ETV Bharat / entertainment

গ্ৰেমী ২০২৫ বঁটা লাভ কৰা চন্দ্ৰিকা টেণ্ডন কোন জানেনে ?

ভাৰতীয় আমেৰিকান গায়িকা চন্দ্ৰিকা টেণ্ডনক গ্ৰেমী ২০২৫ বঁটাৰে সন্মানিত কৰা হৈছে । চন্দ্ৰিকা টেণ্ডনৰ বিষয়ে অধিক জানিবলৈ বাতৰিটো আগলৈ পঢ়ক...

grammys 2025 indian origin chandrika tandon wins best new age ambient or chant album award 2025 for triveni
চন্দ্ৰিকা টেণ্ডন (Photo : IANS/Getty)
author img

By ETV Bharat Entertainment Team

Published : February 3, 2025 at 2:23 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় আমেৰিকান গায়িকা চন্দ্ৰিকা টেণ্ডনক গ্ৰেমী বঁটাৰে সন্মানিত কৰা হৈছে । লছ এঞ্জেলছত অনুষ্ঠিত গ্ৰেমী বঁটাত চন্দ্ৰিকা টেণ্ডনে দক্ষিণ আফ্ৰিকাৰ বাঁহীবাদক ৱাউটাৰ কেলাৰমেন আৰু জাপানী চেলিষ্ট এৰু মাটছুমোটোৰ সৈতে ত্ৰিবেণী এলবামটোৰ কাম কৰিছিল । এই এলবামৰ বাবে তেওঁ শ্ৰেষ্ঠ নিউ এজ, এম্বিয়েণ্ট বা চাণ্ট এলবাম বঁটা লাভ কৰিছে ।

ত্ৰিবেণীৰ বাবে গ্ৰেমী জয় কৰাৰ পিছত চন্দ্ৰিকা টেণ্ডনে ৰেকৰ্ডিং একাডেমীৰ সৈতে এক বেকষ্টেজ সাক্ষাৎকাৰৰ সময়ত আনন্দ প্ৰকাশ কৰি কয়, 'এইটো আশ্চৰ্যজনক ।' শ্ৰেষ্ঠ নিউ এজ, এম্বিয়েণ্ট বা চেণ্ট এলবাম শ্ৰেণীৰ অন্যান্য মনোনীতসকলৰ ভিতৰত আছিল য়ুইচি সাকামোটোৰ অপাছ, ৰিকি কেজৰ ব্ৰেক অফ ডন, ৰাধিকা ভেকাৰিয়াৰ ৱাৰিয়ৰ্ছ অফ লাইট আৰু অনুষ্কা শংকৰৰ চেপ্টাৰ 2: হাউ ডাৰ্ক ইট ইজ বিফোৰ ডন । মন কৰিবলগীয়া যে এইটো টেণ্ডনৰ দ্বিতীয় গ্ৰেমী মনোনয়ন আৰু ২০০৯ চনত ছ'ল কলৰ পিছত প্ৰথম জয় ।

নিউয়ৰ্কস্থিত ভাৰতীয় কনচুলেট জেনেৰেলে নিজৰ অফিচিয়েল এক্স একাউণ্টত চন্দ্ৰিকা টেণ্ডনক শুভেচ্ছা জনায় । চন্দ্ৰিকা টেণ্ডন পেপচিকোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ইন্দ্ৰা নুয়ীৰ ভগ্নী ।

এইবাৰৰ গ্ৰেমী বঁটাই কেইবাটাও কাৰণত বাতৰিৰ শিৰোনাম দখল কৰে, য’ত কেনে ৱেষ্ট আৰু তেওঁৰ পত্নী বিয়াংকা চেনচ’ৰীক আৰক্ষীয়ে শ্ব’টোৰ পৰা উলিয়াই আনে । ইয়াৰ উপৰিও হলীউডৰ তাৰকা উইল স্মিথে ২০২৩ চনৰ গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত অংশ লয়, য’ত তেওঁ প্ৰয়াত কুইন্সি জ’নছক শ্ৰদ্ধাঞ্জলি জনায় । ২০২২ চনত ৯৪ সংখ্যক একাডেমী বঁটাৰ সময়ত সংঘটিত চৰ মৰাৰ কাণ্ডৰ পিছত এইটোৱেই আছিল তেওঁৰ প্ৰত্যাৱৰ্তন ৷

Variety.com ৰ এক প্ৰতিবেদন অনুসৰি, স্মিথে পিয়ানোত হাৰ্বি হেনকক পৰিচয় কৰি অনুষ্ঠানটো মুকলি কৰে আৰু পিছত 'উইকেড' তাৰকা চিন্থিয়া এৰিভোৰ পৰিচয় দিয়ে, যিয়ে 'ফ্লাই মি টু দা মুন' গানটো পৰিৱেশন কৰিছিল ।

চন্দ্ৰিকা টেণ্ডন কোন ?

চন্দ্ৰিকা টেণ্ডন এগৰাকী ভাৰতীয় আমেৰিকান গায়িকা আৰু লগতে এগৰাকী উদ্যোগী আৰু গোলকীয় ব্যৱসায়িক নেত্ৰী । তেওঁ পেপচিকোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ইন্দ্ৰা নুয়ীৰ ডাঙৰ ভগ্নী । চন্দ্ৰিকাৰ প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ভাৰতত হৈছিল । চেন্নাইত ডাঙৰ দীঘল হোৱা টেণ্ডনে মাদ্ৰাজ খ্ৰীষ্টান কলেজৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ আই আই এম আহমেদাবাদৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল । তেওঁ প্ৰথম ভাৰতীয় আমেৰিকান মহিলা যি মেকিন্সে এণ্ড কোম্পানীত অংশীদাৰ হিচাপে নিৰ্বাচিত হৈছিল ।

এই সকলোবোৰৰ উপৰিও চন্দ্ৰিকা এগৰাকী সুৰকাৰ আৰু গায়িকাও, যিয়ে হিন্দুস্তানী, কৰ্ণাটক আৰু পশ্চিমীয়া সংগীতৰ প্ৰশিক্ষণ লৈছে । ২০০৯ চনত তেওঁৰ প্ৰথম এলবাম ছ’ল কল মুকলি কৰে আৰু ২০১১ চনত কন্টেম্পৰেৰী ৱৰ্ল্ড মিউজিকৰ বাবে গ্ৰেমী মনোনয়ন লাভ কৰে । ত্ৰিবেণী তেওঁৰ ষষ্ঠ এলবাম ।

২০০৫ চনত তেওঁ তেওঁৰ নন-প্ৰফিট সংগীত লেবেল ছ'ল চেণ্টছ মিউজিক প্ৰতিষ্ঠা কৰে, যাৰ উদ্দেশ্য আছিল সংগীতক গোলকীয় কল্যাণৰ উপায় হিচাপে ব্যৱহাৰ কৰা । যোৱা কেইবছৰমানত তেওঁ গ্ৰেমী মনোনীত ছ'ল কলকে ধৰি কেইবাটাও এলবাম মুকলি কৰিছে ।

শিক্ষাৰ ক্ষেত্ৰত চন্দ্ৰিকাৰ প্ৰচেষ্টা আন আন ক্ষেত্ৰৰ দৰেই উল্লেখনীয় । নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ টেণ্ডন স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ ব’ৰ্ডৰ অধ্যক্ষ আৰু এছ টি ই এম শিক্ষাৰ প্ৰধান সমৰ্থক হিচাপে চন্দ্ৰিকাই উচ্চ শিক্ষাৰ বাবেও কাম কৰে, বিশেষকৈ প্ৰথম প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আৰু মহিলাসকলৰ বাবে । চন্দ্ৰিকা উচ্চ শিক্ষা, এন ৱাই ইউ, ইয়েল, হাৰ্ভাৰ্ডৰ লগতে নিউয়ৰ্কৰ হিন্দু মন্দিৰ আৰু তেওঁলোকৰ কমিউনিটি চেণ্টাৰলৈও আগবঢ়োৱা অনুদানৰ বাবেও পৰিচিত ।

লগতে পঢ়ক : গ্ৰেমী মনোনয়ন 2025: মনোনয়ন লাভ কৰিছে ভাৰতীয় শিল্পীয়ে