নগাঁও: অসমৰ গৌৰৱ, বিশ্ব এথলেটিকৰ উজ্জ্বল নক্ষত্ৰ তথা ‘ধিং এক্সপ্ৰেছ’ খ্যাত হিমা দাসক এইবাৰ নতুন ৰূপত দেখা গ’ল জন্মস্থান ধিঙত । ট্ৰেকৰ দৌৰবিদৰ পৰিচয়ৰ বাহিৰলৈ গৈ তেওঁ এইবাৰ বিহুমঞ্চত বাদ্যযন্ত্ৰীৰ ভূমিকাত অৱতীৰ্ণ হয় ৷ হিমাই তেওঁৰ নতুন ৰূপেৰে অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ মঞ্চ জিলিকাই তুলিলে । ধিং বিহুতলীত আয়োজিত ৰঙালী বিহুৰ এটা অনুষ্ঠানত হিমা দাসৰ এই ব্যতিক্ৰমী প্ৰতিভাই শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে আপ্লুত কৰিবলৈ সক্ষম হয় ৷
কেৱল ইমানেই নহয়, এই ব্যতিক্ৰমী ৰূপে হিমাৰ বহুমুখী প্ৰতিভাৰো পৰিচয় দিয়ে ৷ নিজৰ ক্ষেত্ৰখনৰ বাহিৰতো যে হিমাৰ আগ্ৰহ আৰু দখল আছে, সেয়াই প্ৰমাণ কৰিলে হিমাৰ শেহতীয়া প্ৰতিভাই ৷ বিহুৰ মঞ্চত কেৱল বাদ্যযন্ত্ৰ বজোৱাই নহয়, এপাক নাচিলেও হিমাই ৷
সাধাৰণতে খেলপথাৰত তেওঁৰ দুৰন্ত গতি আৰু ঈর্ষণীয় সফলতাৰ বাবে পৰিচিত হিমাই এইবাৰ মঞ্চত বাদ্যযন্ত্ৰ বজাই সকলোকে অভিভূত কৰি তুলিলে । ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান আছিল শুকুৰবাৰে ধিঙত ৷ উক্ত অনুষ্ঠানতে অংশগ্ৰহণ কৰি ড্ৰাম বজাই অনুষ্ঠানটোক এক নতুন মাত্ৰা প্ৰদান কৰে দৌৰবিদ হিমা দাসে ।
বিহুৰ মঞ্চত হিমাৰ এই নতুন ৰূপে উপস্থিত দৰ্শকৰ মাজত অধিক উছাহৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷ বিহুমঞ্চত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ গীতৰ তালে তালে নৃত্যও প্ৰদৰ্শন কৰিলে হিমাই ৷ ক্ৰীড়াক্ষেত্ৰৰ লগতে হিমাৰ এই ৰূপে সাংস্কৃতিক জগতখনৰ প্ৰতি তেওঁৰ সন্মানো প্ৰদৰ্শন কৰে ৷
আনহাতে ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ ৰঙালীৰ ৰঙে সকলোৰে মন উতনুৱা কৰি ৰাখিছে ৷ প্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান চাবলৈ শ্ৰোতা-দৰ্শকৰ সোঁত বৈছে ৷ কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ ৰঙালী বিহুৰ অনুষ্ঠান 12 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু 30 এপ্ৰিললৈকে চলি থাকিব ৷
লগতে পঢ়ক : কোনে অর্জন কৰিলে বিহু সম্ৰাজ্ঞী ২০২৫ বর্ষৰ খিতাপ ?