ETV Bharat / entertainment

কেম’থেৰাপীৰ পিচত সলনি হৈছে হিনাৰ চেহেৰা - HINA LATEST POST ON CANCER

Hina Khan breat cancer : হিনা খানে কেম’থেৰাপীৰ পিচত ফটো শ্বেয়াৰ কৰি কয় মোৰ দাগবোৰ মোৰ অগ্ৰগতিৰ চিন ৷ শেহতীয়াকৈ হিনা খানে তেওঁৰ কিছু ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক তেওঁৰ স্বাস্থ্যৰ বিষয়ে আপডেট দিছে ।

HINA LATEST POST ON CANCER
হিনা খান (IANS)
author img

By ETV Bharat Assamese Team

Published : July 6, 2024 at 7:01 PM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 6 জুলাই : স্তন কেন্সাৰৰ সৈতে যুঁজি থকা টিভি তাৰকা হিনা খানে এটাৰ পিচত আন এটা পোষ্ট কৰি সকলোকে নিজৰ স্বাস্থ্যৰ বিষয়ে আপডেট কৰি আছে । শনিবাৰে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কিছু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । কেম’থেৰাপীৰ পিচত এই ফটোখিনি তুলিছে হিনাই ।

প্ৰথমটো কেম’থেৰাপীৰ পিচতে হিনাই চুলি কাটি পেলাই আৰু তাৰ ভিডিঅ’ তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰে ৷ ভিডিঅ’টোৰ লগতে এটা আৱেগিক কেপশ্যনো লিখিলে অভিনেত্ৰীগৰাকীয়ে । কমেণ্ট ছেকশ্যনত অনুৰাগীসকলে হিনাক যুঁজাৰু বুলি অভিহিত কৰি সাহস দিয়া দেখা গ’ল ।

লগতে পঢ়ক : প্ৰথমটো কেম’ থেৰাপীৰ পূৰ্বে এৱাৰ্ড অনুষ্ঠান পালেগৈ হিনা - Hina Khan post on cancer battle

কেম’থেৰাপীৰ পিচতে হিনাই কাটি পেলালে চুলি - Hina Khan breast cancer

এইবোৰ মোৰ দাগ, মৰমেৰে আকোৱালি লওঁ – হিনা খান

শনিবাৰে শ্বেয়াৰ কৰা ফটোৰ সৈতে তেওঁ শিৰোনামটো লিখিছে, 'আপুনি এই ফটোত কি দেখিছে ? মোৰ শৰীৰত দাগ আছে নে মোৰ চকুত আশা ? দাগবোৰ মোৰ, মই মৰমেৰে আকোৱালি লৈছো কাৰণ ই যুঁজত আগবাঢ়ি যোৱাৰ লক্ষণ যিটো মোৰ প্ৰাপ্য । মোৰ দৃষ্টিত আশা হৈছে মোৰ প্ৰকৃত প্ৰতিফলন, মই সুৰংগটোৰ শেষত পোহৰ এতিয়াও দেখা পাওঁ । মই মোৰ অসুস্থতাৰ পৰা আৰোগ্য হৈ উঠিছো আৰু মই আপোনাৰ বাবেও প্ৰাৰ্থনা কৰি আছো ।’

অনুৰাগীয়ে দিয়ে এই প্ৰতিক্ৰিয়া

হিনাৰ এই ফটোত এজন অনুৰাগীয়ে লিখিছে, ‘তুমি যুঁজাৰু হিনা, এইটোও পাৰ হ’ব’। আন এজনে লিখিছে যে, ‘নিজৰ যত্ন লোৱা হিনা, আমি সকলো তোমাৰ লগত আছো ৷’

শেহতীয়াকৈ প্ৰথম কেম’থেৰাপী হোৱাৰ পিচত হিনা খানে চুলি কটাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । লগত তেওঁ লিখিছে, ‘মই সিদ্ধান্ত লৈছো যে মই নিজকে এই যুদ্ধত জয়ী হোৱাৰ সকলো সুযোগ দিম । মই মোৰ ধুনীয়া চুলিখিনি সৰি পৰাৰ আগতেই কাটি পেলোৱাৰ সিদ্ধান্ত লৈছিলো । কেইবাসপ্তাহ ধৰি এই কষ্ট সহ্য কৰিবলৈ মন যোৱা নাছিল । গতিকে, মই মোৰ মুকুট (চুলি) এৰি দিয়াৰ সিদ্ধান্ত লৈছিলো কাৰণ মই উপলব্ধি কৰিছিলো যে মোৰ প্ৰকৃত মুকুট মোৰ সাহস, মোৰ শক্তি আৰু নিজৰ প্ৰতি মোৰ প্ৰেম । আৰু হয়.. মই মোৰ চুলিখিনি ব্যৱহাৰ কৰি এটা ভাল উইগ বনাবলৈ সিদ্ধান্ত লৈছো ।’

লগতে পঢ়ক : স্কাৰড্ বাট নট স্কেৰড্ : কেন্সাৰ যুদ্ধৰ মাজতে হিনা খানে শ্বেয়াৰ কৰিলে শক্তিশালী বাৰ্তা - Hina Khan stage three breast cancer