ETV Bharat / entertainment

ছৈফ আলী খানৰ এটা অস্ত্ৰোপচাৰ সম্পন্ন: শৰীৰৰ পৰা ওলাল 3 ইঞ্চি দীঘল চোকা ধাতুৰ টুকুৰা

ছৈফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাই স্তম্ভিত কৰি তুলিছে বলীউডৰ পৰা দক্ষিণৰ তাৰকালৈকে সকলোকে । এই দুৰ্ঘটনাক লৈ সকলোৱে উদ্বেগ প্ৰকাশ কৰিছে ।

saif ali khan stabbed devara co actor jr ntr and other celebs shocked
বলীউডৰ পৰা টলীউডলৈকে হতবাক তাৰকা (Etv Bharat)
author img

By ETV Bharat Entertainment Team

Published : January 16, 2025 at 4:32 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : চুৰি কৰাৰ উদ্দেশ্যেৰে বলীউড অভিনেতা ছৈফ আলী খানৰ ঘৰত সোমাই অচিনাকি লোকে ছুৰীৰে আক্ৰমণ কৰে অভিনেতাজনক । ছবাৰকৈ তেওঁক ছুৰিকাঘাত কৰে আক্ৰমণকাৰীয়ে । এই ঘটনাটোৱে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগক হতবাক কৰি তুলিছে । বলীউডৰ পৰা দক্ষিণৰ তাৰকালৈকে, সকলোৱে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে । দেৱৰা ছবিত অভিনয় কৰা তেওঁৰ সহ-অভিনেতা জুনিয়ৰ এন টি আৰ আৰু পূজা ভাটে সামাজিক মাধ্যমৰ জৰিয়তে ঘটনাটোৰ ওপৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰে ।

হতভম্ব জুনিয়ৰ এন টি আৰ

ছৈফ আলী খান আৰু জুনিয়ৰ এন টি আৰে একেলগে কাম কৰিছে দেৱৰা ছবিত । এতিয়া ছৈফৰ ওপৰত হোৱা এই আক্ৰমণৰ কথা শুনি অভিনেতাজন স্তম্ভিত হৈ পৰিছে ৷ ছ’চিয়েল মিডিয়াত এটি বাৰ্তাৰ জৰিয়তে অভিনেতাজনৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে জুনিয়ৰ এন টি আৰে । তেওঁ ইনষ্টাগ্ৰামত লিখিছে, "ছৈফ ছাৰক আক্ৰমণ কৰা বুলি শুনি মই বৰ স্তম্ভিত হৈছো । তেখেতৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰিলো ।"

আইন শৃংখলাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিলে পূজা ভাটে

ইফালে মহেশ ভাটৰ কন্যা পূজা ভাটে এই আক্ৰমণৰ বাবে পোনপটীয়াকৈ আইন-শৃংখলা পৰিস্থিতিক জগৰীয়া কৰিছে । পূজাই ইনষ্টাগ্ৰামত লিখিছে, "আইন আৰু শক্তিশালী হ’ব নোৱাৰেনে ? আমাক বান্দ্ৰাত অধিক আৰক্ষীৰ উপস্থিতিৰ প্ৰয়োজন, বিশেষকৈ আমাৰ চহৰখনে আগতে কেতিয়াও ইমান অসুৰক্ষিত অনুভৱ কৰা নাছিল ।" ইয়াৰ পিছত পূজাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, অজিত পাৱাৰ আৰু একনাথ সিণ্ডেক টেগ কৰে । দ্বিতীয়টো টুইটত তেওঁ লিখিছে, "আইন আৰু শৃংখলা, আমাৰ আইন আছে কিন্তু শৃংখলা ক’ত ।"

আৰক্ষীৰ তথ্য অনুসৰি চোৰে ছৈফ আলী খানৰ ঘৰত প্ৰৱেশ কৰাৰ পিছত তেওঁৰ ঘৰুৱা কৰ্মচাৰী-সহায়কাৰীসকলৰ সৈতে ভেটাভেটি হয় । ঘটনাৰ সময়ত কৰীণা কাপুৰ খান, সন্তান টাইমূৰ আৰু জেহো ঘৰত আছিল । উল্লেখ্য যে ছৈফ আলী খানৰ নিউৰ’ছাৰ্জাৰী ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু 3 ইঞ্চি দীঘল চোকা ধাতুৰ টুকুৰা এটা তেওঁৰ শৰীৰৰ পৰা আঁতৰাবলৈ চিকিৎসক সক্ষম হৈছে । কছমেটিক ছাৰ্জাৰী অৱশ্যে এতিয়াও বাকী আছে । সম্প্ৰতি আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে ।

গোটেই ঘটনাটো কি

দৰাচলতে 16 জানুৱাৰীৰ পুৱাৰ ভাগত চোৰে ছৈফ আলী খানৰ ঘৰত সোমাই ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ কৰে । এই আক্ৰমণত দেহৰ ছটাকৈ স্থানত আঘাত পোৱা ছৈফক চিকিৎসাৰ বাবে মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমানলৈকে আৰক্ষীয়ে তিনিজন লোকক আটক কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । অভিনেতাজনৰ ঘৰৰ চিচি টিভি ফুটেজো সংগ্ৰহ কৰা হৈছে ।

লগতে পঢ়ক : অভিনেতা ছৈফ আলী খানক ছবাৰকৈ চোকা অস্ত্ৰৰে হানিলে চোৰে