ETV Bharat / entertainment

ৰাজ্য চৰকাৰৰ অধীনত দেশৰ প্ৰথমটো অ’টিটি প্লেটফৰ্ম মুকলি - C Space OTT Pay Per View

C Space OTT: ৰাজ্য চৰকাৰৰ অধীনত দেশৰ প্ৰথমটো অ’টিটি প্লেটফৰ্ম মুকলি কৰা হ’ল ৷ C Space নামৰ এপ্লিকেশ্যনটোত উপলব্ধ প্ৰতিখন ছবিৰ বাবে সুকীয়া সুকীয়াকৈ ধন পৰিশোধ কৰি উপভোগ কৰিব পাৰিব ৷ আন OTTসমূহৰ দৰে সকলো কনটেন্টৰ বাবে একেলগে ধন পৰিশোধৰ প্ৰয়োজন নাই ৷

C Space OTT Pay Per View
C Space OTT
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 10:15 PM IST

2 Min Read

তিৰুৱন্তপুৰম, 7 মাৰ্চ: দেশত প্ৰথমবাৰৰ বাবে কেৰালা চৰকাৰৰ মালিকানাধীন অ'টিটি প্লেটফৰ্ম আজি আৰম্ভ কৰা হয় ৷ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে চি স্পেচ নামৰ অ'টিটি প্লেটফৰ্মটো দেশবাসীৰ বাবে উৎসৰ্গা কৰে ।

দৰ্শকসকলৰ বাবে অতি কম খৰচত কলাত্মক চলচ্চিত্ৰ উপভোগ কৰাৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্যৰে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধীনত অ’টিটি প্লেটফৰ্মটো নিৰ্মাণ কৰা হৈছিল । এপ্লিকেশ্যনটো আজিৰে পৰা গুগল প্লে’ ষ্টোৰ আৰু এপ ষ্টোৰত উপলব্ধ হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

C Space অ’টিটি প্লেটফৰ্ম:

আন অ’টিটি প্লেটফৰ্মসমূহৰ তুলনাত চি স্পেচৰ বিশেষত্ব হৈছে যে দৰ্শকসকলে প্ৰতি দৰ্শনৰ বাবে নিৰ্দিষ্ট মূল্য পৰিশেোধ কৰি চিনেমা উপভোগ কৰিব পাৰিব । দৰ্শকসকলে অ’টিটি প্লেটফৰ্মটোৰ সকলো সমলৰ বাবে একেলগে পৰিশোধ কৰাৰ প্ৰয়োজন নাই । C Spaceত যিখন চিনেমা উপভোগ কৰিব, কেৱল সেইখনৰ বাবে পৰিশোধ কৰিলেই হ’ব ৷

সেই অনুসৰি ফিচাৰ ফিল্মৰ বাবদ ৭৫ টকা অথবা চুটি ছবিৰ ক্ষেত্ৰত তাতোকৈ কম মূল্য পৰিশোধ কৰিবলগীয়া হ’ব । আনহাতে ৪০ মিনিটৰ ছবিৰ বাবেদ ৪০ টকা, ৩০ মিনিটৰ ছবিৰ বাবদ ৩০ টকা আৰু ২০ মিনিটৰ ছবিৰ ২০ টকা পৰিশোধ কৰিলেই হ’ব দৰ্শকসকলে ৷

অ’টিটি প্লেটফৰ্মটোত উপলব্ধ হ’ব ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা ছবি, চলচ্চিত্ৰ একাডেমীৰ দ্বাৰা প্ৰযোজিত ছবি, তথ্যচিত্ৰ, চুটি ছবি আৰু পৰীক্ষামূলক ছবি । অ’টিটি প্লেটফৰ্মটোৰ পৰা আহৰণ কৰা ৰাজহৰ আধা অংশ চলচ্চিত্ৰ একাডেমীলৈ আৰু বাকী অৰ্ধাংশ চলচ্চিত্ৰখনৰ প্ৰযোজক অথবা স্বত্বাধিকাৰসকলক দিয়া হ’ব ৷

অ’টিটি প্লেটফৰ্ম C Space মুকলি কৰি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয় যে পৰিৱৰ্তনশীল সময়ত ছবি আৰু ছবিৰ প্ৰদৰ্শন সলনি হৈছে ৷ ইণ্টাৰনেটৰ যুগত অ'টিটি প্লেটফৰ্মসমূহে অধিক প্ৰাসংগিকতা লাভ কৰিছে । সেই অনুসৰি C Space মালায়ালম ছবিৰ অধিক উন্নতিৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ হিচাপে পৰিগণিত হ’ব ৷

আনহাতে কেৰালাৰ সাংস্কৃতিক মন্ত্ৰী ছাজি চেৰিয়ানে কয় যে C Space হৈছে দেশৰ প্ৰথমটো অ’টিটি প্লেটফৰ্ম, যি কোনো এখন ৰাজ্য চৰকাৰৰ অধীনত মুকলি কৰা হৈছে ৷

লগতে পঢ়ক: অসমত ছবি নিৰ্মাণৰ বাবে ইচ্ছুক ৰকুলপ্ৰীত সিং-জেকী ভাগনানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.