ডিব্ৰুগড়: অসমৰ এটা অতি পুৰণি ভূমিপুত্ৰ জনগোষ্ঠী সোণোৱাল কছাৰী জনগোষ্ঠী । নিজৰ স্বকীয় সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা বজাই ৰাখি জনগোষ্ঠীটোৱে আজিও বৰ অসম গঢ়াত অভূতপূৰ্ব অৱদান আগবঢ়াই আহিছে । ৰাজ্যৰ চৌদিশে বাপতি সাহোন ৰঙালীৰ ৰঙত মতলীয়া হৈ আছে প্ৰতিগৰাকী অসমীয়া ।
অসমৰ ভিন্ন জাতি-জনগোষ্ঠীয়ে নিজ নিজ পৰম্পৰা ৰক্ষা কৰি ঘৰে ঘৰে হুঁচৰি গাই উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু ৷ বাদ পৰা নাই সোণোৱাল কছাৰীসকলো । সোণোৱাল কছাৰী ৰাইজে একত্ৰিতভাৱে পৰম্পৰা ৰক্ষা কৰি গাইছে হাইদাং হুঁচৰি । অতি উলহ-মালহেৰে সোণোৱাল কছাৰী ৰাইজে গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে হাইদাং হুঁচৰি গাই পালন কৰিছে আদৰৰ ৰঙালী বিহু ৷
গাঁৱৰ কণমানিগৰাকীৰ পৰা জ্যেষ্ঠগৰাকীলৈকে সোণোৱাল কছাৰীসকলৰ সকলো হাইদাং হুঁচৰি গোৱাত ব্যস্ত । পৰম্পৰা অনুসৰি গাঁৱৰ প্ৰত্যেকঘৰ গৃহস্থৰ চোতালত এটা খুঁটাত এডাল বাঁহ থৈ লৈ বিহুৱাসকলে হাতে হাতে বাঁহৰ লাঠীৰে বাঁহ ডালত কোবাই পেঁপা, ঢোল বজাই হাইদাং হুঁচৰি পৰিৱেশন কৰে । হুঁচৰিৰ অন্তত গৃহস্থই মংগল কামনা কৰি শৰাই আগবঢ়ায় ৷ লগতে হাইদাং হুঁচৰি গোৱা বিহুৱা দলেও গৃহস্থৰ সুখ-শান্তি, সমৃদ্ধিৰ বাবে আশীৰ্বাদ দিয়ে ৷
কি কি নীতি নিয়ম কৰা হয় হাইদাং হুঁচৰিত :
অসমৰ অন্যান্য জাতি জনজাতিসকলৰ ভিতৰত অন্যতম জনজাতি হ'ল সোণোৱাল কছাৰী । সোণোৱাল কছাৰীসকলে চোতালে চোতালে হাইদাং হুঁচৰি গাই নিজৰ জনগোষ্ঠীৰ পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা কৰিছে । গৃহস্থৰ চোতালত হাইদাং হুঁচৰি মাৰি গৃহস্থই অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পাবলৈ আশীৰ্বাদ প্ৰদান কৰে ।

সোণোৱাল কছাৰীসকলে অতীজৰে পৰা পৰম্পৰা অনুসৰি এই হাইদাং হুঁচৰি গাই আহিছে ৷ গৰু বিহুৰ দিনটোৰ পৰাই ১৩ টা গাঁঠি, ১২ টা পাবৰ এডাল বাঁহ (যাক টকামাৰী বোলা হয়), জামুক গছৰ এটা ডাল খুঁটা হিচাপে লৈ ঢোলৰ ছেৱে ছেৱে হাইদাং হুঁচৰি গোৱা হয় । হাইদাং হুঁচৰিত গাঁৱৰ চেমনীয়া, ডেকা, বুঢ়া, সকলোৱে নাচি-বাগি আনন্দ-উল্লাস কৰে ।
গাঁওখনৰ সকলো পুৰুষ একত্ৰিত হৈ এই হুঁচৰি বিহুৰ প্ৰথম দিনটোৰ পৰাই নামঘৰত আৰম্ভ কৰে ৷ মহিলাসকলে অৱশ্যে এই হুঁচৰিত অংশ নলয় । সুকীয়া বৈশিষ্ট্য সম্পন্ন এই হাইদাং হুঁচৰিৰ গীতসমূহো জনগোষ্ঠীয় লোকগীতৰ ওপৰত আধাৰিত ।
ডিব্ৰুগড়ত সোণোৱাল কছাৰীসকলে ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি ঘৰে ঘৰে গাইছে হাইদাং হুঁচৰি :
উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলত দেখা গৈছে হাইদাং হুঁচৰিৰ পৰম্পৰা । বলাইত সোণোৱাল কছাৰীসকলে পৰম্পৰা ৰক্ষা কৰি ঘৰে ঘৰে জুৰিছে হাইদাং হুঁচৰি । এডাল বাঁহত টকা বজাই ঢোলে-ডগৰে গাঁৱৰ পুৰুষসকলে পৰম্পৰাগত সাজেৰে গাইছে হুঁচৰি । গাঁওখনৰ সকলো পুৰুষ একত্ৰিত হৈ এই হুঁচৰি বিহুৰ প্ৰথম দিনটোৰ পৰাই আৰম্ভ কৰিছে ।

গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ পৰম্পৰাগতভাৱে এই হুঁচৰি গোৱা হয় । ডেকা-বুঢ়াই এনেদৰে হুঁচৰি জুৰি গৃহস্থক আৰ্শীবাদ দিয়ে যাতে বছৰটোৰ বাবে পৰিয়ালটো কুশলে থাকে । গৃহস্থই শৰাই আগবঢ়াই আৰ্শীবাদ লোৱাৰ পিছতে ৰং ৰহইচ কৰি ডেকা-বুঢ়া সকলোৱে বিহু মাৰে ।
হাইদাং হুঁচৰিক লৈ সোণোৱাল কছাৰীসকলৰ বিশ্বাস :
সোণোৱাল কছাৰীসকল নিজৰ ধৰ্মীয় আৰু সাংস্কৃতিক স্বকীয়তাৰ সৈতে অতি শক্তিশালী জনগোষ্ঠী হিচাপে বিবেচিত হৈ আহিছে । নিজৰ পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কৃপণালি নকৰে জনগোষ্ঠীটোৱে । ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি ডিব্ৰুগড়ৰ বলাইত সোণোৱাল কছাৰীসকলে ঘৰে ঘৰে হাইদাং হুঁচৰি গাইছে ।

হাইদাং হুঁচৰি সন্দৰ্ভত জনগোষ্ঠীটোৰ এজন ব্যক্তিয়ে কয়, "বলাই গাঁৱত প্ৰতিবছৰে এই পৰম্পৰা আমি পালন কৰি আহিছো । হাইদাং হুঁচৰি আমি গৰুবিহুৰ দিনটোত গাঁৱৰ সকলোৱে লগ হৈ প্ৰথমে নামঘৰত কৰো । সেয়ে আন ক'তো বিহু কৰা নহয় । ইয়াৰ পাছৰ দিনৰ পৰাই গৃহস্থৰ ঘৰে ঘৰে সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি কৰা হয় । হাইদাং হুঁচৰিত ১৩ টা গাঁঠি থকা এডাল বাঁহ আৰু এটা জামুক গছৰ খুঁটা লোৱা হয় । এই হাইদাং হুঁচৰিত গাঁওবুঢ়াৰ পৰা কিশোৰ সকলোৱে একেলগে অংশ লয় ।”
আন এজনে হাইদাং হুঁচৰি সম্পৰ্কে কয়, "ব'হাগত হাইদাং হুঁচৰি কৰাটো সোণোৱাল কছাৰীসকলৰ পৰম্পৰা । পৰম্পৰা অনুসৰি কটা মাৰি আৰু জামুকৰ খুঁটা লৈ ঘৰে ঘৰে এই বিহু কৰা হয় । লোকবিশ্বাস অনুসৰি হাইদাং হুঁচৰিত ব্যৱহাৰ হোৱা খুঁটাটো শিৱ আৰু ১৩ গাঁঠি থকা বাঁহ ডাল পাৰ্বতি বুলি ধৰা হয় ।"
লগতে পঢ়ক : বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈ পৰিল চিমেন চাপৰি