ETV Bharat / entertainment

স্তন কেন্সাৰত আক্ৰান্ত হিনা খানে হাতযোৰ কৰি কিয় বিচাৰিলে সহায় - Hina Khan Breast Cancer

Hina Khan: স্তন কেন্সাৰত চিকিৎসাধীন হৈ থকা টেলিভিচন জগতৰ অক্ষৰা অৰ্থাৎ অভিনেত্ৰী হিনা খানৰ এই নতুন পোষ্টটোৱে বৃদ্ধি কৰিছে অনুৰাগীৰ উদ্বিগ্নতা । হিনা খানে তেওঁৰ নতুন পোষ্টত আল্লাৰ পৰা সহায় বিচৰা দেখা গৈছে । সবিশেষ পঢ়ক-

Hina Khan prays for strength amid her breast cancer battle Please Allah please
স্তন কেন্সাৰত আক্ৰান্ত হিনা খানে হাতযোৰ কৰি বিচাৰিলে সহায় (INSTAGRAM)
author img

By ETV Bharat Assamese Team

Published : July 11, 2024 at 1:50 PM IST

|

Updated : July 11, 2024 at 4:51 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 11 জুলাই: টেলিভিচন জগতৰ অভিনেত্ৰী হিনা খানে সম্প্ৰতি স্তন কেন্সাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত তেওঁ স্তন কেন্সাৰত ভোগা বুলি সকলোকে অৱগত কৰে ৷ হিনা খান তৃতীয় পৰ্যায়ৰ স্তন কেন্সাৰত আক্ৰান্ত বুলি জনাত বহু চেলিব্ৰিটিয়েই স্তম্ভিত হৈ পৰিছিল । তেতিয়াৰ পৰাই চেলিব্ৰিটি আৰু হিনা খানৰ অনুৰাগীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰি আহিছে । শেহতীয়াকৈ হিনা খানে তেওঁ কেমোথেৰাপি গ্ৰহণ কৰাৰ কথা সকলোৰে সৈতে শ্বেয়াৰ কৰে । এতিয়া হিনা খানৰ শেহতীয়া এটি পোষ্টে তেওঁৰ অনুৰাগীক আৰু অধিক চিন্তিত কৰি তুলিছে ।

Hina Khan prays for strength amid her breast cancer battle Please Allah please
স্তন কেন্সাৰত আক্ৰান্ত হিনা খানে হাতযোৰ কৰি বিচাৰিলে সহায় (HINA KHAN INSTAGRAM STORY)

হিনা খানে ১০ জুলাইৰ নিশা তেওঁৰ Insta Storyত এটা পোষ্ট শ্বেয়াৰ কৰিছিল । এই পোষ্টটোত হিনা খানক চিন্তিত যেন দেখা গৈছিল । এই পোষ্টটোৰ কথা ক’বলৈ গৈ হিনাই লিখে যে, আপোনাৰ বেদনা আল্লাৰ বাহিৰে আন কোনোৱে বুজিব নোৱাৰে, প্লিজ আল্লাহ প্লিজ । উল্লেখ্য যে, হিনা খানৰ বয়ফ্ৰেণ্ড ৰকি জয়ছৱালো বৰ চিন্তিত, তৎস্বত্বেও তেওঁ দিনে নিশাই হিনাৰ সাহস মজবুত কৰি আছে ।

একে সময়তে হিনা খানক কেন্সাৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিচৰে পৰা ছ’চিয়েল মিডিয়াত তেওঁ অহৰহ পোষ্ট শ্বেয়াৰ কৰি আহিছে । এই পোষ্টটোৰ পূৰ্বে হিনা খানে এটা ভিডিঅ’ আৰু কিছু ছবি শ্বেয়াৰ কৰিছিল, য’ত হিনা খানক চুলি কটা দেখা গৈছিল । এই পোষ্টটোত হিনা খানে সকলোকে তেওঁৰ কেমোথেৰাপিৰ বিষয়ে অৱগত কৰিছিল । এটি ভিডিঅ’ত কেমোথেৰাপিৰ বাবে নিজৰ চুলি কাটি থকা ভিডিঅ’ তেওঁ শ্বেয়াৰ কৰে ৷

আনহাতে কেমোথেৰাপিৰ সময়ত হিনা খানে শ্বেয়াৰ কৰা কেইখনমান ফ’টোত শৰীৰৰ কাষলতিত কিছু অংশ কটা দেখা গৈছে । হিনা খানে নিজেই নিজৰ পোষ্টত কৈছিল যে কেন্সাৰৰ চিকিৎসাৰ সময়ত তেওঁৰ শৰীৰত কিছু কাটিছিল, তাৰ পিচত অনুৰাগীৰ দৃষ্টি সেই অংশত নিবদ্ধ হৈছিল ।

আনহাতে, ৩৬ বছৰীয়া অভিনেত্ৰী হিনা খানে ২৮ জুনত প্ৰকাশ কৰিছিল তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ । সামাজিক মাধ্যমযোগে হিনা খানে তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগ হোৱা বুলি সকলোকে অৱগত কৰে আৰু অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক চিন্তা নকৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক: অসুস্থ হিনা খান, চাৰিদিন ধৰি হাস্পতালত ভৰ্তি, কি হৈছে অভিনেত্ৰীগৰাকীৰ ?
Last Updated : July 11, 2024 at 4:51 PM IST