ETV Bharat / entertainment

গোবিন্দাৰ নতুন ৰূপে টোপনি কাঢ়িছে, হিৰো নং ১ ক সকলোৱে বিচাৰিছে ৰূপালী পৰ্দাত

ৰূপালী পৰ্দালৈ ঘূৰি আহিবনে গোবিন্দা ? নতুন লুকত স্তম্ভিত হৈ পৰিছে অনুৰাগীসকল ।

actor Govinda new look
গোবিন্দা (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : June 21, 2025 at 8:10 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : সেই তাহানিৰ বলীউডৰ এক নম্বৰ নায়ক গোবিন্দাৰ ছবিসমূহত দীৰ্ঘদিন ধৰি বলীউডত ফ্লপ হৈ আহিছে । তেওঁৰ শেষৰখন হিট ছবি আছিল পাৰ্টনাৰ আৰু তাৰ পিছত তেওঁৰ ছবিবোৰ ক্ৰমান্বয়ে ফ্লপ হ’বলৈ লয় ।

গোবিন্দাক কিছু বছৰৰ আগতে দেখা গৈছিল ছবি ৰংগীলা ৰাজা (২০১৯)ত । এই ছবিখন কেতিয়া আহিল আৰু কেতিয়া গ’ল কোনেও নাজানে । বৰ্তমান গোবিন্দাক টিভিৰ ৰিয়েলিটী শ্ব’ত বিচাৰক হিচাপে দেখা যায় ।

শেহতীয়াকৈ, গোবিন্দাই তেওঁৰ নতুন প্ৰজেক্টৰ বাবে সাজু কৰা নতুন ৰূপ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে, যিটো তেওঁৰ অনুৰাগীসকলে অতিশয় ভাল পাইছে । গোবিন্দাৰ নতুন ৰূপৰ বাবে অনুৰাগীসকলে তেওঁক পুনৰ ছবিজগতলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে ।

৬১ বছৰীয়া গোবিন্দাৰ এই চেহেৰাই ছ’চিয়েল মিডিয়াত খলকনি তুলিছে ৷ এই ৰূপ দেখি গোবিন্দাৰ অনুৰাগী তেওঁক পুনৰ ছবিত চাবলৈ উত্ৰাৱল হৈ পৰিছে । চুট-বুট পিন্ধা গোবিন্দাই পাতল গোঁফৰ সৈতে চকু চাট মাৰি ধৰা ৰূপ ধাৰণ কৰিছে । এই লুকটোৰ ছবি আৰু ভিডিঅ’ দুয়োটাই শ্বেয়াৰ কৰিছে অভিনেতাজনে ।

এই পোষ্টবোৰৰ কেপশ্যনত লিখা আছে, “হিৰো নং ১ ।” গোবিন্দাৰ এই পোষ্টত তেওঁৰ অনুৰাগীয়ে যথেষ্ট মৰম যাচিছে । এই লুকত গোবিন্দাক দেখাৰ পিছত তেওঁৰ অনুৰাগীসকলে কি কমেণ্ট কৰিছে জানো আহক ।

গোবিন্দাৰ এজন অনুৰাগীয়ে লিখিছে, “ছাৰ, কামবেক কৰক, আপোনাৰ প্ৰতিভা আৰু ক্ষমতা দুয়োটা আছে, মই হিৰো নং ১ক আকৌ চিনেমাৰ মুখ্য অভিনেতা হিচাপে চাব বিচাৰো ।” আন এজন অনুৰাগীয়ে লিখিছে, “চাওক, নতুন ছবি এখনৰ প্ৰস্তুতি চলি থকা যেন লাগিছে ।” আকৌ অন্য এজন অনুৰাগীয়ে লিখিছে, “মোৰ সদায় ১ নম্বৰ অভিনেতা ।” সমান্তৰালকৈ বহু অনুৰাগীয়ে ভিডিঅ’ আৰু ফটোৰ কমেণ্ট বক্সত ৰঙা হৃদয়ৰ ইম’জী দি মনৰ ভাৱ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : শ্বাহৰুখ খানৰ ‘কিং’ ছবিৰে বলীউডত অভিষেক ঘটাব নেকি এড শ্বীৰাণে ? ছেফায়াৰ গায়কৰ মন্তব্যই লগাইছে খলকনি