক মনছুৰে বাৰে বাৰে কৈছিল যে এই দৃশ্যটো শুদ্ধকৈ কৰা হোৱা নাই, দেখাত এনেকুৱা হ’ব লাগে যে ছোৱালীজনীয়ে যেন ল’ৰাটোক চৰ মাৰিছে, মই ক’লো ঠিক আছে, মই আকৌ চেষ্টা কৰিম, শ্বাহৰুখেও কৈছিল হিট মি, মই তেওঁক ঘোচা মাৰিব লগা হৈছিল । এই দৃশ্যটো মই কেতিয়াও পাহৰিব নোৱাৰো ।”

ছেটটোত নিস্তব্ধতাই বিৰাজ কৰিছিল

অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে ছেটত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰা হৈছিল । অভিনেত্ৰীগৰাকীয়ে কয়, “মই ভাবো এই দৃশ্যটোত পৰিৱেশ সম্পূৰ্ণ মৌন হৈ আছিল, সকলো নিমাত আছিল, কেৱল কেমেৰাটো অন আছিল, কেমেৰামেন কেভিয়ে মোক কৈছিল যে আপুনি শ্বাহৰুখক চৰ মাৰিছে, ছোৱালীয়ে এতিয়া আপোনাক ঘৃণা কৰিবলৈ আৰম্ভ কৰিব ।”

উল্লেখ্য যে, প্ৰিয়াই ১৯৯৬ চনত হিন্দী ছবি তেৰে-মেৰে সপনেৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পিছত ১৯৯৯ চনত সিৰ্ফ তুম ছবিৰ জৰিয়তে জনাজাত হৈ পৰে । ২০০০ চনত শ্বাহৰুখৰ সৈতে জোশ ছবিত দেখা যায় । প্ৰিয়াক শেষবাৰৰ বাবে দেখা গৈছিল ভৈৰৱী (২০০৬) ছবিত । ১৯৯৫ চনত প্ৰিয়াই ফেমিনা মিছ ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী হৈছিল ।

লগতে পঢ়ক : শ্বাহৰুখে নাকচ কৰিছিল লাল সিং চাড্ডাৰ অফাৰ - SRK on Aamir khan movie