ETV Bharat / entertainment

জয়ন্ত হাজৰিকাৰ প্ৰচেষ্টাত এদিনতে সৃষ্টি হৈছিল সুৰ-বাহিনীৰ

সুৰৰ মেলাত শব্দৰ মালা গঁথা চিৰনমস্য শিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮২ সংখ্যক জন্মজয়ন্তী, যাৰ প্ৰচেষ্টাত জন্ম হৈছিল সুৰ-বাহিনীৰ ।

manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
মনীষা হাজৰিকা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : September 20, 2025 at 11:53 AM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : এই আকাশ বৰ বিশাল এই পথাৰ বৰ ৰসাল, তেৱো কিয় লাগে উকা… আজি চিৰনমস্য শিল্পী জয়ন্ত হাজৰিকাৰ ৮২ সংখ্যক জন্মজয়ন্তী । ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত অৰ্থাৎ আজিৰ দিনটোতে মঙলদৈত অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জন্ম হৈছিল গায়ক, সুৰকাৰ, সংগীত পৰিচালক তথা গীতিকাৰ জয়ন্ত হাজৰিকাৰ ৷

জয়ন্ত হাজৰিকা সকলোৰে মাজত পৰিচিত ৰাণা দা হিচাপে । ৬০ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ আছিল । তেওঁ বজাব পাৰিছিল সকলো বাদ্যযন্ত্ৰ । পশ্চিমীয়া সুৰ, ৰ'ক এণ্ড ৰ'ল, জাজ আদি শৈলীৰ সংমিশ্ৰণেৰে অসমীয়া আধুনিক সংগীতক নতুন মাত্ৰা দিয়া, যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ শ্ৰোতাৰ বাবে এক নব্যৰস আনি দিয়া সেই সময়ৰ একমাত্ৰ শিল্পীগৰাকীয়েই আছিল জয়ন্ত হাজৰিকা ৷

মনীষা হাজৰিকাৰ সাক্ষাৎকাৰ (ETV Bharat Assam)
manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
দুই ভাতৃ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকাৰ সৈতে কিংবদন্তী তবলা বাদক সূৰ্য গোস্বামী (Photo : ETV Bharat Assam)

জন্মজয়ন্তী উপলক্ষে হাজৰিকাৰ কিছু কথা আপোনাসৱক জনোৱাৰ উদ্দেশ্যে ইটিভি ভাৰতৰ সাংবাদিক কাষ চাপিছিল তেওঁৰ পত্নী মনীষা হাজৰিকাৰ ৷ এক আছুতীয়া সাক্ষাৎকাৰত পত্নীয়ে জনালে শিল্পীগৰাকীৰ বিষয়ে বহু নজনা কথা-

কেনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী আছিল জয়ন্ত হাজৰিকা ?

manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
কলাগুৰুৰ সৈতে জয়ন্ত হাজৰিকা (Photo : ETV Bharat Assam)

আজীৱন ভূপেন হাজৰিকাৰ লগত ছাঁটোৰ দৰে থাকি জয়ন্ত হাজৰিকাই আধুনিক সংগীতৰ সম্পূৰ্ণ এটা বেলেগ ধাৰাৰ সৃষ্টি কৰি থৈ গৈছে । যাৰ বাবে ভূপেন হাজৰিকাই কৈছিল- জয়ন্ত হাজৰিকাৰ কণ্ঠ আৰু সুৰ অদ্বিতীয় । আনহাতে সকলো বাদ্য-যন্ত্ৰতে তেওঁৰ দখল আছিল । কিন্তু জয়ন্ত হাজৰিকাৰ জীৱন কাল আছিল খুব চুটি । ৩৪ বয়সতে হঠাৎ অসুস্থ হৈ মৃত্যুক সাৱতি লৈছিল তেওঁ । কিন্তু সেই কম সময়ৰ ভিতৰতে সৃষ্টি কৰি গৈছিল বহুকালজয়ী গীত ।

এই সন্দৰ্ভত তেখেতৰ পত্নী মনীষা হাজৰিকাই কয়, “ইমান কম সময়তে তেখেতে যিখিনি গীত সৃষ্টি কৰি থৈ গৈছে, সেইখিনি এতিয়াও ৰাইজৰ প্ৰাণে প্ৰাণে । সেই গীতসমূহ অসমীয়া জাতিৰ আবেগ । প্ৰজন্মৰ পাছত প্ৰজন্ম জয়ন্ত হাজৰিকাৰ ভক্ত । তেখেতে যদি আজি জীয়াই থাকিলেহেঁতেন, তেন্তে তেওঁৰ পৰা নৱপ্ৰজন্মই হয়টো বহুত পালেহেঁতেন । এটা জন্মগত প্ৰতিভা লৈ তেওঁ পৃথিৱীলৈ আহিছিল । যিকোনো ধৰণৰ বাদ্যযন্ত্ৰই তেওঁ বজাব পাৰিছিল ।”

manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
সোণালী অতীত (Photo : ETV Bharat Assam)

লগতে মনীষা হাজৰিকাই আৰু কয়, “তেখেতৰ ব্যক্তিত্বই আমাক সকলোকে চুই যায় । এটা গাম্ভীৰ্যতামূলক ব্যক্তিত্ব দেখিছিলোঁ সদায় । মঞ্চত উঠিও কৈছিল- ‘মই কথা নকও দেই, মোক গান গাবলৈ মাতিছে গান গাই গুচি যাম’ । কিন্তু ইমান কম কথা কোৱা মানুহ এজনৰ সমাজৰ প্ৰতি দায়বদ্ধতা, গীত-সংগীতৰ প্ৰতি দায়বদ্ধতা, এই সকলোবোৰ মিলাই মই জয়ন্ত হাজৰিকাৰ ব্যক্তিত্বটোক চ্যলুট কৰো ।”

কেনেদৰে সৃষ্টি হৈছিল সুৰ-বাহিনীৰ ?

manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
শিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮২ সংখ্যক জন্মজয়ন্তী (Photo : ETV Bharat Assam)

সুৰ-বাহিনীৰ সৃষ্টিৰ আঁৰতো আছে কাহিনী । প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজৰ ওচৰত থিয় দিয়া আৰু বৰণ্য শিল্পীসকলৰ বিপদৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়াৰ লক্ষ্যৰে ১৯৭৬ চনত গোলাঘাটত জন্ম হৈছিল সুৰ-বাহিনীৰ ।

এই সন্দৰ্ভত মনীষা হাজৰিকাই কয়, “এটা দিনতে সৃষ্টি হৈছিল সুৰ-বাহিনীৰ । সেইদিনা ৰাতিপুৱা বাতৰি কাকত পঢ়ি মানুহজন খুব অস্থিৰ হৈ পৰিছিল । তেতিয়া মই তেখেতক কি হৈছে বুলি প্ৰশ্ন কৰিছিলোঁ । তেওঁ কৈছিল- ‘যোৰহাটত ইমান বানপানী হৈছে আমি কি একো কৰিব নোৱাৰো নেকি ?’ তেতিয়া মই তেওঁ কি কৰিব খুজিছে বুলি প্ৰশ্ন কৰিছিলোঁ আৰু তেওঁ মোক সেই বানপীড়িত লোকসকলক সহায় কৰিব বিচৰাৰ কথাটো জনালে । তেতিয়া মই তেওঁক ষ্টেজ শ্ব’ কৰি কেইজনমান শিল্পীয়ে গীত গাই পইচা তুলি তেওঁলোকক দি আহিবলৈ পৰামৰ্শ দিলো । কিন্তু তেওঁ তেতিয়া মোক ক’লে, ‘মই বানপানীত থকা মানুহখিনিৰ ওচৰলৈ যাব খুজিছোঁ’ । সেই সময়ত আমাৰ সন্তানো সৰু হৈ আছিল । তাক ক’ত থৈ যাব এইবোৰক লৈ কিছু তৰ্ক-বিতৰ্কও হৈছিল । তেতিয়া তেওঁ মোক কৈছিল যে-ক্ষুদ্ৰ স্বাৰ্থবোৰ বাদ দিবা, যেতিয়া বৃহৎ স্বাৰ্থৰ কথা ভাবা ।”

manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
মনীষা হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকা (Photo : ETV Bharat Assam)

তেওঁ লগতে আৰু কয়, “তাৰ পাছত তেওঁ নিৰ্মলপ্ৰভা বৰদলৈৰ ওচৰলৈ গ'ল গান লিখাই আনিবলৈ । কাৰণ তেওঁ গীত আৰু সুৰেৰে ৰাইজৰ কাষ চপাৰ কথা কৈছিল । সেই সময়ত তেওঁৰ হাতত, ভূপেন দাই বান থিয়েটাৰৰ বাবে ৰচনা কৰা এটা গীত 'লুইতৰ বলিয়া বান’ সেইটো আছিল আৰু এটা গীতৰ বাবে তেওঁ বাইদেউৰ ওচৰলৈ গ'ল । তেতিয়া নিৰ্মলপ্ৰভা বৰদলৈয়ে ‘আজি প্ৰাণৰ মেলা পাতিছো...’ গীতটো লিখি দিলে ৷ এই দুটা গীত লৈ আমি সেইদিনা আবেলিয়ে গোলাঘাটলৈ ওলাই গ’লো । আমাৰ লগত তেতিয়া গৈছিল মহানন্দ মজুমদাৰ বৰুৱা । গোলাঘাটলৈ যোৱাৰ উদ্দেশ্যটো আছিল মুনীন বৰুৱা । তাৰ পাছত আমি গোলাঘাটৰ সমীপৰ বিভিন্ন অঞ্চলত ঘূৰিলোঁ । তেনেদৰে তিনিদিন, তিনিৰাতি ট্ৰাকত উঠি বিভিন্ন অঞ্চলত ঘূৰিছিলোঁ । ৰাইজৰ অভূতপূৰ্ব সহাঁৰি আমি সেই সময়ত লাভ কৰিছিলোঁ । যিয়ে যেনেকৈ পাৰে আমাক সাহায্য আগবঢ়াইছিল । তেতিয়া কিন্তু সুৰ-বাহিনী নামটো হোৱা নাছিল । পৰৱৰ্তী সময়ত হেমন্ত দত্তৰ এটা গীতৰ পৰা সুৰ-বাহিনী শব্দটো জয়ন্ত হাজৰিকাই ভাল পাই তেওঁ এই সংগঠনৰটোৰ নাম দিছিল সুৰ-বাহিনী ।”

জয়ন্ত হাজৰিকাৰ বেছিভাগ গীতৰ কথা আছিল নিৰ্মলপ্ৰভা বৰদলৈ, হেমন্ত দত্তৰ

manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
মনীষা হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকা (Photo : ETV Bharat Assam)

জয়ন্ত হাজৰিকাই সুৰ কৰা 'আগলি বতাহে..', 'আকৌ নতুন প্ৰভাতে', 'মোৰ নাম অনিৰুদ্ধ' আদিকে ধৰি বহু বিখ্যাত বিখ্যাত গীত ৰচনা কৰিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে । জয়ন্ত হাজৰিকাই বহুতে লিখা গীত গাইছে যদিও, সৰহ সংখ্যক গীতেই আছিল নিৰ্মল প্ৰভা বৰদলৈৰে । আনহাতে পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৭৬-৭৭ লৈ হেমন্ত দত্তৰ গীত তেখেতে গাইছিল । যিবোৰ আজীৱন অসমীয়া সংগীতৰ বৰপেৰাত অমূল্য সৃষ্টি হৈ ৰ’ব । আৰম্ভ হৈছিল 'যি বাটেৰে ওলালোঁ আজি' আৰু শেষ হৈছিল 'এই আকাশ বৰ বিশাল ৷'

কেনেদৰে বিবাহপাশত আবদ্ধ হৈছিল জয়ন্ত আৰু মনীষা হাজৰিকা ?

manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
গান ৰেকৰ্ডিঙৰ সময়ত হাজৰিকা (Photo : ETV Bharat Assam)
manisha hazarika opens up about Jayanta hazarika's personality how sur bahini formed
বিয়াৰ মুহূৰ্ত (Photo : ETV Bharat Assam)

১৯৬৯ চনৰ ৪ আগষ্টত কলকাতাৰ জীয়ৰী মনীষা হাজৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল জয়ন্ত হাজৰিকা । বিয়াৰ দুবছৰ পাছত তেওঁলোকৰ মাজলৈ আহে সন্তান ময়ুখ হাজৰিকা ৷

এই সন্দৰ্ভত মনীষা হাজৰিকাৰ কয়, “আমি লগ হোৱাৰ সূত্ৰটো আছিল ভূপেন দা । ভূপেন দাক মই খুব সৰুৰে পৰা পাইছিলো । গীত গাইছিলো । সেই সময়ত ভূপেন দাৰ লগত অনবৰতে ছাঁটোৰ দৰে লাগি আছিল জয়ন্ত হাজৰিকা । তেনেদৰেই পৰিচয় হ'ল । তাৰ পাছত লটিঘটিৰ কাম কৰি থকা সময়ত ৫ বছৰ পাছত মোক বিয়া কৰাম বুলি ক’লে । আনহাতে ভূপেন দাই আমাৰ ঘৰলৈ গৈ জয়ন্ত হাজৰিকাৰ লগত বিয়াৰ প্ৰস্তাৱ দিলে । তেনেদৰেই বিবাহপাশত আবদ্ধ হ’লো । এক কথাত ক’বলৈ গ’লে আমি সংগীতৰ মাধ্যমেৰে দুয়ো দুয়োকে লগ পাইছোঁ আৰু সংগীতৰ মাধ্যমেৰে দুয়ো দুয়োৰে ওচৰ চাপিছো ।”

বহু কালজয়ী গীতৰ স্ৰষ্টা জয়ন্ত হাজৰিকাৰ জন্ম বাৰ্ষিকীত ইটিভি ভাৰত পৰিয়ালৰ তৰফৰ পৰা জনাইছো অশেষ শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক : মই আচলতে বিহুগীতসমূহ লিখোহে, গোটেইবোৰ দেখোন তেওঁৱেই গাইছিল