ETV Bharat / entertainment

যোগ দিৱসৰ দিনটোত যোগৰ গুৰুত্ব বুজাই বিভিন্ন পোষ্ট এইসকল তাৰকাৰ

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ : শিল্পা, দীপিকা, হিনাকে ধৰি এই তাৰকাসকলে অনুৰাগীক কৰিলে অনুপ্ৰাণিত ৷ অনুপম খেৰেও টাইমছ স্কোৱাৰৰ পৰা বাৰ্তা প্ৰদান কৰে ৷

YOGA AND BOLLYWOOD CELEBS
অনুৰাগীক কৰিলে অনুপ্ৰাণিত এইসকল তাৰকাই (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : June 21, 2025 at 4:30 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আজি ২১ জুন, সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে । এই দিনটোৰ গুৰুত্ব এইয়াই যে এই দিনটোত মানুহক যোগাসনৰ উপকাৰিতাৰ বিষয়ে জনোৱা হয় আৰু লগতে আমাৰ স্বাস্থ্যৰ বাবে যোগাসনৰ গুৰুত্বপূৰ্ণ কিমান সেই বিষয়েও অৱগত কৰা হয় ।

বহু দামী দামী চিকিৎসাৰ দ্বাৰা নিৰাময় কৰিব নোৱৰা ৰোগ যোগৰ দ্বাৰাও বহু ক্ষেত্ৰত নিৰাময় হৈছে । চলচ্চিত্ৰ জগতৰ তাৰকাসকলে যোগৰ ওপৰত বহু গুৰুত্ব দিয়া দেখা যায় ৷ তাৰকাসকলে নিজে যোগ কৰা ফটো শ্বেয়াৰ কৰি জনসাধাৰণৰ মাজত এই বিশেষ দিনটোত যোগক লৈ সজাগতা বিয়পাইছে ।

কংগনা ৰণৌত

কংগনা ৰণৌতে ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাই দুখনকৈ যোগ কৰি থকা ফটো শ্বেয়াৰ কৰিছে ৷

YOGA AND BOLLYWOOD CELEBS
কংগনা ৰণৌতৰ ইনষ্টা ষ্ট’ৰী (Photo : Instagram)
YOGA AND BOLLYWOOD CELEBS
কংগনা ৰণৌতৰ ইনষ্টা ষ্ট’ৰী (Photo : Instagram)

নীতু সিং

প্ৰবীণ অভিনেত্ৰী নীতু সিঙে কন্যা ৰিদ্ধিমাৰ সৈতে যোগাসন কৰি থকা ফটো শ্বেয়াৰ কৰি অনুৰাগীক শুভেচ্ছা জনাইছে ।

দীপিকা পাডুকন

দীপিকা পাডুকনে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ফটো শ্বেয়াৰ কৰিছে, য’ত দেখা গৈছে বিভিন্ন যোগৰ ভংগীমা । অভিনেত্ৰীগৰাকীয়ে মানুহক যোগ কৰিবলৈ পৰামৰ্শও দিছে ।

YOGA AND BOLLYWOOD CELEBS
দীপিকা পাডুকনৰ ইনষ্টা ষ্ট’ৰী (Photo : Instagram)

অনুপম খেৰ

নিউয়ৰ্ক চহৰৰ পৰা অনুপম খেৰে তেওঁৰ যোগাসনৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্টটোত অভিনেতাজনে লিখিছে, “নিউয়ৰ্কৰ টাইমছ স্কোৱাৰত যোগাসনৰ সময়, ভাৰতৰ হৈ ইয়াত উপস্থিত হোৱাটো মোৰ সৌভাগ্য, ধন্যবাদ ।”

তাহিৰা কাশ্যপ

আয়ুষ্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপে অষ্টাংগ যোগ ভংগীমাত নিজৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, “এটা নতুন প্ৰেম পাইছোঁ, মই গোটেই জীৱন যোগাসন কৰা নাছিলো আৰু এতিয়া মই ইয়াক গ্ৰহণ কৰিছোঁ, ই আধ্যাত্মিক, শাৰীৰিক আৰু আৱেগিকভাৱে পৰিৱৰ্তনকাৰী ।”

হিনা খান

শেহতীয়াকৈ প্ৰেমিক ৰকি জয়ছোৱালৰ সৈতে বিবাহপাশত আবদ্ধ হৈ নতুন জীৱন আৰম্ভ কৰা হিনা খানেও যোগ দিৱসত অনুৰাগীক অনুপ্ৰাণিত কৰিছে । সাগৰৰ পাৰৰ পৰা যোগাসন কৰি থকা এখন ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে ফটোখনৰ লগত কি লিখিছে চাবলৈ ইনষ্টাগ্ৰাম লিংকটোত ক্লিক কৰক ।

শিল্পা শ্বেট্টী

এই বিশেষ দিনটোত বলীউড অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে । ফিটনেছ কুইনগৰাকীয়ে নিজৰ পোষ্টটোত যোগৰ গুৰুত্বৰ বিষয়ে বুজাইছে আৰু আমাৰ জীৱনৰ বাবে ই কিমান গুৰুত্বপূৰ্ণ সেই কথাও কৈছে ।

লগতে পঢ়ক : শ্বাহৰুখ খানৰ ‘কিং’ ছবিৰে বলীউডত অভিষেক ঘটাব নেকি এড শ্বীৰাণে ? ছেফায়াৰ গায়কৰ মন্তব্যই লগাইছে খলকনি