ETV Bharat / entertainment

ইতিমধ্যেই দ্বিতীয়টো প্ৰজেক্টৰ চিন্তা মনত সোমাইছে ভেনিচ চলচ্চিত্ৰ মহোৎসৱৰ বিজেতা অনুপৰ্ণা ৰয়ৰ

ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত ভেনিচ চলচ্চিত্ৰ মহোৎসৱত অৰিজ’ণ্টি শ্ৰেষ্ঠ পৰিচালকৰ বঁটা বিজয়ী অনুপৰ্ণা ৰয়ে তেওঁৰ পৰৱৰ্তী ছবিখনৰ বিষয়ে মুকলিকৈ কয় ।

Anuparna Roy interview on winning Orizzonti Best Director award for Songs of Forgotten Trees at 82nd Venice Film Festival
ভেনিচ চলচ্চিত্ৰ মহোৎসৰৱ বিজেতা অনুপৰ্ণা ৰয় ((Photo: Getty Images))
author img

By Seema Sinha

Published : September 12, 2025 at 6:21 PM IST

12 Min Read
Choose ETV Bharat

ব্যক্তিগত ক্ষতি, আঘাত আৰু স্থানচ্যুতিৰ কাহিনীৰে সমৃদ্ধ ৭৭ মিনিটৰ ছবি ছংছ অফ ফৰ্গটেন ট্ৰিজৰ বাবে ৮২ সংখ্যক ভেনিচ চলচ্চিত্ৰ মহোৎসৱত অৰিজ’ন্টি শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিছে ৩১ বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতা অনুপৰ্ণা ৰয়ে ।

সত্যজিৎ ৰয় (গোল্ডেন লায়ন, অপৰাজিতো, ১৯৫৭), বুদ্ধদেৱ দাসগুপ্ত (বিশেষ পৰিচালক বঁটা, উত্তৰা, ২০০০), মীৰা নাইৰ (গোল্ডেন লায়ন, মন্সুন ৱেডিং, ২০০১) আৰু চৈতন্য তামহানে (অৰিজ’ন্টি বেষ্ট ফিল্ম, ক’ৰ্ট, ২০১৪)ৰ পিছত অনুপৰ্ণাই পঞ্চমগৰাকী পৰিচালক হিচাপে বিশ্বৰ আটাইতকৈ পুৰণি চলচ্চিত্ৰ মহোৎসৱৰ পৰা বঁটা লৈ ঘৰমুৱা হৈছে ।

Anuparna Roy interview on winning Orizzonti Best Director award for Songs of Forgotten Trees at 82nd Venice Film Festival
ভেনিচ চলচ্চিত্ৰ মহোৎসৱত অৰিজ’ণ্টি শ্ৰেষ্ঠ পৰিচালকৰ বঁটা বিজয়ী অনুপৰ্ণা ৰয় ((Photo: Getty Images))

ইটিভি ভাৰতক ৰয়ে কয়, "ভৌগোলিক, সাংস্কৃতিক আৰু ভাষিক বাধাসমূহ অতিক্ৰম কৰি ছবিখনে অনুৰণিত হোৱা দেখিবলৈ পাই বৰ ভাল লাগিল । ছবিখন বিশেষভাৱে বিশেষ আছিল, কাৰণ এইখন মোৰ প্ৰথম ছবি ।"

২০২২ চনলৈকে আই টি খণ্ডত কাম কৰাৰ পিছত অনুপৰ্ণা দিল্লীৰ পৰা মুম্বাইলৈ স্থানান্তৰিত হয় ।

“ইয়াৰ আগতে মই সাংবাদিকতা পঢ়ি আছিলো, যিটো পিছলৈ এৰি দিলোঁ আৰু দুটাৰ পৰা তিনিটা কামত হাত দিছিলো । মই পশ্চিম বংগৰ পুৰুলীয়াৰ নাৰায়ণপুৰ নামৰ এখন জনজাতীয় গাঁৱৰ পৰা আহিছো । আজিৰ পৰা প্ৰায় এদশক আগৰ কথা, মই গৃহ চহৰ এৰি দিল্লীত ইংৰাজী পঢ়িবলৈ আহিছিলো । মই বুজিলো যে মই লিখিব পাৰো আৰু মই লেখকো হ’ব পাৰো । তাৰ পিছত স্নাতক ডিগ্ৰীৰ পিছত মোৰ গুৰু যেনে অনিৰ্বাণ মাইটি, পৰেশ কামদাৰ (বাংলা ছবি সম্পাদক) আৰু পৰিচালক নীৰজ সাহাইৰ সহায়ত ৱৰ্ল্ড চিনেমাৰ প্ৰতি বহুত এক্সপ’জাৰ পালো । এইসকল লোকে মোক সদায় World cinema ৰ ওপৰত জ্ঞান দি সহায় কৰিছিল । তাৰ পিছত বুজিলোঁ যে মইও এনেকুৱা বস্তু বনাব পাৰো ।” তেওঁ কয় ।

চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে সমৰ্থন কৰা আৰু নৱাগত নাজ শ্বেইখ আৰু চুমি বাঘেলে অভিনয় কৰা ছংছ অফ ফৰ্গটেন ট্ৰিজ (Songs of Forgotten Trees)ত দুগৰাকী মহিলাৰ কাহিনী আৰু মুম্বাইত তেওঁলোকৰ জীৱন কেনেকৈ ঘনিষ্ঠভাৱে জড়িত হৈ পৰে সেই বিষয়ে উপস্থাপন কৰা হৈছে । বিভাংশু ৰায়, ৰোমিল মোডী আৰু ৰঞ্জন সিঙে প্ৰযোজনা কৰিছে ছবিখন ।

Anuparna Roy interview on winning Orizzonti Best Director award for Songs of Forgotten Trees at 82nd Venice Film Festival
অৰিজ’ণ্টি শ্ৰেষ্ঠ পৰিচালকৰ বঁটা বিজয়ী অনুপৰ্ণা ৰয় ((Photo: Getty Images))

ছবিখনত এগৰাকী প্ৰব্ৰজনকাৰী মহিলা, যি এগৰাকী উচ্চাকাংক্ষী অভিনেত্ৰীও হয়, তেওঁৰ কাহিনী অনুসৰণ কৰা হৈছে ৷ তেওঁক ভাৰালৈ দিয়া এপাৰ্টমেণ্ট পুনৰ অইন কাৰোবাক ভাৰালৈ দি অংশকালীন যৌনকৰ্মী হিচাপে নিজকে পোহপাল দিয়ে তেওঁ । এপাৰ্টমেণ্টটো আন এগৰাকী প্ৰব্ৰজনকাৰীক ভাড়ালৈ দিয়ে তেওঁ, যি শেহতীয়াকৈ চহৰখনত উপস্থিত হৈছে আৰু কল চেণ্টাৰৰ কৰ্মী ।

প্ৰথমাৱস্থাত এটা স্থান একেলগে শ্বেয়াৰ কৰাৰ বাহিৰে আন একোৱেই সম্পৰ্ক নাছিল তেওঁলোক দুয়োৰে মাজত, কিন্তু সময়ৰ লগে লগে তেওঁলোকৰ মাজত এক নিস্তব্ধ আত্মীয়তা গঢ় লৈ উঠে । মহানগৰীৰ উদাসীন হুলস্থূলৰ মাজতে তেওঁলোকৰ সংযোগ বৃদ্ধি পায় ৷ অকথিত বুজাবুজি, যত্নৰ লোৱাৰ সৰু সৰু ইংগিত আৰু শ্বেয়াৰ কৰা মৌনতাৰ জৰিয়তে এই সম্পৰ্ক গঢ় লৈ উঠে ৷ ব্যক্তিগত অতীত আৰু নগৰীয়া জীৱনত জীয়াই থকাৰ সংগ্ৰামে এক বন্ধন গঢ়ি তোলে ।

Anuparna Roy interview on winning Orizzonti Best Director award for Songs of Forgotten Trees at 82nd Venice Film Festival
৩১ বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতা অনুপৰ্ণা ৰয় ((Photo: Getty Images))

এই ধাৰণাটো আইতাকৰ পৰাই আহিছিল বুলি ৰয়ে কয় ।

“মোৰ নানী (আইতা) এজন ৩০ বছৰীয়া পুৰুষৰ শিশু কইনা আছিল আৰু মোৰ ককাৰ ইতিমধ্যে সন্তান জন্ম হৈছিল - প্ৰাক্তন পত্নীৰ পৰা । মোৰ আইতা আৰু তেওঁৰ সন্তান, দুয়োৰে বয়স একে আছিল, দুয়ো বন্ধু হৈ পৰিছিল আৰু মই দেখিছো যে তেওঁলোকে মোৰ ককাৰ মৃত্যুৰ পিছত ককা ওচৰত নথকাকৈ পৰিয়ালটো চলাইছিল । পৰিয়ালটোত কোনো পুৰুষ সদস্য নাছিল । এই দুই মহিলাৰ মাজত ৰসায়ন মই দেখিছো, মহিলাসকল ইমানেই সাহসী আছিল; দুয়োৱে খাদ্য শ্বেয়াৰ কৰি লয়, ল’ৰা-ছোৱালীৰ যত্ন লয় ।

এগৰাকীয়ে প্ৰদানকাৰী হিচাপে কাম কৰাৰ লগতে আনগৰাকীয়ে চৰকাৰী চিকিৎসালয়ত কাম কৰিবলৈ ধৰিলে । আইতাই ঘৰখন চোৱাচিতা কৰি আছিল । এই দুগৰাকী মহিলাইহে পৰিয়ালটো চলাইছিল ... কল্পনা কৰকচোন, যদি এই সম্ভাৱনা থাকিলেহেঁতেন, তেওঁলোকৰ জীৱনত কোনো পুৰুষৰ প্ৰয়োজন নাই আৰু তেওঁলোক কেনেকৈ ইমান স্বাভাৱিক, সকলো কথাতে ইমান মুকলি । পুৰুষ সদস্যজন নোহোৱাৰ পিছত ঘৰৰ ভিতৰতে এক ঐক্যৰ সৃষ্টি হৈছিল । মোৰ বৰ ভাল লাগিল । অৱচেতনভাৱে ধাৰণাটো তাৰ পৰাই আহিছিল ।”- যুৱ চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয় ।

ৰয়ৰ ছবিখনৰ প্ৰিমিয়াৰ হৈছিল ফেষ্টিভেলৰ অৰিজ’ন্টি প্ৰতিযোগিতা শিতানত ৷

নতুন ধাৰাসমূহক উজ্জ্বল কৰি তোলা ছবিৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, য’ত আত্মপ্ৰকাশিত কাম, যুৱ প্ৰতিভা, ইণ্ডি বৈশিষ্ট্য আৰু কম পৰিচিত চিনেমাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ অৱশ্যে ছবি নিৰ্মাতাই তেওঁলোকৰ শিল্পকৰ্মক কোনো “লেবেল” দিব নিবিচাৰে ।

Anuparna Roy interview on winning Orizzonti Best Director award for Songs of Forgotten Trees at 82nd Venice Film Festival
অনুপৰ্ণা ৰয় ((Photo: Getty Images))

“মই মোৰ ছবিখনক কেতিয়াও কোনো লেবেল দিয়া নাই সেয়া কমাৰ্চিয়েলেই হওক বা ইণ্ডি, কাৰণ মই বিচাৰো যে মই কোনো নাম দিয়াতকৈ বা বেলেগ ছেগমেণ্টত সংজ্ঞায়িত কৰাতকৈ মোৰ দৰ্শকে ইয়াক এটা নাম দিয়ক । মই বিশ্বাস কৰো যে যিকোনো ধৰণৰ চিনেমাৰ বাবে গল্প কোৱাৰ হেঁপাহটোৱেই সৰ্বোচ্চ গুৰুত্বপূৰ্ণ হ’ব লাগে । মই মাত্ৰ আশা কৰিছো যে দৰ্শকে কাহিনীটোৰ সৈতে সংযোগ স্থাপন আৰু অনুৰণন ঘটাব পাৰিব ।

তেওঁলোকে হয়তো এই নাৰী দুগৰাকীক ভাল পাব কাৰণ তেওঁলোকে এপাৰ্টমেণ্টটোৰ ভিতৰত বহুত কাহিনী কঢ়িয়াই লৈ ফুৰিছে আৰু মই আশা কৰিছো যে ই সীমাৰ বাহিৰলৈ, সংস্কৃতিৰ বাহিৰলৈ, ভাষাৰ বাহিৰলৈ যাব । সদায় এটা ভাল কাহিনী আৰু এটা বেয়া কাহিনী থাকে, এনে এটা কাহিনী যাৰ লগত আপুনি অনুৰণন ঘটাব পাৰে বা নোৱাৰে ।” ৰয়ে কয় ।

কোনো ষ্টুডিঅ’ৰ সুবিধা বা দামী ছেট বা তাৰকা শক্তি নোহোৱাকৈ ৰয়ৰ দৃঢ়তাইহে তেওঁক আগুৱাই লৈ গৈছিল ।

“যেতিয়া মই এই ছবিখন নিৰ্মাণ কৰিবলৈ ওলাইছিলো, তেতিয়া তাৰকা শক্তি বা দামী কেমেৰাৰ প্ৰতি মোৰ কোনো ডাঙৰ আশা নাছিল, না মোক ভাল শব্দৰ প্ৰয়োজন আছিল, মোৰ একমাত্ৰ উদ্দেশ্য আছিল এই ছবিখন নিৰ্মাণ কৰা । মই সদায় অনুভৱ কৰিছিলো যে মই নতুন গতিকে মই এনেকুৱা এজনক সুধিম যি নতুনকৈ অহা, যিয়ে মোক বুজি পাব, যিজন যথেষ্ট স্বাভাৱিক হ’ব যাতে একেটা এপাৰ্টমেণ্টৰ ভিতৰলৈ আহি শ্বুটিং কৰিব পাৰে । ডাঙৰ অভিনেতা এজনক কাষ্ট কৰাটো মোৰ মনত কেতিয়াও নাছিল । জীৱনত মোৰ আটাইতকৈ ডাঙৰ আশংকা এইটোৱেও আছিল যে মই পৰিচালক হিচাপে অভিষেক ঘটাব পাৰিমনে ? আৰু যদি মোক সোধে যে মোৰ ভয়টো এতিয়া কি ?

মোৰ ভয়টো হ’ল মোৰ পৰৱৰ্তী ছবিখন নিৰ্মাণ কৰিব নোৱাৰিলে কি হ’ব । মই ইয়াৰ বাবে আন এজন প্ৰযোজক গোটাব লাগিব ।” তেওঁ কয় । লগতে কয়, “সাতজন পুৰুষে এই নাৰীমুখী ছবিখনক সমৰ্থন কৰিছে যিটো অবিশ্বাস্য ।”

তেখেতে আৰু কয়, “মই মুম্বাইলৈ অহাৰ মুহূৰ্ততে সিদ্ধান্ত লৈছিলো যে মই এই ছবিখন নিৰ্মাণ কৰিব বিচাৰো । মই এটা চাকৰি লৈ আহিছিলো; এইটো বেলেগ এটা চাকৰি আছিল যিয়ে মোক মুম্বাইত থাকিবলৈ দৰমহা দি আছিল । ইয়াত আপুনি কোনো ধৰণৰ অৰ্থনৈতিক সহায় অবিহনে জীয়াই থাকিব নোৱাৰে, সেয়েহে মই এটা চাকৰি ল’লোঁ । কিন্তু যেতিয়া মই ইয়াৰ সংস্কৃতি দেখিলো, তেতিয়া মই বুজিলো যে প্ৰতিজন দ্বিতীয় ব্যক্তি ছবিৰ প্ৰতি আকৰ্ষিত আৰু সকলোৱে ইমানেই সুলভ । বেছিভাগ ফিল্ম অফিচ ওচৰতে আছিল আৰু মই পোনপটীয়াকৈ ৰঞ্জন ছাৰ (ৰঞ্জন সিং, প্ৰযোজক)ক লগ কৰিবলৈ গ’লো আৰু তেওঁক ক’লো যে এইখন থাৰ্ড ৱৰ্ল্ড চিনেমা, পুৰুষৰ দৃষ্টিকোণ নাই, গান-নৃত্য নাই, ই দুগৰাকী মহিলাৰ কাহিনী আৰু ইজনে সিজনৰ প্ৰেমত কেনেকৈ পৰে তাৰ এক অতি ব্যক্তিগত কাহিনী, ই তেওঁলোকৰ অন্তৰংগতাৰ কথা, পুৰুষৰ পৰা তেওঁলোকৰ যৌন বিচ্ছিন্নতাৰ কথা ।”

তেওঁ কিছু সময় ল’ব বুলি কৈছিল যদিও মোক উৎসাহিত কৰি ইতিবাচক বাৰ্তা এটা লৈ উভতি আহিছিল । তাৰ পিছত মই তেওঁক ক’লো যে অনুৰাগ কাশ্যপৰ মতামত জনাৰ উদ্দেশ্যেৰে এই ছবিখন মই অনুৰাগ কাশ্যপক দেখুৱাব বিচাৰিছো ।

অনুৰাগ ছাৰে ছবিখন চাই কয় যে তেওঁ ছবিখন উপস্থাপন কৰিবলৈ আগ্ৰহী । এনেদৰেই এটাৰ পাছত আনটো সুকলমে হৈ গৈ থাকিল ৷ মই বিশ্বাস কৰোঁ যে নিৰ্দেশনাটো এটা সিদ্ধান্ত লোৱা কথাৰ দৰে কিন্তু মোৰ গুৰু পৰেশ কামদাৰ আৰু অনিৰ্বান মাইটি, তেওঁলোকে মোক প্ৰতিটো মুহূৰ্ততে পথ প্ৰদৰ্শন কৰি আহিছে । ইয়াতকৈও বেছি তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস আছিল, তেওঁলোকে নিজৰ ধাৰণা আৰু ইনপুট দিছিল কিন্তু শেষত সিদ্ধান্তটো মোৰ ওপৰত এৰি দিছিল ।”

ৰয়ৰ ছবিখনে আমাক পায়েল কাপাডিয়াৰ অল উই ইমেজিন এজ লাইটৰ কথা মনত পেলাই দিব পাৰে (যিখনে ৭৭ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱত গ্ৰেণ্ড প্ৰিক্স লাভ কৰিছিল) কাৰণ দুয়োখন ছবিৰ নেতৃত্বত আছে মহিলা পৰিচালক আৰু মহিলাৰ ওপৰতে গুৰুত্ব আৰোপ কৰা হৈছে ৷ দুয়োখন ছবিয়ে মুম্বাইৰ দুগৰাকী প্ৰব্ৰজনকাৰী মহিলাৰ মাজৰ বন্ধনৰ কথা কয়, অৱশ্যে ৰয়ে স্পষ্ট কৰি দিয়ে যে দুয়োখন ছবি বহুত বেলেগ ।

“পায়েল কাপাডিয়াই বিষমযৌন সম্পৰ্ক(heterosexual relationships), পিতৃতন্ত্ৰ আৰু এগৰাকী পত্নীৰ সংগ্ৰামৰ কথা কৈছে, যাৰ স্বামী এতিয়াও ওচৰত নাই যদিও মহিলাগৰাকীয়ে সমাজৰ বোজা কঢ়িয়াই লৈ ফুৰিছে আৰু আনগৰাকী ছোৱালীয়ে প্ৰেমিকৰ সৈতে যৌন সম্পৰ্কৰ অন্বেষণ বিচাৰিছে কিন্তু কি ই সহজ নহয় ৷ যদিও মোৰ ছবিখনত দুগৰাকী মহিলা আৰু তেওঁলোকৰ সম্পৰ্কৰ কথা কোৱা হৈছে। ই কোনো সাধাৰণ লেচবিয়ান ছবি নহয়, ই দুগৰাকী প্ৰব্ৰজনকাৰীৰ বিষয়ে মহিলা, পৰিস্থিতিয়ে তেওঁলোকক একেটা এপাৰ্টমেণ্টতে একত্ৰিত কৰে আৰু তেওঁলোকে একেলগে থাকিবলৈ আৰম্ভ কৰে । এগৰাকী পাৰ্ট টাইম বেশ্যা, পাৰ্ট টাইম অভিনেত্ৰী আৰু আনজনী ছোৱালীয়ে কল চেণ্টাৰত কাম কৰি আছে, দুয়ো প্ৰেমত পৰে যদিও ইজনে সিজনৰ প্ৰতি থকা অনুভৱ প্ৰকাশ কৰিবলৈ সক্ষম নহয় । মোৰ ছবিখন All We Imagine As Light ৰ আধ্যাত্মিক যাত্ৰা নহয় । মোৰ ছবিখনৰ শ্বুটিং ইতিমধ্যে All We Imagine As Light...ৰ মুক্তিৰ বহু আগতেই হৈছিল । মোৰ ছবিত প্ৰব্ৰজন গৌণ যদিও তেওঁৰ ছবিত প্ৰব্ৰজন প্ৰাথমিক ।” ৰয়ে বুজাই দিয়ে ।

“পায়েল এগৰাকী অতি জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, তেওঁ অতি পৰিপক্ক আৰু সন্মানীয়, কিন্তু মই মাত্ৰ মোৰ কেৰিয়াৰ আৰম্ভ কৰিছো । তেওঁ মোক ফোন কৰি শুভেচ্ছা যাচিছিল আৰু তেওঁ মোক তেওঁৰ যাত্ৰাৰ পৰা অনুপ্ৰাণিত কৰিছে ।” ৰয়ে লগতে কয় ।

গতিকে, পশ্চিম বংগৰ পুৰুলীয়া জিলাৰ ছোৱালীজনীৰ পৃথিৱীখন ৰাতিটোৰ ভিতৰতে সলনি হৈছেনে ?

“হয়, জীৱনটো সলনি হৈছে কিন্তু এতিয়া বহুত দায়িত্ব আছে আৰু অনুৰাগ ছাৰেও মোক এইটোৱেই পৰামৰ্শ দিছে । মই কেৱল তেওঁৰ পৰামৰ্শ লোৱাই নহয়; সেই পৰামৰ্শৰে জীয়াই থাকিবলৈও আৰম্ভ কৰিছো । অৱশ্যে মোৰ পৰৱৰ্তী ছবি কেতিয়া নিৰ্মাণ কৰিম সেই লৈ বহুত ভয় লাগে । মই মোৰ চিত্ৰনাট্য সাজু কৰি লৈছো আৰু মই ইয়াৰ ওপৰত কাম আৰম্ভ কৰিছো কিন্তু মই সময় বিচাৰি পোৱা নাই । মই সময় বিচাৰো যাতে অতি সোনকালে মই এই স্পট লাইটৰ পৰা ওলাই আহিব পাৰো আৰু... কাম আৰু পৰিচালনা কৰিব পাৰো । এতিয়া অস্বস্তিত পৰিলেও আন এখন ছবি বনাব লাগিব, অনুভৱটো বৰ গধুৰ; ই আৰু পাতল নহয় ।” ৰয়ে কয় ।

অনুপৰ্ণাই আৰু কয়, “মই কেতিয়াও বঁটাৰ কথা ভাবি ছবি নিৰ্মাণৰ কথা ভবা নাছিলো । বহু আগতেই মোৰ ক্ৰুক উল্লেখ কৰিছিলোঁ যে ‘গাইজ, আমি এই ছবিখন ফেষ্টিভেলৰ বাবে বা কোনো বঁটাৰ বাবে নিৰ্মাণ কৰা নাই । আমি ছবি নিৰ্মাণ কৰিছো কাৰণ আমি ছবি নিৰ্মাণ কৰিব বিচাৰো আৰু আমি নিশ্চিতভাৱে ইয়াক ডাঙৰ ফেষ্টিভেললৈ পঠিয়াই প্ৰত্যাহ্বান গ্ৰহণ কৰিম’।

আমি কেতিয়াও এইটো আশা কৰা নাছিলো, আমাৰ সকলোৰে বাবে ই এক সুখৰ কথা”-মানবীয় আৱেগিক কাহিনী থকা লেহেমীয়া, বাস্তৱসন্মত ছবি ভাল পোৱা ৰয়ে এইদৰে কয় । মীৰা নাইৰ, ৰীমা দাস, জোয়া আখতাৰ, কিৰণ ৰাও আদি মহিলা চলচ্চিত্ৰ নিৰ্মাতাক অনুসৰণ কৰা ৰয়ে কয়, “সেয়া মোৰ ভাল লগা এটা ধাৰা । মই দ্ৰুতগতিত চলি থকা ছবি ভাল নাপাওঁ ।”

লগতে পঢ়ক : সুধাকণ্ঠৰ ৫ টা কালজয়ী গীত ৰচনাৰ আঁৰত আছিল একো-একোটা কাহিনী, শুনো আহক সেই নজনা কথাবোৰ