ETV Bharat / entertainment

জীৱনত পৰা আৰু কি লাগে!...৪৪ সংখ্যক বিবাহ বাৰ্ষিকীত কিয় আবেগিক হৈ পৰিল হেমা মালিনী ? - Hema Dharmendra Wedding Anniversary

Hema Dharmendra Wedding Anniversary: হিন্দী চিনেমাৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীয়ে তেওঁৰ ৪৪ সংখ্যক বিবাহ বাৰ্ষিকী উপলক্ষে তেওঁৰ অনুৰাগীৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁৰ আৰু ধৰ্মেন্দ্ৰৰ পুৰণি স্মৃতি ভিডিঅ'টোত দেখুওৱা হৈছে। চাওক ভিডিঅ’...

Hema Malini drops video made by a fan on 44th anniversary with Dharmendra
জীৱনত পৰা আৰু কি লাগে!...৪৪ সংখ্যক বিবাহ বাৰ্ষিকীত কিয় আবেগিক হৈ পৰিল হেমা মালিনী ? (ETV Bharat Hindi)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024 at 8:44 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 2 মে’: বলীডউৰ এটি জনপ্ৰিয় দম্পত্তি হৈছে ধৰ্মেন্দ্ৰ-হেমা মালিনী ৷ শ্বোলে, ড্ৰিম গাৰ্ল, সীতা-গীতাৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰা হেমা-ধৰ্মেন্দ্ৰই 1980 (২ মে’)চনৰ আজিৰ দিনটোতে সাত জনমৰ বাবে বান্ধ খাই পৰিছিল ৷ আজি তেওঁলোকৰ বিবাহৰ 44 বছৰ সম্পূৰ্ণ হ’ল ৷

বৰ্তমানৰ যুৱ প্ৰজন্মৰ অনুৰাগীসকলেও তেওঁলোকৰ যোৰাটো খুবেই ভাল পায় ৷ এই উপলক্ষে ‘ড্ৰিম গাৰ্লে ছ’চিয়েল মিডিয়াত ফেন ক্লাবে নিৰ্মাণ কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত এই দম্পতীৰ বহু স্মৰণীয় মুহূৰ্ত প্ৰদৰ্শন কৰা হৈছে ৷

বৃহস্পতিবাৰে হেমা মালিনীয়ে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত এজন অনুৰাগীৰ ভিডিঅ’ শ্বেয়াৰ কৰি এটা সুন্দৰ টোকা সংলগ্ন কৰে ৷ কেপচনত তেওঁ লিখিছে, ‘আজি আমাৰ বিবাহ বাৰ্ষিকী ৷ ৪৪ বছৰীয়া একেলগে থকা, ২ গৰাকী ধুনীয়া ছোৱালী, মৰমলগা ল'ৰা-ছোৱালী আমাৰ চাৰিওফালে আৰু তেওঁলোকৰ মৰমেৰে আমাক বান্ধি ৰাখিছে ৷ আমাৰ অনুৰাগী আৰু তেওঁলোকৰ প্ৰাৰ্থনা ৷ জীৱনৰ পৰা আৰু কি লাগে ? এই সুখৰ উপহাৰৰ বাবে সৰ্বশক্তিমান দেৱৰ প্ৰতি আমাৰ চিৰকৃতজ্ঞতা ৷ এজন অনুৰাগীয়ে বনোৱা ভিডিঅ' ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে, কন্যা ঈশা দেউলেও পিতৃ-মাতৃলৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছে ৷ পিতৃ-মাতৃৰ এখন সুন্দৰ ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে- 'মা দেউতা বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা থাকিল ৷' মই তোমালোকক পূজা কৰো, মই তোমালোকক ভাল পাওঁ আৰু মই মাত্ৰ তোমাক সাৱটি ধৰিব বিচাৰো ৷

১৯৮০ চনত ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ বিবাহ হয় ৷ তেওঁলোকৰ দুগৰাকী কন্যা- ঈশা দেউল আৰু অহনা দেউল ৷ হেমা ধৰ্মেন্দ্ৰৰ দ্বিতীয় পত্নী ৷ ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰ, যাৰ পৰা তেওঁৰ তিনিগৰাকী পুত্ৰ ছানী দেওল আৰু ববি দেউল, আৰু দুগৰাকী কন্যা সন্তান ৷

লগতে পঢ়ক: গেলেক্সিত গুলীচালনা; জেলতে মৃত্যু গুলীচালনাকাৰীৰ : হত্যা নে আত্মহত্যা ? - Salman Khan House Firing