Bihar Election Results 2025

ETV Bharat / entertainment

দীঘলীয়া হৈছে ২০২৫ বর্ষত মুক্তি পাবলগীয়া ছবিৰ তালিকা

অসমীয়া ছবিজগতে ভৰি দিলে গৌৰৱোজ্বল ৯০ টা বর্ষত । চলিত বর্ষত দীঘলীয়া হৈছে মুক্তি পাবলগীয়া ছবিৰ তালিকা ।

golai chor rudra taarikh and other big budget assamese films are set to release in 2025
২০২৫ বর্ষত মুক্তি পাবলগীয়া ছবিৰ তালিকা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 1, 2025 at 4:48 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আৰম্ভ হ'ল আন এটা নতুন বৰ্ষৰ । ২০২৪ বৰ্ষটোত মুক্তি লাভ কৰিলে ২৫ খন অসমীয়া ছবিয়ে । ছাদ্ৰী ভাষাৰ এখন ছবিৰ লগতে আংশিক অসমীয়া আৰু দুখন বড়ো ভাষাৰ ছবিয়েও মুক্তি লাভ কৰে । সমান্তৰালভাৱে অসমৰ প্ৰযোজক, পৰিচালকৰ দ্বাৰা নিৰ্মিত তিনিখনকৈ হিন্দী চিনেমায়ো সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন ছবিগৃহত মুক্তি লাভ কৰে । বিগত বৰ্ষৰ দৰে ২০২৫ বৰ্ষটোত ভালেকেইখন বহুল চৰ্চিত অসমীয়া চিনেমা মুক্তিৰ বাবে সাজু হৈছে ।

২০২৫ বৰ্ষত মুক্তিৰ বাবে সাজু হৈছে বিগবাজেটৰ কেইবাখনো অসমীয়া ছবি । তাৰে ভিতৰত কেইখনমান বহুল প্ৰত্যাশিত চিনেমাৰ নাম হ'ল-গোলাই চোৰ, কেছটো নগেন, ভাইমনদা, তাৰিখ, ৰুদ্ৰ, পথ-উপপথ, অগ্নিবাণ, বীৰাংগনা সতী সাধনী, ককা দেউতা আৰু নাতি, যোদ্ধা, মোক্ষ, ধ্বজা, ৰৈ ৰৈ বিনালে, এন আৰ চি আদি । ইয়াৰোপৰি নতুন বছৰটোত আৰু কেইবাখনো অসমীয়া ছবি মুক্তিৰ বাবে সাজু হৈ আছে । তাৰ ভিতৰত কথা দিলো, সুবালা, সেউজীয়া সপোন, এক্ৰ'ছ দা পেডী ফিল্ডচ্, যোদ্ধা, কুহেলিকা, প'ষ্টকাৰ্ড, জীৱনৰ আঁৰৰ‌ জীৱন, ৰ'দৰ পাখি, কিয়, সপোনে পাখি মেলে, ৰতনপুৰ, মই এটি নিশাচৰ, গমন, মৰমৰ দেউতা, ডিফলু, দা গৰ্ভমেন্ট ছাৰভেন্ট, বকুল ফুলৰ দৰে, দুৰ্গা দা ৱেৰিঅৰ, Tear Drops (অশ্ৰু) আদিৰ নাম উল্লেখ কৰিব পাৰি ।

আনহাতে চলিত বর্ষত মুক্তি পাবলগীয়া প্ৰথমখন অসমীয়া ছবি হৈছে 'গোলাই চোৰ'। অহা ১৭ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে । ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ । মন কৰিবলগীয়া যে ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰা অসমীয়া চিনেমাই ২০২৫ ত ভৰি দিলে গৌৰৱোজ্বল ৯০ টা বর্ষত । অসমীয়া ছবিৰ গৌৰৱোজ্বল ৯০ টা বৰ্ষৰ লগত সংগতি ৰাখি অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই আহি আছে এখন নতুন চিনেমা ৷ মুনিন বৰুৱা, সকলোৱে মৰমতে তেওঁক 'ভাইমন দা' বুলি সম্বোধন কৰিছিল ৷ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য সেই নামেৰেই আহি আছে এখন অসমীয়া ছবি ।

তেখেতৰ জীৱনশৈলী, কৰ্মৰাজি তথা ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত অহা ৭ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহি আছে 'ভাইমন দা-এ ট্ৰিবিউট টু আছামিছ চিনেমা'। আনহাতে চলিত বর্ষত মুক্তি লাভ কৰিব অসমৰ দুগৰাকী জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু যতীন বৰাৰ দুখনকৈ ছবি । অভিনেতা ৰবি শৰ্মাৰ ছবি ‘ৰুদ্ৰ’ আৰু যতীন বৰাৰ ছবি ‘অগ্নিবাণ’ বিগত বছৰৰ পৰাই চৰ্চাত আছে ।

লগতে পঢ়ক : আজি মুক্তিলাভ কৰিব আ-কাৰ, ই-কাৰ নোহোৱা প্ৰথমটো অসমীয়া গীত