ধেমাজি : সম্প্ৰতি অসমৰ চুবুৰীয়া ৰাজ্যৰ সৈতে বিভিন্ন সময়ত বিভিন্ন স্থানত সীমাকেন্দ্ৰিক বিবাদ হৈ থকা পৰিলক্ষিত হৈছে ৷ ধেমাজিতো শেহতীয়াকৈ তেনে এক ঘটনাই সকলোৰে মাজত আতমকৰ সৃষ্টি কৰে ৷ তাৰ মাজতে এটা ভাল খবৰ ৷
ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ জীয়াঢল মুখত ধেমাজি জিলা ৰাইনো ক্লাবৰ সৌজন্যত আৰু ধেমাজিবাসীৰ সহযোগত যোৱা ২০ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় জীয়াঢলমুখ সংগীত মহোৎসৱ ২০২৫ ৷ চাৰিদিনীয়া বৰ্ণিল অনুষ্ঠানটিৰ কোনো বিঘিনি নোহোৱাকৈ সোমবাৰে সফল সামৰণি পৰে ৷
অন্তিম দিনা কাৰ্যসূচী মৰ্মে দিনৰ ভাগত অসম আৰু অৰুণাচলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানে উপস্থিত দৰ্শকক আপ্লুত কৰে ৷ সাংস্কৃতিক অনুষ্ঠানত সান্নিধ্য ভূঞা, পংকজ নয়ন, হিমাশ্ৰী সোণোৱালে গীত পৰিৱেশন কৰাৰ লগতে ৰপজ্যোতি dance group, The Abutunturung আৰু DJ Lexi ৰ অনুষ্ঠান দৰ্শকে উপভোগ কৰে ৷

এই সংগীত মহোৎসৱ সম্পৰ্কত উদযাপন সমিতিৰ সম্পাদক কৃষ্ণ বৰদলৈয়ে কয়, “প্ৰথমবাৰৰ বাবে জীয়াঢল মুখত মহোৎসৱ অনুষ্ঠিত কৰিছো ৷ ইয়াৰ উদ্দেশ্য হৈছে কিছুদিনৰ আগতে অৰুণাচলৰ চিলনীত কোনো দুৰ্বৃত্তই অসমৰ দুজনমান লোকক গুলীয়াই হত্যা কৰে আৰু ইয়াৰ পাছৰে পৰা অসম আৰু অৰুণাচলবাসীৰ মাজত ভাতৃত্ববোধ কমি আহে ৷ অৰুণাচলৰ পৰা অসমলৈ আহিবলৈ ভয় আৰু আমাৰ অৰুণাচললৈ যাবলৈ ভয় ৷ সেয়ে আমি অৰুণাচলৰ সৈতে পুনৰ সু-সম্পৰ্ক স্থাপন কৰাৰ উদ্দেশ্যে সংগীত মহোৎসৱ আয়োজনৰ হেতু অৰুণাচলী গাঁৱলৈ গৈ আলোচনাত মিলিত হৈছিলো ৷”

তেওঁ লগতে কয়, “এটা সিদ্ধান্তত উপনীত হ’লো যে দুখন ৰাজ্যৰ লোকৰ বাবে উমৈহতীয়া বনভোজৰ থলী জীয়াঢল পাহাৰ আৰু নদীৰ সমীপত এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব । উঠি অহা যুৱ প্ৰজন্মক বাৰ্তা দিব বিচাৰিছো যে আমাৰ মাজত মিলা-প্ৰীতি আগৰ দৰেই অটুট আছে ৷ আমি সদায়ে মিলিজুলি থাকিব লাগিব, তেতিয়াহে দুখন ৰাজ্যই মিলি বহুখিনি ভাল কাম কৰিব পৰা যাব । অন্যান্য দিশতো উন্নতি হ’ব ৷”

একেদৰে অৰুণাচলী গাঁৱৰ ওচৰৰ যুৱক তথা সম্পাদক জুৱেল পেগুৱে কয়, “বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে অসমীয়া-অৰুণাচলীৰ সহযোগত সাফল্যমণ্ডিত হৈছে সংগীত মহোৎসৱটি ৷ বিশেষকৈ জীয়াঢল মুখৰ পাহাৰীয়া নৈসৰ্গিক পৰিৱেশটো কেৱল বনভোজথলী হিচাপে গণ্য নকৰি ইয়াক পৰ্যটকৰ থলীলৈ ৰূপান্তৰিত কৰিব বিচাৰিছো । সেয়ে সকলোৰে সহযোগিতা কামনা কৰিছো ৷”

আনহাতে উদযাপন সমিতিৰ সভাপতি মিণ্টু গগৈয়ে অসম আৰু অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা বিবাদ ভাল কৰিবলৈ অনুষ্ঠিত কৰা এই মহোৎসৱৰ প্ৰতি সকলোৰে পৰা সহায়-সহযোগিতা পোৱা বুলি মন্তব্য কৰে ৷
উল্লেখ্য যে, অনুষ্ঠানৰ আটাইকেইদিন দুয়োখন ৰাজ্যৰ মানুহৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষীয়েও পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷
লগতে পঢ়ক : ভাতৃ হিচাপে কণ্ঠশিল্পী নীলোৎপল বৰাই কি উপদেশ দিলে পদ্মনাভ বৰদলৈক ?