ETV Bharat / entertainment

মুক্তি পালে পাপন-দীপলিনাৰ গুণমাইৰ ঘনকাই, কঁকাল ঘূৰাই নচাৰহে কথা - PAPON DEEPLINA DEKA BIHU SONG 2025

মুক্তিৰ পাছতে শ্ৰোতাই প্ৰশংসাৰে উপচাই পেলাইছে দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ নতুন গান ‘গুণমাইৰ ঘনকাই’ক ৷ আপুনি শুনিলেনে ?

Gunomair Ghonokai
মুক্তি পালে পাপন-দীপলিনাৰ গুণমাইৰ ঘনকাই (Photo : Screengrab from YT)
author img

By ETV Bharat Entertainment Team

Published : April 10, 2025 at 5:48 PM IST

2 Min Read

হায়দৰাবাদ : অন্য ছিজনতো যেতিয়া অসমীয়া মানুহে বিহুৱেই শুনে, তেন্তে বিহুৰ সময়ছোৱাত কেনে অনুভৱ হয় কল্পনা কৰকচোন ৷ সেই তাহানিৰ দিনৰ পৰা চলি অহা বিহুগীতৰ পৰা বৰ্তমান সময়লৈকে ৰচনা কৰা জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ নতুন নতুন বিহুগীতে ঘৰ এখন ৰজনজনাই তোলে ৷ ন-ন কুঁহিপাতে চকুত ধৰা দিয়াৰ সমান্তৰালকৈ কুলি-কেতেকীৰ বিননিয়ে বিহুগীতৰ সৈতে পৰিৱেশটোৱেই সাংঘাতিক মনোমোহা কৰি তোলে অসমৰ এটা এটা কোণৰ ৷

ব‘হাগ আহি পদূলিত, আহৰি নাইকিয়া হৈছে সকলোৰে ৷ নিজৰ লগতে আপোনজনলৈ বুলি লগতে নতুন কাপোৰ কিনা, পিঠা-পনা বনোৱা, ঘৰ-বাৰী চাফা কৰা ক’ত যে কি কাম ! লগতে আকৌ বিহু নাচিবলৈ আছেই ৷ ঢুলীয়া-পেপুৱা-বিহুৱা কাৰোবাৰ জানো আহৰি আছে ৷ নাচনীক বিহু নচুৱাবলৈ সকলোৰে জোৰদাৰ প্ৰস্তুতি এই সময়ছোৱাত ৷

গোটেই বছৰটোতে চেনাইলৈ ঢেৰ মৰম, কিন্তু ৰঙালীত যেন মনত প্ৰেমৰ ৰামধেনুখনে আহি ঘৰ কৰি লয়হি ৷ সেয়ে বিহুনাচৰ সমানে সমানে চেনাইলৈ বুলি গামোচা-ৰুমাল-বিহুৱান বোৱাত ব্যস্ত এতিয়া গাওঁ, চহৰ-নগৰৰ যুৱতীসকল ৷ এওঁলোক সকলোৰে দৰে ব্যস্ত সাংস্কৃতিক ক্ষেত্ৰৰ শিল্পীসকল ৷ উদ্দেশ্যে অসমৰ ৰাইজক বিহুৰ সময়ছোৱাত নিজৰ শিল্পৰ সৈতে উপহাৰ দি সুখী কৰা ৷

বহু সংগীতশিল্পীয়ে ইতিমধ্যে বহু বিহুগীত মুক্তি দিছে ৷ কালি মুক্তি পালে অংগৰাগ পাপন মহন্ত আৰু দীপলিনা ডেকাৰ কণ্ঠেৰে ‘গুণমাইৰ ঘনকাই’ ৷ সামাজিক মাধ্যমৰ জৰিয়তে দুই শিল্পীয়ে তেওঁলোকৰ এই নতুন প্ৰকল্পটোৰ কথা শ্বেয়াৰ কৰিছিল ৷ কালি মুক্তিৰ পাছতে গানটোৱে সামাজিক মাধ্যমত যথেষ্ট যোগাত্মক প্ৰতিক্ৰিয়া লাভ কৰা পৰিলক্ষিত হৈছে ৷ গানটোত বহু ধেমেলীয়া ধৰণেৰে প্ৰেমিক-প্ৰেমিকাৰ মাজৰ কথা বৰ্ণনা কৰা হৈছে ৷ ইতিমধ্যে বিহুগীতটোৰ মিউজিক ভিডিঅ’ও মুকলি কৰা হৈছে ৷ অভিনয়ত আছে উদয়ন দুৱৰা, দীপলিনা ডেকা, অংকিতা ৰাজবংশী আৰু কৌশিক ভৰদ্বাজ ৷ নেটিজেনে যথেষ্ট মৰম দিয়া পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, এইটো ছিজনৰ বাবে সাজু হৈ উঠিছে কণ্ঠশিল্পী দীপলিনা ডেকা ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত তেওঁৰ অনুষ্ঠানৰ সূচী শ্বেয়াৰ কৰা হৈছে ৷ কিন্তু দুখৰ বিষয় যে, চলিত বৰ্ষত বিহুমঞ্চত দেখিবলৈ পোৱা নাযাব পাপনক ৷ পাপন ইতিমধ্যেই তেওঁৰ এটা আকৰ্ষণীয় প্ৰজেক্টক লৈ ব্ৰহ্মপুত্ৰৰ বুুকুৱে বুকুৱে গৈ আছে ৷ পাপনৰ এই প্ৰকল্পৰ কথা জানিবলৈ তলৰ নিউজ লিংকটোত ক্লিক কৰক-

লগতে পঢ়ক : সপোনৰ পম খেদি মহাবাহু ব্ৰহ্মপুত্ৰত নাও লৈ যাত্ৰা পাপনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.