ETV Bharat / entertainment

গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হেমন্ত শৰ্মাৰ ছবি টু লেট্‌ - HEMANTA SARMA SHORT FILM TO LET

সাংবাদিক হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি ‘‘টু লেট্‌’’ৰ কৃতিত্ব ৷ মুঠ ৩২০ খন চুটি ছবিৰ ভিতৰত ‘‘টু লেট্‌’’ গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে।

Hemanta Sarma's film 'To-Let' selected for Goa International Film Competition
গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ চুটি ছবি ‘টু-লেট’ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 3, 2025 at 2:01 PM IST

2 Min Read

গুৱাহাটী : অসমৰ সাংস্কৃতিক জগতখনৰ বাবে সুখবৰ ৷ সাংবাদিক হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি টু লেটে কঢ়িযাই আনিলে সুনাম ৷ চলিত বৰ্ষৰ ‘‘গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা’’লৈ নিবাৰ্চিত হৈছে সাম্প্ৰতিক সময়ৰ এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ নিৰ্মাণ কৰা ‘‘টু লেট্‌’’ নামৰ চুটি ছবিখন ৷ সমগ্ৰ বিশ্বৰ সৰ্বমুঠ ৩২০ খন চুটি ছবিৰ ভিতৰত ‘‘টু লেট্‌’’ ছবিখন প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে ৷

উল্লেখ্য যে, কেবাবছৰ পূৰ্বে নিৰ্মাণ কৰা ছবিখন কাৰিকৰী বিজুতিৰ বাবে হেৰাই যোৱাৰ উপক্ৰম হৈছিল যদিও শেহতীয়াকৈ নিৰ্মাতাই ছবিখন বিচাৰি পাই আৰু বিভিন্ন চলচ্চিত্ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰে ৷ ধৰ্মনিৰপেক্ষতাক মূল বিষয়বস্তু হিচাপে লৈ সাংবাদিকগৰাকীয়ে নিৰ্মাণ কৰিছে ‘‘টু লেট্‌’’ নামৰ চুটি ছবিখন ।

Hemanta Sarma's film 'To-Let' selected for Goa International Film Competition
হেমন্ত শৰ্মা (Photo : ETV Bharat Assam)

ছবিখনিৰ বিষয়বস্তু সন্দৰ্ভত হেমন্ত শৰ্মাই জনাই, “এটা সৰু তথা অতি সাধাৰণ ঘটনাৰ আলমত ছবিখনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে ৷ আমি সকলোৱে এখন ধৰ্মনিৰপেক্ষ দেশত বসবাস কৰি আছো ৷ কিন্তু এই ধৰ্মনিৰপেক্ষ বোলা শব্দটো কিমান দূৰলৈ শিপাইছে ? কিমানে মন-মগজুত ধৰি ৰাখিছে ? কিমানে এই শব্দটো বুজি পায় ? কিমানে ধৰ্মনিৰপেক্ষতাৰ ভাবাৰ্থ বুজি পায় ? কিমানে ধৰ্মনিৰপেক্ষতাৰ মোল বুজি জীৱন নিৰ্বাহ কৰিছে ? দৰাচলতে অদ্যপি এই ধৰ্মনিৰপেক্ষ বোলা শব্দটো এটা শব্দহে হৈ আছে ৷ তই হিন্দু, মই মুছলমান, তই খ্ৰীষ্টান এইবোৰ কৰি কৰিয়েইচোন দেশখন জ্বলিয়েই আছে ৷ মহামানৱ মহাত্মা গান্ধীয়ে দেখা সপোনৰ দেশখনত, শংকৰ-আজানে একতাৰ দোলেৰে বন্ধা ৰাজ্যখনত প্ৰকৃতপক্ষত কি ঘটি আছে সেয়া সকলোৰে জ্ঞাত ৷ এজন মুছলমান যুৱ সাংবাদিকে এই ঘটনাৰাজিৰ বলি হৈ কি পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হ’ল তাকেই অতি কম সময়ৰ ভিতৰত ছবিখনৰ জৰিয়তে দেখুৱাবলৈ বিচৰা হৈছে ৷’’

Hemanta Sarma's film 'To-Let' selected for Goa International Film Competition
গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতালৈ চুটি ছবি ‘টু-লেট’ (Photo : ETV Bharat Assam)

ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সাংলাপ তথা পৰিচালনা হেমন্ত শৰ্মাৰ ৷ ফ’কাছ মিডিয়াৰ বেনাৰত নিৰ্মাণ কৰা এই ‘‘টু লেট্‌’’ ছবিখন প্ৰযোজনা কৰিছে উদ্যমী যুৱক উৎপল বণিয়াই ৷ চিনেমাটোগ্ৰাফী দ্বীপকমল গগৈৰ ৷ সংগীত পৰিচালক সুদীপ্ত নয়ন ৷ সম্পাদনা কৰিছে মানস প্ৰতীমে ৷ ‘‘টু লেট্‌’’ত অভিনয় কৰিছে– কুলেন্দ্ৰ ৰায় চৌধুৰী, নৱ মহন্ত, প্ৰতিমা শৰ্মা আৰু মীনাক্ষী দেৱীয়ে ৷

লগতে পঢ়ক : ‘শ্বিলঙৰে গধূলি’ৰ পাছত এইবাৰ কল্লোল বৰঠাকুৰৰ ‘অৰুণাচলৰে আবেলি’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.