ETV Bharat / entertainment

অভিনেত্ৰী হুমা কুৰেশ্বীৰ সম্বন্ধীয় ভাতৃক কোনে, কিয় কৰিলে হত্যা ?

দিল্লীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা । নিজামুদ্দিনত নিৰ্মমভাৱে হত্যা এজনক । নিহত হুমা কুৰেশ্বীৰ সম্বন্ধীয় ।

Huma Qureshi's Cousin Murdered
অভিনেত্ৰী হুমা কুৰেশ্বীৰ সম্বন্ধীয় ভাতৃক হত্যা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 1:21 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: নতুন দিল্লীৰ নিজামুদ্দিনৰ জংপুৰা ভোগল বজাৰ লেন অঞ্চলত চাঞ্চল্যকৰ হত্যাকাণ্ড । বলীউডৰ অভিনেত্ৰী হুমা কুৰেশ্বীৰ আত্মীয় এজন যুৱকক হত্যা কৰাৰ অভিযোগ উঠিছে । দুচকীয়া বাহনৰ পাৰ্কিঙক লৈ হোৱা বিবাদৰ পিছতে আছিফ কুৰেশ্বী নামৰ যুৱকজনক নিৰ্মমভাৱে হত্যা কৰে দুজন যুৱকে ।

৭ আগষ্টৰ নিশা প্ৰায় ১০:৩০ বজাত ঘটনাটো সংঘটিত হৈছিল । জানিব পৰা মতে ৪২ বছৰীয়া আছিফে দুজন যুৱকক তেওঁলোকৰ স্কুটীখন আঁতৰাবলৈ কৈছিল । কাৰণ আছিফৰ ঘৰৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি স্কুটী ৰখোৱা আছিল । যাক লৈ তেওঁলোকৰ মাজত বাক বিতণ্ডা আৰম্ভ হয় । এই সাধাৰণ তৰ্কই অৱশেষত ভয়ংকৰ ৰূপ লয় । অভিযোগ অনুসৰি এজন অভিযুক্তই আছিফৰ বুকুত চোকা বস্তুৰে আঘাত কৰে । ফলত আছিফ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু অৱশেষত তেওঁৰ মৃত্যু হয় ।

ঘটনাৰ বিৱৰণ

দিল্লী আৰক্ষীৰ মতে ভাৰতীয় ন্যায় সংহিতা (বি এন এছ)ৰ ধাৰা ১০৩(১) আৰু ৩(৫)ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে । উজ্জ্বল আৰু গৌতম নামৰ দুই অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে ।

আৰক্ষীয়ে জনাইছে, "৭ আগষ্টৰ নিশা প্ৰায় ১০:৩০ বজাত স্কুটীৰ পাৰ্কিঙক লৈ অভিযুক্তৰ সৈতে হোৱা কাজিয়াত আছিফ কুৰেশ্বীক হত্যা কৰা হয় । অভিযুক্তকেইজনৰ এজনে ভুক্তভোগীৰ বুকুত চোকা বস্তুৰে আক্ৰমণ কৰে, যাৰ ফলত তেওঁৰ মৃত্যু হয় । দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।"

ষড়যন্ত্ৰৰ সন্দেহ পৰিয়ালৰ

ভুক্তভোগী আছিফৰ পত্নীয়ে অভিযোগ কৰিছে যে এই হত্যাকাণ্ড আকস্মিক নহয়, পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ আছিল । ঘটনাটো সন্দৰ্ভত পত্নীয়ে কয়, "তেওঁলোকে নিজৰ স্কুটীখন আমাৰ গেটৰ সন্মুখতে ৰখাই দিছিল । আমি তেওঁলোকক অলপ কাষলৈ লৈ যাবলৈ ক'লোঁ, কিন্তু তেওঁলোকে আমাক গালি-গালাজ কৰিবলৈ ধৰিলে । আছিফে বিনয়েৰে তেওঁলোকক অলপ আগলৈ ৰখাবলৈ ক'লে, কিন্তু এজনে চিঞৰিলে যে তেওঁ ঘূৰি আহিব । কিছু মুহূৰ্তৰ পিছত ল'ৰাজনে ওপৰৰ পৰা নামি আহি আছিফৰ বুকুত ছুৰীৰে আঘাত কৰিলে । তেওঁৰ বহুত তেজ ওলাবলৈ ধৰিলে । মই মোৰ খুলশালি জাভেদক মাতিলো, কিন্তু তেতিয়ালৈ আছিফ আৰু নাথাকিল ।"

আছিফৰ খুড়াক চেলিম কুৰেশ্বীয়েও সংবাদ মাধ্যমৰ সন্মুখত কয়, "আছিফৰ বয়স আছিল ৪২ বছৰ আৰু তেওঁ ওচৰৰে ৰেষ্টুৰেণ্ট এখনত কুকুৰাৰ মাংস যোগান ধৰাৰ কাম কৰিছিল । মোক কোৱা হৈছিল যে পাৰ্কিঙক লৈ কাজিয়া হৈছিল । দুজন মানুহে একেলগে তেওঁক আক্ৰমণ কৰিছিল ।" সংকটজনক অৱস্থাত আছিফক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

কোনো বিবৃতি দিয়া নাই হুমা কুৰেশ্বীয়ে

হুমা বা তেওঁৰ ভাতৃ অভিনেতা ছাকিব ছালিমে তেওঁলোকৰ সম্বন্ধীয় ভাতৃৰ কৰুণ মৃত্যু সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । হুমা গেংছ অৱ ৱাছেইপুৰ, মহাৰাণী আৰু লেইলাৰ দৰে ছবিৰ দ্বাৰা অধিক জনপ্ৰিয় হৈছিল । ২০২৫ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ নতুন ছবি 'বায়ান' ৱ'ৰ্ল্ড প্ৰিমিয়াৰৰ বাবে সাজু হৈছে । অৱশ্যে এই ঘটনাই নিশ্চিতভাৱে তেওঁক মৰ্মাহত কৰিছে ।

ইফালে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এয়া পূৰ্ব পৰিকল্পিত আছিলনে কি সেয়া আৰক্ষীয়ে অনুসন্ধান কৰি আছে ।

লগতে পঢ়ক :মানুহক কন্দুৱাবলৈ সহজ, হঁহুৱাবলৈহে কঠিন: কিয় ক'লে অভিনেতা মন্মথ বৰুৱাই - ACTOR MANMATH BARUA