ETV Bharat / entertainment

"যোদ্ধা"ৰ সৈতে যুঁজিব "তাৰিখ"-এ ! কি কয় পৰিচালকে ?

২২ আগষ্টত মুক্তিলাভ কৰিব নতুন অসমীয়া ছবি ‘যোদ্ধা’। পৰিমল এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা ভাস্কৰ জে গোস্বামীৰ ৷

interview upcoming assamese movie joddha director Bhaskar J Goswami opens up about this project
এখন নতুন অসমীয়া ছবিৰ আগমন (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : August 19, 2025 at 5:49 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : আন এখন নতুন অসমীয়া ছবিৰ আগমনৰ খবৰে এতিয়া উৎফুল্লিত কৰিছে দৰ্শকক । অহা ২২ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি ‘যোদ্ধা’ই । পৰিমল এণ্টাৰপ্ৰাইজৰ বেনাৰত পৰিমল বিশ্বাস আৰু ৰিমা বিশ্বাসে প্ৰযোজনা কৰা ‘যোদ্ধা’ৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা পৰিচালনা ভাস্কৰ জে গোস্বামীৰ ৷

বিগত বহু বছৰ ধৰি ছবিখনৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছিল সকলো। ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত পৰিচালকগৰাকীয়ে জনাই বহু কথা ।

ছবিখনক লৈ পৰিচালকগৰাকীৰ মন্তব্য

পৰিচালক তথা ছবিখনৰ চিত্ৰনাট্যকাৰ ভাস্কৰ জে গোস্বামীয়ে ছবিখনৰ আধাৰৰ সন্দৰ্ভত কয়, “যোদ্ধা ছবিখনৰ কাহিনী কেৱল এখন ছবিৰ কাহিনী নহয় । এইটো এটা প্ৰত্যাহ্বান । দৰিদ্ৰতা মানুহৰ প্ৰতি ভগৱানৰ অভিশাপ নহয় । দৰিদ্ৰতাই প্ৰতিটো মুহূৰ্তত মানুহৰ জীৱনৰ অৰ্থ আৰু মৰ্ম উপলব্ধি কৰিবলৈ শিকায় । এই সংকল্পৰ দৃঢ়তাই মানুহক এজন যোদ্ধা বনায় । আমি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মক্ষেত্ৰ, সংসাৰৰূপী কুৰুক্ষেত্ৰত একো-একোজন যোদ্ধা ৷ জয়-পৰাজয় বুকুত সামৰি আমি আগবাঢ়ি যাওঁ আৰু আগবাঢ়ি গৈ থাকিব লাগিব ৷ কাৰণ, ৰৈ গ’লেই সময়ে ক্ষমা নকৰিব নিশ্চয় ৷ সময় গতিশীল ৷ এয়াই যোদ্ধাৰ মনৰ দৃঢ়তা ৷ এই পটভূমিত ৰচনা কৰা হৈছে প্ৰেম, বিষাদ আৰু একশ্যনধৰ্মী ছবিখনৰ কাহিনীভাগ ৷”

ছবিখনৰ পৰিকল্পনা কিমান দিনৰ আছিল ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “এগৰাকী পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে ছবিখনৰ পৰিকল্পনা মোৰ বহুত দিনৰ । ছবি এখন নিৰ্মাণ কৰিবলৈ হ’লে এগৰাকী প্ৰযোজকৰ প্ৰয়োজন হয় । প্ৰযোজকক পোৱাৰ এবছৰৰ ভিতৰত মই ছবিখন সম্পূৰ্ণ কৰিছো ।”

একেদিনাই দুখনকৈ অসমীয়া ছবিয়ে মুক্তি লাভ কৰিবলগীয়া হোৱাৰ বাবে কিবা সমস্যাৰ সন্মুখীন হ'ব নেকি ?

আগন্তুক ২২ আগষ্টত 'যোদ্ধা'ৰ লগতে মুক্তি লাভ কৰিব আন এখন অসমীয়া ছবি 'তাৰিখ' এ । একেদিনাই দুখনকৈ অসমীয়া ছবিয়ে মুক্তি লাভ কৰিবলগীয়া হোৱাৰ বাবে কিবা সমস্যাৰ সন্মুখীন হ'ব নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত পৰিচালকগৰাকীয়ে কয়, “সমস্যা যথেষ্টখিনিয়ে হ'ব । কাৰণ এটা পৰিয়ালে একেলগে দুখনকৈ অসমীয়া ছবি উপভোগ কৰিব পৰাটো সম্ভৱ নহয় । গতিকে যথেষ্ট ক্ষতি হ’ব । আনহাতে আমাৰ ছবিখনৰ বিভিন্ন অজুহাতৰ বাবে মুক্তিৰ দিন পিছুৱাব লগীয়াও হৈছে । বিশেষকৈ অসমত এটা লবি আছে । যিটো লবিয়ে আমাৰ ছবিখন মুক্তি দিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে । যাৰ বাবে ছবিখনে মুক্তিৰ তাৰিখ লাভ কৰিবলৈ দুবছৰ সময় লাগিল । বৰ্তমানলৈ দুটা প্ৰদৰ্শনী আমি লাভ কৰিছোঁ ।” পৰিচালকগৰাকীয়ে সমান্তৰালকৈ অসমত চলচ্চিত্ৰ নীতি ৰূপায়ন নোহোৱাৰ বাবেও ক্ষোভ উজাৰে ।

উল্লেখ্য যে, ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে ৷ ছবিখনত সন্নিৱিষ্ট পাঁচটা গীত ৰচনা কৰিছে ক্ৰমে– জুবিন গাৰ্গ, শশাংক সমীৰ, ৰাহুল গৌতম শৰ্মা, পুনম নাথ আৰু ভাস্কৰ গোস্বামীয়ে ৷ কণ্ঠদান কৰিছে– জুবিন গাৰ্গ, ছয়নিকা ভূঞা, সংগীতা হাজৰিকা, মেঘনাথ পূজাৰী আৰু ৰাহুল গৌতম শৰ্মাই ৷

interview upcoming assamese movie joddha director Bhaskar J Goswami opens up about this project
এখন নতুন অসমীয়া ছবিৰ আগমন (Photo : ETV Bharat Assam)

ৰাজস্থান আৰু গোৱাৰ লগতে অসমৰ বিভিন্ন মনোমোহা লোকেশ্যনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে অভিজিৎ গগৈয়ে ৷ সম্পাদনা কৰিছে প্ৰতীম খাউণ্ডে ৷ আৱহ সংগীত মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান তপন দত্তৰ ৷ শব্দ সংযোজনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ ৷ মুখ্য সহকাৰী পৰিচালক জয়ন্ত শৰ্মা ৷ সহকাৰী পৰিচালক সুৰজিৎ ফুকন আৰু সিদ্ধাৰ্থ শংকৰ নাথ ৷ নৃত্য নিৰ্দেশনা কৰিছে দীপক দে আৰু শশীন্দ্ৰ কুমাৰ বৰুৱাই ৷

‘যোদ্ধা’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– ৰাজকুমাৰ, শোণিত বৰা, চিন্ময় কটকী, কাজল শৰ্মা, অলিস্মিতা গোস্বামী, ৰাজেশ কুমাৰ ম’ৰ, নয়ন কৌশিক, শুভাসিষ ৰিয়ান কাশ্যপ, মালা গোস্বামী, ৰাশী শইকীয়া, পৰাগ দত্ত, জয়ন্ত দত্ত, পাহি বৰঠাকুৰ, সঞ্জীৱ বৰঠাকুৰ আৰু ভগৱান গোস্বামীয়ে ৷ অতিথি শিল্পী হিচাপে ছবিখনিত ভূমুকি মাৰিছে প্ৰাণজিৎ দাস, জুৰি শৰ্মা, জুবিন গাৰ্গ, ৰাজীৱ ক্ৰ’, গৌৰৱ বৰা আদিয়ে ৷ শিশুশিল্পী হিচাপে আছে মনীষ ভূঞা (ৰণি), নীল আকাশ মহন্ত, গৌৰৱ গোস্বামী, খ্ৰীয়া আঠপুৰীয়া, সঞ্জীতা তালুকদাৰ আৰু মুকদ্বীপ শৰ্মা ৷

লগতে পঢ়ক : মুক্তি পালে আন এখন অসমীয়া ছবি 'তাৰিখ'ৰ ট্ৰেইলাৰ আৰু শীৰ্ষগীত