মুখৰ লেকাম নধৰি হেৰুৱালে লাখ লাখ অনুৰাগী, ৰণবীৰ-সময়ৰ কমিব নেকি উপাৰ্জনো ?
ইউটিউবাৰ, পডকাষ্টাৰ ৰণবীৰ এলাহবাদিয়া আৰু কৌতুক অভিনেতা সময় ৰাইনাই তেওঁলোকৰ অনলাইন কণ্টেণ্টৰ পৰা কোটি টকা উপাৰ্জন কৰে । জানক দুয়োৰে পেছাগত-ব্যক্তিগত জীৱনৰ বিষয়ে ৷

By ETV Bharat Entertainment Team
Published : February 12, 2025 at 12:17 PM IST
হায়দৰাবাদ : অকস্মাতে যেন সকলো সন্মান, সকলো মৰম মাটিৰ লগত মিলি গ’ল ! সময় ৰাইনা আৰু ৰণবীৰ এলাহবাদিয়াৰ কথা কৈছো ৷ চেলেব্ৰিটীৰ জীৱনত প্ৰশংসা আৰু সমালোচনা সমানে অন্তৰ্ভুক্ত হৈ থাকে ৷ সেয়ে প্লাবিক ফিগাৰ এটা হৈ পৰাৰ পিছত সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ সময়ত তেওঁলোক বহু সাৱধান হ’বলগীয়া হয় ৷ ‘কথাতে কটা যায়, কথাতে বঁটা পায়’, অসমীয়াৰ এই বাক্যশাৰী দুই ইউটিবাৰৰ ক্ষেত্ৰত খুব সুন্দৰকৈ প্ৰযোজ্য হৈছে ৷
সময় ৰাইনাৰ শ্ব’ ইণ্ডিয়াজ গট লেটেণ্টত উপস্থিত হৈ ৰণবীৰে এগৰাকী প্ৰতিযোগীক পিতৃ-মাতৃৰ সম্পৰ্কক লৈ শালীনতাৰ সকলো সীমা চেৰাই যোৱা এটা অনুপযুক্ত প্ৰশ্ন সুধি সমস্যাত পৰিছে । শিক্ষা, স্বাস্থ্য, ফিটনেছ আৰু জীৱনশৈলীৰ সৈতে সম্পৰ্কিত সমল সৃষ্টি কৰা ৰণবীৰ আৰু কৌতুক জগতত সুনাম অৰ্জন কৰা সময় ৰাইনা তেওঁলোকৰ অনুপযুক্ত মন্তব্যৰ বাবে প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে । এই ঘটনাই তেওঁলোকৰ ভাবমূৰ্তিক প্ৰভাৱিত কৰিছে ৷
ছ'চিয়েল মিডিয়াত দুয়োৰে লাখ লাখ অনুসৰণকাৰী আছে, যাৰ ফলত তেওঁলোকে কোটি টকা উপাৰ্জন কৰে । তেওঁলোকৰ উপাৰ্জন, পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ বিষয়ে জানি লওঁ আহক ।
লাখ লাখ অনুৰাগীয়ে কৰে অনুসৰণ
ৰণবীৰৰ ইউটিউব চেনেলটোৰ নাম বিয়েৰবাইচেপছ আৰু সেইটো তেওঁৰ ইনষ্টাগ্ৰাম ইউজাৰনেম । ইয়াৰ সমান্তৰালকৈ তেওঁ তেওঁৰ নামেৰেও চেনেলত সমল পোষ্ট কৰে । ৰণবীৰৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ৩.৪ নিযুত আৰু বিয়েৰবাইচেপছত ৪.৪ নিযুত অনুসৰণকাৰী আছে । এই সংখ্যা আগতে ৪.৫ নিযুত আছিল কিন্তু বিতৰ্কৰ পিছত ১ লাখ অনুৰাগীৰ সংখ্যা হ্ৰাস পায় । ইফালে, তেওঁৰ নিজৰ নামত চলা চেনেলত ১০.৫ নিযুত অনুসৰণকাৰী আছে । Xত ৰণবীৰৰ ৫৯৯.৯ হাজাৰ অনুসৰণকাৰী আছে ।
সময় ৰাইনাৰ কথা ক’বলৈ গ’লে তেওঁৰ ইনষ্টাগ্ৰাম ইউজাৰনেম হৈছে ‘মে সময় হু’, যাক ৬০ লাখ লোকে অনুসৰণ কৰে । আনহাতে সময় ৰাইনাৰ ইউটিউবত ৭.৪৪ নিযুত জন ছাবস্ক্ৰাইবাৰ আছে । সময়ে নিজাকৈ ইণ্ডিয়াজ গট লেটেণ্ট নামৰ শ্ব’টোও চলাই, যাৰ পেইড মেম্বাৰশ্বিপো আছে ।
ৰণবীৰ আৰু সময়ৰ নেট ৱৰ্থ কিমান ?
ভাৰতৰ শীৰ্ষ কণ্টেণ্ট ক্ৰিয়েটৰৰ ভিতৰত ৰণবীৰ এলাহবাদিয়াৰ নাম আছে আৰু তেওঁক বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কোটি কোটি লোকে অনুসৰণ কৰে, য'ৰ পৰা তেওঁ কোটি কোটি টকা উপাৰ্জন কৰে । আপোনালোকক জনাও যে ৰণবীৰৰ নেট ৱৰ্থ প্ৰায় ৬০ কোটি টকা । প্ৰতিমাহে প্ৰায় ৩৫ লাখ টকা উপাৰ্জন কৰে তেওঁ ।
সময় ৰাইনাৰ কথা ক’বলৈ গ’লে তেওঁ ভাৰতৰ অন্যতম শীৰ্ষ কমেডিয়ান, যি ইণ্ডিয়াজ গট লেটেণ্ট শ্ব’টোৰ প্ৰতিষ্ঠাপক । সময়ৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৪০ কোটি টকা ।
লগতে পঢ়ক : 'তেওঁ কি ক'বলৈ গৈ আছিল সেই বিষয়ে তেওঁ অৱগত': ৰণবীৰ এলাহবাদিয়াৰ ক্ষমা প্ৰাৰ্থনা প্ৰত্যাখ্যান নেটিজেনৰ

