ETV Bharat / entertainment

ছবিখনৰ প্ৰতি তেওঁৰ বৰ হেঁপাহ আছিল: ৰৈ ৰৈ বিনালে সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গ

মুক্তিৰ অপেক্ষাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৷

ZUBEEN GARG DEATH
জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ (ANI Photo)
author img

By ANI

Published : September 25, 2025 at 12:04 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: এতিয়াও মুক্তিৰ অপেক্ষাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৷ এই ছবিখনৰ সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে ৷

পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়েই ছবিখনে মুক্তিলাভ কৰিব চলিত বৰ্ষৰ ৩১ অক্টোবৰত ৷ সম্প্ৰতি ছবিখনৰ মুক্তিৰ কাম পৰিচালনা কৰিছে বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাই ৷ গৰিমা শইকীয়া গাৰ্গে আজি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ৷

ৰৈ ৰৈ বিনালে সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গ (ETV Bharat Assam)

মঙলবাৰে গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত জুবিন পত্নী গৰিমাই বুধবাৰে সংবাদ মাধ্যমৰ আগত ছবিখনৰ সম্পৰ্কত ব্যক্ত কৰে প্ৰতিক্ৰিয়া ৷ প্ৰয়াত শিল্পীগৰাকীৰ পত্নীয়ে কয় যে বৰ্তমান পোষ্ট প্ৰডাকচনৰ কাম চলি থকা ছবিখনৰ প্ৰতি জুবিনৰ বহু হেঁপাহ আছিল ৷

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘আমি ৰৈ ৰৈ বিনালে নামৰ এখন ছবিৰ কাম কৰি আছিলো, যিখন তেওঁৰ শেষ ছবি হ'ব । তেওঁ এই ছবিখনক লৈ অতি আবেগিক আছিল । তেওঁ ছবিখন ৩১ অক্টোবৰত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছিল । গতিকে হয়তো এতিয়া আমি ছবিখনৰ বাকী থকা কামখিনি আৰম্ভ কৰিব লাগিব আৰু তেওঁ ভবাৰ দৰেই ছবিখন মুক্তি দিব লাগিব ৷’’

শিল্পীগৰাকীৰ অকাল মৃত্যুৰ বাবে ছবিখনত জুবিন গাৰ্গৰ কণ্ঠৰ ডাবিং সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবেও গৰিমা শইকীয়াই দুখ প্ৰকাশ কৰে ৷

গৰিমা শইকীয়াই কয়, ‘‘তেওঁৰ কণ্ঠক ডাব কৰিব নোৱাৰাৰ বাবে মই দুখ পাইছো ৷ যিহেতু তেওঁ ছবিখনতো অভিনয় কৰিছিল, তাকো সম্পূৰ্ণ বেলেগ চৰিত্ৰত । ইয়াক লৈ তেওঁ অতিশয় উৎসাহিত হৈছিল । তেওঁক ছবিখনত এগৰাকী অন্ধ শিল্পীৰ ৰূপত দৰ্শকে প্ৰত্যক্ষ কৰিলেহেঁতেন । ছবিখন সম্পূৰ্ণ সংগীতৰে ভৰা প্ৰেম কাহিনী । মই ভাবো মানুহেও ভালপাব । কিন্তু আমি তেওঁৰ মাতটো ডাব কৰিব পৰা নাছিলো । গতিকে ছবিখনত সেই শূন্যতা থাকি যাব । কিন্তু বাকী সংগীত আৰু সকলো কামেই হৈ গৈছে ।’’

কাহিলিপাৰাৰ ঘৰত উপস্থিত ৰাজ্যপাল

আনহাতে, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বুধবাৰে কাহিলিপাৰাস্থিত বাসভৱনত উপস্থিত হৈ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আচাৰ্যই কয় যে জুবিন গাৰ্গ আৰু সমাজলৈ তেওঁৰ অৱদানৰ প্ৰতি সমগ্ৰ দেশ কৃতজ্ঞ ।

এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়, ‘‘জুবিনৰ অৱদানৰ বাবে সমগ্ৰ দেশ কৃতজ্ঞ । আমি সকলোৱে মিলি তেওঁৰ কামসমূহক আগুৱাই নিবলৈ কাম কৰিম । আমি সকলো তেওঁৰ প্ৰতি কৃতজ্ঞ ।’’

লগতে পঢ়ক: গমেই নাপালো মোৰ ওচৰতেই ভগৱান আছিল, ভগৱানৰ আত্মা আছিল: গৰিমা গাৰ্গ