এসময়ৰ দেশীগীতৰ নাম কেনেকৈ গোৱালপৰীয়া লোকগীত হ'ল ? আঁৰত আছিল কোন দুই কৃতবিদ্য ?
ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰত গোৱালপৰীয়া লোকগীতৰ অতীত-বৰ্তমান সুঁৱৰিলে প্ৰতিমা পাণ্ডে বৰুৱাৰ সংস্পৰ্শলৈ অহা এগৰাকী লোকগীতৰ শিল্পীয়ে ৷

By ETV Bharat Entertainment Team
Published : September 2, 2025 at 4:15 PM IST
|Updated : September 2, 2025 at 4:30 PM IST
গুৱাহাটী: অসমীয়া লোকসংস্কৃতিৰ অন্যতম অমূল্য সম্পদ গোৱালপৰীয়া লোকগীত । অসমীয়া সংগীতৰ ভঁৰালত গোৱালপৰীয়া লোকগীতৰ আছে এক বিশেষ স্থান । এই গীতৰ সুৰত আছে অঞ্চলটোৰ ইতিহাস, জীৱন যাপন, আনন্দ-বেদনা আৰু সেই মানসিকতাৰে গঢ়ি উঠা চিৰন্তন এক ধাৰা । এই ধাৰাক আগবঢ়াই নিয়াৰ বাবে অহৰহ চেষ্টা কৰি থকা এগৰাকী শিল্পী হৈছে জবা চক্ৰৱৰ্তী ।
কালী পূজাৰ দিনা জন্ম হোৱা বাবে পিতৃয়ে নাম ৰাখিছিল জবা । শৈশৱৰ পৰাই সংগীতৰ প্ৰতি বিশেষ ৰাপ আছিল জবা চক্ৰৱৰ্তীৰ । গোৱালপাৰা মহাবিদ্যালয়ৰ একেৰাহে তিনিবাৰকৈ শ্ৰেষ্ঠ গায়িকা, লগতে যুৱ মহোৎসৱত লোকগীত শিতানত একেৰাহে পাঁচবাৰ স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হৈছিল জবা চক্ৰৱৰ্তীয়ে । ইয়াৰোপৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গোৱালপৰীয়া লোকগীতৰ 'এ' গ্ৰেডৰ শিল্পী তেওঁ ।
ই টিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত জবা চক্ৰৱৰ্তীয়ে সুৱঁৰিলে গোৱালপৰীয়া লোকগীতৰ অতীত ৷ ক'লে বৰ্তমানৰ কথাও ৷
কেনেদৰে আৰম্ভ হৈছিল সংগীতৰ এই যাত্ৰা ?
ধুবুৰী জিলাত জন্ম শিল্পী জবা চক্ৰৱৰ্তীৰ । পৰৱৰ্তী সময়ত পিতৃ চাকৰি সূত্ৰে গোৱালপাৰা জিলালৈ আহে । গোৱালপাৰা জিলাতে অনুষ্ঠানিক শিক্ষাৰ লগতে সংগীতৰ শিক্ষা গ্ৰহণ কৰে তেওঁ ।
এই যাত্ৰা সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, “গোৱালপাৰা জিলাতে আৰম্ভ হৈছিল সংগীতৰ মোৰ অনুষ্ঠানিক শিক্ষাৰ যাত্ৰা । শাস্ত্ৰীয় সংগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিলো মোৰ দেউতাৰ ওচৰত । তাৰ পাছত গুৱাহাটীলৈ আহি শাস্ত্ৰীয় সংগীতৰ নিপুণ কৰো । ১৯৯৪ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আধুনিক সুগম সংগীত আৰু ১৯৯৬ চনত গোৱালপৰীয়া লোকগীত শিতানৰ স্বীকৃতি লাভ কৰিছো । বৰ্তমান মই গোৱালপৰীয়া লোকগীতৰ 'এ' গ্ৰেড শিল্পী ।”

প্ৰতিমা পাণ্ডে বৰুৱাৰ সান্নিধ্য লাভ কৰিছিল জবা চক্ৰৱৰ্তীয়ে
একবাৰ হৰি বলো মন ৰসনা, মানৱ দেহেৰ গৈৰৱ কৈৰো না, মানৱ দেহা মাটিৰে ভাণ্ড ভাঙিলে হইবে খণ্ডৰে খণ্ড ভাঙিলে দেহা জোৰা নিবে না... ৷ গোৱালপৰীয়া লোকগীত বুলি ক’লেই মনলৈ অহা ব্যক্তিগৰাকী হৈছে প্ৰতিমা পাণ্ডে বৰুৱা । শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি লাভ কৰিবলৈ সক্ষম হৈছিল । শৈশৱতে প্ৰতিমা পাণ্ডে বৰুৱাৰ সন্নিধ্য লাভ কৰিছিল জবা চক্ৰৱৰ্তীয়ে ৷
এই সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, “মোৰ দেউতাৰ ঘৰ আছিল গৌৰীপুৰত । সেই সূত্ৰে আমাৰ গৌৰীপুৰলৈ অহা-যোৱা হৈ থাকে । তেনেকৈয়ে মই মোৰ দেউতাৰ লগত প্ৰতিমা বাইদেউৰ মাটিয়াবাগৰ ঘৰখনলৈ কেইবাবাৰো গৈছিলো । মোৰ লোকগীতৰ গুৰু তেনেকৈ কোনো নাছিল । আকাশবাণীত গোৱালপৰীয়া লোকগীতৰ 'এ' গ্ৰেড শিল্পী হোৱাৰ পূৰ্বে মই তেওঁৰ ওচৰলৈ গৈছিলো । তেতিয়া মোক এটা গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰিবলৈ দিছিল । মই গীতটো গোৱাৰ পাছত মোক কৈছিল, “কণ্ঠ ভাল আৰু গীত এটা গোৱাৰ সময়ত নৱৰসৰ কোনটো কথা আছে, সেইখিনি যদি বুজি পোৱা তেন্তে সেই কথাখিনি উপলব্ধি কৰিব পাৰিবা আৰু প্ৰকাশভংগী ভাল হ’লে শ্ৰোতা দৰ্শকৰ অন্তৰ চুই যাব ৷” এই বুলি তেখেতে আশীৰ্বাদ দিয়ে । ২০০২ চনত তেখেত পৰলোকগামী হয় । তাৰ পাছৰে পৰা তেখেতৰ কণ্ঠেৰে নিগৰা লোকগীতসমূহ আৰু তাৰ বাহিৰেও অপ্ৰচলিত লোকগীতসমূহ বাণীবদ্ধ কৰিছোঁ ।”
গোৱালপৰীয়া লোকগীতসমূহ কি ?
অসমৰ প্ৰধান দুবিধ লোকগীতৰ ভিতৰত গোৱালপৰীয়া লোকগীত অন্যতম । মূলতঃ পশ্চিম অসমত প্ৰচলিত গীতসমূহক গোৱালপৰীয়া লোকগীত বুলি কোৱা হয় । আনহাতে গোৱালপৰীয়া বুলি অসমত প্ৰচলিত গীত পশ্চিম বংগৰ কোচবিহাৰ, জলপাইগুৰি, আলিপুৰদুৱাৰ, দাৰ্জিলিঙৰ লগতে বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ অঞ্চলত ভাওয়াইয়া গীত বুলি স্বীকৃত ।
এই গীত সন্দৰ্ভত মন্তব্য কৰি শিল্পীগৰাকীয়ে কয়, “ব্ৰহ্মপুত্ৰৰ সিটো পাৰে অৰ্থাৎ অসমৰ পশ্চিম অঞ্চলত গোৱালপৰীয়া সংস্কৃতি বিদ্যমান । এই লোকসংস্কৃতি অতি চহকী । অবিভক্ত গোৱালপাৰা জিলা মিলি সমগ্ৰ অঞ্চলটোৱে গোৱালপৰীয়া সংস্কৃতি ধৰি ৰাখিছে । সেই অঞ্চলৰ জীৱন-ধাৰণৰ শৈলী, তাৰ চহা লোকসকলৰ জাতীয় উৎসৱ, ধৰ্মীয় উৎসৱ, পৰম্পৰা, কৰ্ম বিষয় এইবোৰ সামৰি বহুধৰণৰ গীত ইয়াত প্ৰচলিত হৈ আছে । প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৱে সেইবোৰ সংৰক্ষণ কৰি সংকলন কৰি বিভিন্ন ঠাইত, বিভিন্ন মঞ্চত অসমৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো এই গীতসমূহ পৰিৱেশন কৰিছে । আগতে এই গীতসমূহক গোৱালপৰীয়া গীত বুলি নামাকৰণ কৰা হোৱা নাছিল, লোকগীত বা দেশীগীত বুলি প্ৰচলিত আছিল ।
তেওঁ আৰু কয়, “যেতিয়া প্ৰতিমা বাইদেউ এই গীতসমূহ পৰিৱেশনৰ বাবে আকাশবাণী কেন্দ্ৰলৈ আমন্ত্ৰিত হ'ল, তেতিয়া ড৹ ভূপেন হাজৰিকা আৰু পুৰুষোত্তম দাসদেৱৰ তত্বাৱধানত নামাকৰণ কৰা হ’ল । ১৯৫২ চন মানত এই গীতসমূহক গোৱালপৰীয়া লোকগীত নামে নামাকৰণ কৰা হয় । এই গীতত বিশেষকৈ কোচ ৰাজবংশী লোকসকলৰ ৰীতি-নীতি বেছিকৈ প্ৰচলিত হয় ।”

গোৱালপৰীয়া লোকগীতৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল জবা চক্ৰৱৰ্তী ?
এই সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, “মোৰ সকলোধৰণৰ গীতেই প্ৰিয় । গাবলৈ চেষ্টাও কৰো । কিন্তু সকলোৱে সকলোতে পাৰ্গত নহয় । কিন্তু যেতিয়া মই একেধাৰে গোৱালপৰীয়া লোকগীতসমূহ বিভিন্ন আধুনিক গীতৰ লগত পৰিৱেশন কৰো ৰাইজে খুব ভাল পায় । ইয়াৰোপৰি এই বিষয়ত মই অধ্যয়ন কৰিবলৈও ললোঁ । তেনেদৰেই মই আকৰ্ষিত হ’লো ।” লোকগীতসমূহৰ ক্ষেত্ৰত নৱ-প্ৰজন্মৰ কৰণীয় কি ?
এইক্ষেত্ৰত শিল্পীগৰাকীয়ে কয়, “আমি পৰিৱেশন কৰা লোকগীতসমূহ পদ্ধতিগত । ইয়াত সুৰ-তাল-লয় আদি থাকে । আনহাতে যিসমূহ লোকগীত, সেইসমূহ মানুহৰ মুখে মুখে প্ৰচলিত গীত । আজিৰ নৱ-প্ৰজন্ম এই গীতসমূহৰ প্ৰতি আগ্ৰহী হোৱা আমি দেখিছোঁ । কিন্তু দুই-এটা গীত গায়েই বহুতে জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰে । গীতটোৰ সাৰমৰ্ম আৰু গভীৰতালৈ যাব নিবিচাৰে । লোকগীতসমূহে বিশেষ ঠাই এডোখৰৰ পৰম্পৰাখিনি ফুটাই তোলে । তাত যদি আমি কিবা বেলেগ ভাব দিওঁ, তেতিয়া সেই পৰম্পৰাটোৰ ক্ষতি হয় । এইক্ষেত্ৰত শিপাডাল ধৰি ৰখাটো নতুন প্ৰজন্মৰ কৰণীয় বুলি মই ভাবো । লোকগীতসমূহ লোকগীত হিচাপে থাকিলেই ভাল লাগে । পৃথিৱীৰ প্ৰতিখন ঠাইতে লোকগীত আছে ।”
উল্লেখ্য যে প্ৰতিমা পাণ্ডে বৰুৱাৰ বহু গীত জবা চক্ৰৱৰ্তীয়ে বাণীবদ্ধ কৰাৰ লগতে সময়ৰ সোঁতত হেৰাই যাব খোজা মুখে মুখে প্ৰচলিত বহু লোকগীত নিজৰ কণ্ঠৰে বাণীবদ্ধ কৰি বিশ্বমঞ্চলৈ পঠিয়াবলৈ অহৰহ চেষ্টা কৰি আছে । আজিৰ দিনত জবা চক্ৰৱৰ্তী অসমৰ লোকসংগীতৰ মঞ্চত কেৱল এগৰাকী শিল্পী হিচাপে নহয়, এগৰাকী ঐতিহ্যবাহী সুৰীয়া কণ্ঠৰ যাত্ৰী ৰূপে পৰিচিত ।
লগতে পঢ়ক : অভিনয়ৰ খাতিৰতে হুইল চেয়াৰত বহিছিল কন্যা, পৰিচালক মাতৃৰ কি অনুভৱ হৈছিল বাৰু ?

