ETV Bharat / entertainment

আৰম্ভ হ'ল সপ্তদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ

আজিৰে পৰা ১৬ ডিচেম্বৰলৈ ৬ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছে এই মহোৎসৱ ।

guwahati international film festival
আৰম্ভ হ'ল সপ্তদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 11, 2024 at 9:28 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বুধবাৰৰ পৰা আৰম্ভ হৈছে ১৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ । গুৱাহাটী চিনে ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে বুধবাৰে প্ৰদৰ্শন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উচ্চ প্ৰশংসিত ডমিনিক চাংমা পৰিচালিত গাৰো ভাষাৰ ছবি 'ৰেপচাৰ'। এইখন ছবি কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ শ্ব' হৈছিল ।

আজিৰে পৰা ১৬ ডিচেম্বৰলৈ ৬ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছে এই মহোৎসৱ । চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্না, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত ৰাহুল চন্দ্ৰ দাস, প্ৰযোজক ইভা গুৰ্মে মাকৰাৰ লগতে আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানত৷ এইবাৰ এই মহোৎসৱত দেশ-বিদেশৰ মুঠ ১৮ খন পূৰ্ণদৈৰ্ঘৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব । এই কথা প্ৰকাশ কৰে ক্লাবৰ সম্পাদক মাধুৰিমা বৰুৱাই ।

আৰম্ভ হ'ল সপ্তদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ (ETV Bharat Assam)

লগতে এই চলচ্চিত্ৰ মহোৎসৱত কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, জার্মানী, কাজাখাস্তান আৰু ভাৰতৰ হিন্দী, তামিল, বাংলা আৰু অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব । ইফালে নৱজ্যোতি বৰাই পৰিচালনা কৰা অসমীয়া ছবি 'মজলি'ৰ এই মহোৎসৱত প্ৰিমিয়াৰ শ্ব' হ'ব । ছবিখনৰ মুঠ সময় ১০২ মিনিট । পাৰভেজ আহমেদে পৰিচালনা কৰা 'ইতি তোমাৰ' নামৰ অসমীয়া ভাষাৰ আন এখন ছবিও এই মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব ।

সপ্তদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ, ক্লাবৰ সন্মানীয় সদস্য সদ্যপ্ৰয়াত বিশিষ্ট নাট্য আৰু চলচ্চিত্ৰৰ শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ স্মৃতিত উচৰ্গা কৰা হৈছে । মহোৎসৱৰ শেষৰ দিনা বিশিষ্ট নাটক আৰু চলচ্চিত্ৰৰ শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্য্যই অভিনয় কৰা ছবি "দিকচৌ বাটত পলাশ" ছবিখন প্ৰদৰ্শন কৰা হ'ব ।

এই বছৰ গুৱাহাটী চিনে ক্লাবৰ সৈতে ফেডাৰেচন অৱ ফিল্ম ছ'চাইটিজ অব ইণ্ডিয়া, ফিল্ম ক্ৰিটিক গীল্ড, Alliance Francaise de Bengale, World Film Festival Kolkata, Cine Central আদি অনুষ্ঠানে এই মহোৎসৱত সহযোগিতা আগবঢ়াইছে ।

লগতে পঢ়ক: শীঘ্ৰে মিচিং অধ্যুষিত অঞ্চলত নিৰ্মাণ হ'ব মিনি চিনেমা হল