স্তন কেন্সাৰত আক্ৰান্ত এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী, সামাজিক মাধ্যমযোগে নিজেই জনালে এই কথা - Hina Khan Breast Cancer
Hina Khan Breast Cancer : টিভি জগতৰ মোহময়ী অভিনেত্ৰী হিনা খান স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে । অভিনেত্ৰীগৰাকীয়ে নিজেই সামাজিক মাধ্যমত এই বিষয়ে তথ্য দিছে । চিন্তাত হিনাৰ অনুৰাগী আৰু পৰ্দাৰ তাৰকাসকল-

Published : June 28, 2024 at 1:33 PM IST
চিটাৰা ডেস্ক, 28 জুন : টিভিৰ জগতখনৰ এটা পৰিচিত চেহেৰা, হিনা খান ৷ নাম শুনিলেই মনলৈ আহে অক্সৰাৰ চৰিত্ৰটো ৷ অভিনয়ত দক্ষ, মোহময়ী, হিনাৰ আছে অসংখ্য অনুৰাগী ৷ আজি হতাশ হৈ পৰিছে অভিনেত্ৰী হিনা খানৰ অনুৰাগীসকলৰ লগতে মনোৰঞ্জন উদ্যোগৰ তেওঁৰ বন্ধুসকল ৷ ন’হবইনো বা কিয় ! অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে এটা হৃদয় বিদাৰক খবৰ ৷
হিনাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে এই চাঞ্চল্যকৰ খবৰ । হিনা খানৰ তৃতীয় পৰ্যায়ৰ স্তন কেন্সাৰ ধৰা পৰিছে । এই তথ্য স্বয়ং হিনা খানে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত দিছে । এই চাঞ্চল্যকৰ খবৰে তেওঁৰ অনুৰাগীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ৷ সমান্তৰালকৈ বহু টিভি চেলেব্ৰিটীয়েও হিনা খানক লৈ উদ্বেগ প্ৰকাশ কৰিছে । অনুৰাগীসকলে হিনা খানৰ বাবে প্ৰাৰ্থনা কৰিছে আৰু চেলেব্ৰিটীসকলেও তেওঁক উৎসাহিত কৰিছে ।
মোৰ কেন্সাৰ হৈছে- হিনা খান
হিনা খানে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘হেলো বন্ধুসকল, শেহতীয়া উৰাবাতৰিৰ প্ৰতি লক্ষ্য ৰাখি মই কিবা এটা শ্বেয়াৰ কৰিব বিচাৰিছো, মোৰ সকলো অনুৰাগীৰ বাবে, যিসকলে মোক ইমান ভাল পায় আৰু মোৰ বিষয়ে চিন্তা কৰে, মই তৃতীয় পৰ্যায়ৰ স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছো ।’
ইয়াৰ পিচত হিনা খানে লিখিছে, ‘ইয়াৰ প্ৰত্যাহ্বানমূলক চিকিৎসাৰ পিচতো মই মোৰ সকলো অনুৰাগীক আশ্বস্ত কৰিব বিচাৰিছো যে মই ভালেই আছো, মই শক্তিশালী, দৃঢ়প্ৰতিজ্ঞ, মোৰ চিকিৎসা ইতিমধ্যে আৰম্ভ হৈছে, আৰু মই যিমান পাৰো শক্তিশালী জীয়াই থাকিবলৈ চেষ্টা কৰিছো ।’
মোৰ বাবে প্ৰাৰ্থনা কৰক- হিনা খান
হিনা খানে লগতে আৰু লিখিছে, মই বিচাৰো আপোনালোকে মোৰ গোপনীয়তাৰ অধিকাৰক সন্মান কৰক, মই আপোনালোকৰ ভালপোৱাক সন্মান কৰো, মই আপোনালোকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ বাবে অপেক্ষা কৰি আছো আৰু মই ডাক্তৰৰ পৰামৰ্শ অনুসৰণ কৰিম, মোৰ পৰিয়াল আৰু মোৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে মই মনোনিৱেশ কৰিম, শক্তিশালী আৰু ইতিবাচক হৈ থাকিম, এই প্ৰত্যাহ্বানৰ পৰা মই সুস্থ হৈ উঠিম, অনুগ্ৰহ কৰি আপোনালোকে মৰম আৰু আশীৰ্বাদ দিয়ক আৰু মোৰ বাবে প্ৰাৰ্থনা কৰক ।’
হিনা খানৰ এই কেন্সাৰ পোষ্টৰ পিচতে সামাজিক মাধ্যমত হৈ চৈ লাগে । হিনা খানৰ অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক উৎসাহিত কৰি শক্তিশালী হৈ থাকিবলৈ কৈছে । একে সময়তে টিভি জগতৰ ৰশ্মি দেশাই, অংকিতা লোখাণ্ডে, গৌহৰ খান, হেইলী শ্বাহ, অভিনেতা জয় ভানুশালীকে ধৰি বহু তাৰকাই হিনা খানক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁক শক্তিশালী হৈ থকাৰ উৎসাহ যোগাইছে ৷
লগতে পঢ়ক : দৰৱৰ নামত জনতালৈ বৰবিহ: ৰাজনীতিৰ মেৰপাকত কোটিটকীয়া ব্যৱসায় - Baharul Islam starrer web series

