হায়দৰাবাদ: দীৰ্ঘ বিৰতিৰ পিছত প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা সাজু হৈছে অসমবাসীক এখন নতুন অসমীয়া ছবি উপহাৰ দিবলৈ ৷ জাহ্নু বৰুৱাৰ ছবি মানেই ব্যতিক্ৰম ৷ সেই কথা প্ৰতিগৰাকী দৰ্শকেই জানে ৷ সোমবাৰে গুৱাহাটীত এইগৰাকী প্ৰখ্যাত পৰিচালকৰ নৱতম ছবি "হেৰোৱা ছন্দ"(Lost Rhythm)ৰ মহুৰত অনুষ্ঠিত হয় ৷
"হেৰোৱা ছন্দ"ৰ প্ৰযোজনা মুকভা প্ৰডাকশ্যনৰ ৷ 26 মাৰ্চৰ পৰা মাহজোৰা সূচীৰে একেটা পৰ্যায়তে ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হ’ব বুলি ই টিভি ভাৰতক জনাইছে পৰিচালক বৰুৱাই ৷ ছবিখনৰ কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব অমৃতা গগৈ, জয় কাশ্যপ, ময়ুখ শৰ্মা, দিবছন লাল বৰুৱা, সুকন্যা ৰাজগুৰু, আদ্ৰী হাতীবৰুৱা, ড৹ অৰূপ বৰঠাকুৰ, উজ্জ্বল ৰাজখোৱা, বিক্ৰম গগৈ, দীপা দাস, তৰুণ শইকীয়া, পংকজ নেওগ আদিয়ে ৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল ‘‘হেৰোৱা ছন্দ’’ত অসমৰ দৰ্শকে দেখা পাব এগৰাকী নতুন অভিনেতা অজু বৰুৱাক ৷ অজু বৰুৱা অসমীয়া ছবিৰ দৰ্শকৰ বাবে নতুন মুখ হ’লেও বলীউডৰ হিন্দী ছবি, তামিল আৰু তেলুগু ছবিতো ইতিমধ্যে অভিনয় কৰিছে অজুৱে ৷ তেওঁৰ এখন তেনে জনপ্ৰিয় ছবি হ’ল "মিউজিক স্কুল"৷ মূলতঃ তামিল আৰু তেলুগু ভাষাত মিউজিক স্কুলে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে ৷
অজু বৰুৱা হ’ল পৰিচালক জাহ্নু বৰুৱাৰ পুত্ৰ ৷ এককথাত "হেৰোৱা ছন্দ"ৰ জৰিয়তে অসমীয়াত ছবিত অভিষেক ঘটিব অজু বৰুৱাৰ ৷ জাহ্নু বৰুৱাৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্যৰ আধাৰত নিৰ্মিত "হেৰোৱা ছন্দ"ই বৰ্তমান সময়ৰ এক সাৰ্বজনীন চিন্তা উদ্দীপক সামাজিক সমস্যাৰ উপস্থাপন কৰিব ৷ ছবিখন এই বছৰৰ শেষৰ ফালে মুক্তি পোৱাৰ সম্ভাৱনা আছে ৷
"হেৰোৱা ছন্দ"ৰ চিত্ৰগ্ৰহণৰ দায়িত্বত আছে প্ৰসিদ্ধ চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা ৷ চাউণ্ড ডিজাইন কৰিব বলীউডৰ এগৰাকী জনপ্ৰিয় চাউণ্ড ডিজাইনাৰ অসমসন্তান অমৃত প্ৰীতমে ৷ একেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা আন এগৰাকী অসমসন্তান দেৱজিৎ চাংমায়ে ছবিখনৰ চাউণ্ড মিক্সিং কৰিব ৷ ছবিখনৰ গীতৰ ৰচনা আৰু সংগীত ইবছন লাল বৰুৱা, নীলোৎপল বৰা আৰু ৰীতা বৰুৱা দাসৰ ৷ প্ৰডাকশ্যন ডিজাইনাৰ গায়ত্ৰী বৰুৱা ৷
ছবিখনৰ মুখ্য সহকাৰী পৰিচালক ৰ’নাল্ড হুছেইন ৷ সহকাৰী পৰিচালকৰূপে আছে পৰাগ বৰুৱা আৰু পৰিস্মিতা গগৈ ৷ সাজ-সজ্জা মীনাক্ষী ঢেকিয়াল ফুকনৰ ৷ সহকাৰী পৰিচালক হিচাপে আছে তৃষ্ণা তৃষা বৰুৱা ৷ ছবিখনৰ কাৰ্যবাহী প্ৰযোজনা মানস দাস আৰু সঞ্জীৱ বৰঠাকুৰৰ ৷ ৰূপসজ্জা অৰূপ দাসৰ ৷ স্থিৰচিত্ৰ পল্লৱ মহন্তৰ আৰু পোষ্ট প্ৰডাকশ্যন ক'-অৰ্ডিনেশ্যনত আছে ৰাহুল জৈন ৷ প্ৰডাকশ্যন সহযোগী ভৱেশ, দেৱৰাজ বৰুৱা আৰু আশ্বেন ৷
উল্লেখ্য যে, 2018 চনতেই অসমীয়া দৰ্শকে জাহ্নু বৰুৱাৰ পৰা লাভ কৰিছিল তেওঁৰ শেষৰখন ছবি "ভগা খিৰিকী" ৷ এতিয়া দীৰ্ঘ বিৰতিৰ পিছত এইগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন পৰিচালকে পুনৰ তেওঁৰ নতুন সৃষ্টি "হেৰোৱা ছন্দ" অসমৰ দৰ্শকক উপহাৰ দিবলৈ সাজু হৈছে ৷