শুকুৰবাৰৰ পৰা ছবিগৃহত সময়কেন্দ্ৰিক ছবি 'তাৰিখ'
সময়ে কোঙা কৰা এক জীয়া কাহিনীৰ আধাৰত শুকুৰবাৰৰ পৰা ছবিগৃহত চলিব 'তাৰিখ'। মুক্তিৰ পূৰ্বেই ইতিমধ্যে বহুকেইটা ছবি মহোৎসৱত সমাদৃত হৈছে ছবিখন ।

By ETV Bharat Entertainment Team
Published : August 21, 2025 at 8:17 PM IST
|Updated : August 21, 2025 at 8:23 PM IST
গুৱাহাটী: শুকুৰবাৰে মুক্তি লাভ কৰিব সময়ে কোঙা কৰা এক জীয়া কাহিনীৰ আধাৰত নিৰ্মাণ কৰা এখন নতুন অসমীয়া ছবি “তাৰিখ” এ । এগৰাকী বৰ্ষীয়ান ব্যক্তিৰ নিসংগতা, যন্ত্ৰণাৰ পৰা পোৱা পৰিত্ৰাণক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে “তাৰিখ” ছবিখন ।
এনাজৰী টকীজৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ প্ৰযোজনা অৰুন্ধতী শর্মা বৰুৱা আৰু ড৹ মুক্তিস্মান হাজৰিকাৰ । ছবিখনৰ পৰিচালনা কৰিছে হিমজ্যোতি তালুকদাৰে । ২০১৮ বৰ্ষত বহু চৰ্চিত “কেলেণ্ডাৰ” চিনেমাখনৰ যোগেদি পৰিচিত হৈ পৰা হিমজ্যোতি তালুকদাৰৰ “তাৰিখ” হৈছে দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ।
মুক্তিৰ পূৰ্বে ইতিমধ্যে ছবিখনে বহুকেইটা ছবি মহোৎসৱত সমাদৃত হৈছে ছবিখন । ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ পৰিচালক হিমজ্যোতি তালুকদাৰ , প্ৰযোজক মুক্তিস্মান হাজৰিকা আৰু বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই জনাই ছবিখনৰ সন্দৰ্ভত বহু কথা ।
ছবিখন সন্দৰ্ভত পৰিচালক হিমজ্যোতি তালুকদাৰৰ মন্তব্য
কেলেণ্ডাৰ ছবিখনেৰে দর্শকৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হোৱা পৰিচালক হিমজ্যোতি তালুকদাৰৰ পৰিচালিত “তাৰিখ” দ্বিতীয়খন ছবি । ছবিখনৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “২০১৮ চনত কেলেণ্ডাৰ ছবিখন নিৰ্মাণ কৰাৰ সময়তে সময়ৰ ওপৰত তিনিখন ছবি নিৰ্মাণ কৰাৰ আমাৰ এটা পৰিকল্পনা আছিল । সময়ৰ ওপৰত নিৰ্মাণ হোৱা তাৰিখ দ্বিতীয়খন ছবি । তাৰিখৰ কাহিনীটো কেলেণ্ডাৰতকৈ সম্পূৰ্ণ পৃথক । তাৰিখৰ মূল কাহিনীতো ২০০৮ চনৰ ৩০ অক্টোবৰত অসমত যি ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটিছিল, সেই কলা অধ্যায়টোৰ ওপৰত আধাৰ কৰি আমি ছবিখন নিৰ্মাণ কৰিছোঁ । সেই কলা অধ্যায়খিনিৰ যিসকল ভূক্তভুগী, তেখেতসকলৰ যিটো বেদনা সেই বিষয়বস্তু লৈ আমি তাৰিখ ছবিখন প্ৰস্তুত কৰিছোঁ । সেই ঘটনাত বৰ্তমানৰ পৰা বিচ্ছিন্ন ৭০ বৰ্ষীয় দুৰ্লভ দত্তই জীৱনৰ বিয়লিবেলাত সাৰথি কৰি লয় নিসংগতাক । অপ্ৰত্যাশিত সেই ঘটনাই স্তব্ধ কৰি দিছিল দুৰ্লভ দত্তৰ সময়ৰ গতি । পৃথিৱীখন আগবাঢ়ি যোৱাৰ সময়তে স্থবিৰ হৈ পৰিছিল তেখেতৰ জীৱনৰ গতি । তেনে এক সময়তে এগৰাকী সৎ তথা উদাৰ সাংবাদিকে দুৰ্লভ দত্তক মানসিক যন্ত্ৰণাৰ পৰা মুক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে । এই কাহিনীৰ আধাৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।”

“তাৰিখ” সন্দৰ্ভত বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ মন্তব্য
“তাৰিখ” ছবিখনৰ সংগীতৰ দায়িত্বত আছিল বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মা । ছবিখনৰ সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, “ছবিখন সম্পূৰ্ণ শব্দ(sound) ৰ । কেতিয়াবা কিছু ছবি থাকে য'ত শব্দ (sound)ই বেছি প্ৰাধান্য পাই, আনহাতে কিছুমান ছবিত সংগীতে প্ৰাধান্য পায় । এই সমূহ ছবি সাধাৰণ ছবিতকৈ অকণমান পৃথক । কাৰণ ছবিখনৰ মুখ্য চৰিত্ৰটোৱে কথা নকয়, অৰ্থাৎ ছবিখন মুখ্য চৰিত্ৰটোৰ একো সংলাপ নাই । গতিকে একেবাৰে কথা নোকোৱা চৰিত্ৰ এটা যেতিয়া আমি পৰ্দাত দেখি থাকিম তেওঁৰ নীৰৱতাও এটা চৰিত্ৰ হৈ যায় । সেইটোত আমি সংগীত কিদৰে দিম সেইটোৱে প্ৰথম প্ৰত্যাহ্বান আছিল । ছবিখনত কিছুমান গুৰুত্বপূৰ্ণ সময়ত আমি একেবাৰে সংগীত ব্যৱহাৰ নাই কৰা । সেইবোৰ মৌন হৈ আছে । কাৰণ Silence is a kind of music" ৷ ছবিখনত এটা মাত্ৰ গীত আছে সেই গীতটোত কণ্ঠদান কৰিছে ৰূপম ভূঞাই ।”
ছবিখন নিৰ্মাণৰ সন্দৰ্ভত প্ৰযোজক মুক্তিস্মান হাজৰিকাৰ মন্তব্য
এখন ছবি নিৰ্মাণ কৰাৰ পৰা ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিয়ালৈকে এগৰাকী পৰিচালকৰ, কলা-কুশলীৰ সমান্তৰালকৈ প্ৰযোজকৰো যথেষ্ট কষ্ট তথা সংগ্ৰাম থাকে । “তাৰিখ” ছবিখনৰ সন্দৰ্ভত প্ৰযোজক মুক্তিস্মান হাজৰিকাই কয়, “পৰিচালক হিমজ্যোতি তালুকদাৰে এদিন হঠাতে তাৰিখৰ কাহিনীটো মোক শুনালে । এটা মৰমলগা কাহিনী, তেনেকৈয়ে নভৱাকৈ “তাৰিখ”ৰ প্ৰযোজক হৈ পৰিলোঁ । আনহাতে সৰু ছবিসমূহৰ এটা ধাৰা বা এটা গতি থাকে । লগতে পৰিচালক হিমজ্যোতি তালুকদাৰৰো ছবি নিৰ্মাণৰ ক্ষেত্ৰত এটা নিজস্বশৈলী আছে । ছবিখন মুক্তি দিয়াৰ ক্ষেত্ৰত অকণমান অসুবিধা হৈছিল, কাৰণ ডাঙৰ ছবিসমূহক বেছি প্ৰাধান্য দিয়া হয়, কিন্তু সেই সমস্যাসমূহৰ মাজতো এটা ভাললগা কথা যে সেইসময়খিনিত ছবিখন কেইবাটাও মহোৎসৱলৈ পঠিওৱা হ'ল আৰু তাত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ছবিখনে । এতিয়া অকণমান সাহস গোটাই 22 আগষ্টৰ দিনা ছবিখন মুক্তি দিম । প্ৰথম পৰ্যায়ত আমি কম সংখ্যক ছবিগৃহত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছোঁ ।”
মহানগৰীৰ খাৰঘূলিত দৃশ্যগ্ৰহণ কৰা এই ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ, বলোৰাম দাস, স্বাগতা ভৰালী, কুল কুলদীপ, দীক্ষিতা আদিকে কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীত পৰিচালক তৰালী শৰ্মাই, শব্দ ৰূপাংকণ কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী দেৱজিত গায়নে আৰু চিত্ৰগ্ৰহণৰ দায়িত্ব পালন কৰিছে অনিৰুদ্ধ বৰুৱাই ।

আনহাতে ছবিখনৰ শীৰ্ষগীতটিত কণ্ঠদান কৰিছে ৰূপম ভূঞাই । উল্লেখ্য যে, বিগত বৰ্ষৰ ৬ ডিচেম্বৰত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা হৈছিল যদিও "পুষ্পা ২" ৰ বাবে সলনি কৰিবলগীয়া হৈছে মুক্তিৰ দিন । ছবিগৃহত মুক্তি লাভ নকৰিলেও ছবিখনে ইতিমধ্যে বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ নিৰ্বাচিত হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জিলিকিব ‘তাৰিখ’

