ETV Bharat / entertainment

ইণ্ডিয়ান আইডল ১৫ ৰ বিজয়ী মানসী ঘোষে প্ৰথমে কাৰ সৈতে গান গাইছিল জানেনে ? - INDIAN IDOL 15 WINNER MANASI GHOSH

ইণ্ডিয়ান আইডল ছিজন ১৫ ৰ বিজয়ী মানসী ঘোষ কলকাতাৰ নিবাসী ৷ নিষ্ঠা আৰু প্ৰতিভাৰ জৰিয়তে মানসী সকলোৰে মাজত জিলিকি উঠিছে ৷

Indian Idol 15 Winner MANASI GHOSH Everything You Need To Know About her
মানসী ঘোষ (Photo: Show Poster)
author img

By ETV Bharat Entertainment Team

Published : April 7, 2025 at 1:54 PM IST

3 Min Read

হায়দৰাবাদ: ২০২৫ চনৰ ৬ এপ্ৰিলত প্ৰচাৰিত সংগীতৰ জনপ্ৰিয় শ্ব’ ইণ্ডিয়ান আইডলৰ ১৫ ছিজনে কলকাতাৰ ২৪ বছৰীয়া প্ৰতিযোগী মানসী ঘোষক চেম্পিয়নৰ খিতাপ প্ৰদান কৰে । বিজয়ী ট্ৰফী, ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ, এখন নতুন গাড়ীৰ লগতে মৰম আৰু খ্যাতিৰে উপচি পৰিছে মানসীৰ চৌপাশ ৷

মানসীৰ কাহিনী বহুতৰ বাবে প্ৰেৰণাদায়ক । পশ্চিমবংগৰ কন্যা মানসীৰ সৰুৰে পৰা সংগীতৰ প্ৰতি হেঁপাহ আছিল । ইণ্ডিয়ান আইডল শ্ব’টোত প্ৰকাশ পাইছিল যে পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ মানসীৰ প্ৰতিশ্ৰুতিৰ বিষয়ে পৰিয়াল অৱগত আছিল । সৰুতে মানসীয়ে ঘৰৰ মানুহক ‘তোমাক বহুত ঘৰ কিনি দিম’ বুলিও কৈছিল ।

মানসীৰ আনুষ্ঠানিক সংগীত প্ৰশিক্ষণ সম্পৰ্কে প্ৰশ্ন উত্থাপন হোৱা নাই যদিও জানিব পৰা গৈছে যে, মানসীয়ে সৰুৰে পৰা সংগীতৰ প্ৰশিক্ষণ লৈছে । ইণ্ডিয়ান আইডল ২০১৯ ৰ পূৰ্বে একাধিক সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ঘোষে । ছুপাৰ ছিংগাৰ ছিজন ৩ ত প্ৰথম ৰাণাৰ্ছ আপ হিচাপে স্থান লাভ কৰিছিল তেওঁ ৷ এই মঞ্চই তেওঁৰ বাবে নতুন পথ মুকলি কৰিছিল ৷

ইণ্ডিয়ান আইডলত থকা সময়ছোৱাত মানসীয়ে বহুমুখী প্ৰতিভা প্ৰদৰ্শন কৰিছিল, ক্লাছিকেলৰ পৰা সমসাময়িক পপলৈকে প্ৰতিটো সংগীত ধাৰাৰ গীত পৰিৱেশন কৰিছিল । গীতত আৱেগ আৰু প্ৰকাশভংগীৰ গভীৰতাও যোগ কৰিছিল । বিচাৰক শ্ৰেয়া ঘোষাল, বাদশ্বাহ আৰু বিশাল দাদলানীয়ে তেওঁৰ ভংগীমাক ধাৰাবাহিকভাৱে প্ৰশংসা কৰিছিল ছিজনটোত । বিশাল নিজৰ মূল্যায়নৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ বাবে পৰিচিত আছিল যদিও মানসীয়ে প্ৰায়ে তেওঁৰ পৰা ষ্টেণ্ডিং অভেশ্যন লাভ কৰিছিল ।

এক পোষ্টত, ঘোষে প্ৰথম প্লে-বেকৰ সুযোগৰ বিষয়ে উল্লেখ কৰে, "মই নাভাবো যে মই মোৰ অনুভৱ প্ৰকাশ কৰিব পাৰিম যেতিয়া @lalitpanditofficial চাৰে মোক কৈছিল যে তেওঁ মোক প্ৰথম প্লে-বেকৰ সুযোগ আগবঢ়াইছে… যেতিয়া মই কিংবদন্তি @singer_shaan ছাৰৰ সৈতে গান গাই আছো !!" ইণ্ডিয়ান আইডল ১৫ জয় কৰাৰ পিছত, তেওঁ নিজৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰীসকলৰ সৈতে এই যাত্ৰাৰ অভিজ্ঞতা আৰু অনুভূতি শ্বেয়াৰ কৰে ।

ইণ্ডিয়ান আইডল ছিজন ৪ ৰ বিজয়ী সৌৰভী দেৱবাৰ্মাৰ পিছত এই সংগীত প্ৰতিযোগিতাত জয়ী হোৱা দ্বিতীয়গৰাকী মহিলা গায়িকা হিচাপে পৰিগণিত হৈছে মানসী । ঘোষে প্ৰকাশ কৰে যে, তেওঁ এই পুৰস্কাৰৰ ধন নিজৰ সংগীত প্ৰকল্পত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে । স্বাভাৱিক প্ৰতিভা, আৱেগিক গভীৰতা আৰু নিত্য বৃদ্ধি পোৱা অনুৰাগীৰ সৈতে মানসী ঘোষ ভাৰতীয় সংগীত জগতৰ অন্যতম আদৰৰ কণ্ঠ হোৱাৰ দিশে ।

লগতে পঢ়ক : ''কুচ তৌ গড়বড় হে দয়া...'', CID ৰ ACP প্ৰদ্যুমানৰ আকস্মিক মৃত্যু !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.