বিহ দিয়া বুলি শেখৰে যদি জানিছিলেই ইমানদিন কিয় লুকুৱাই ৰাখিছিল ? প্ৰশ্ন গৰিমাৰ
"পোষ্টমৰ্টেম ৰিপ’ৰ্টটো মোৰ ব্যক্তিগত সম্পত্তি বুলি ভবা নাই, ইনভেষ্টিগেশ্যন চলি আছে, কথা ওলাবই ৷" ক'লে জুবিন পত্নীয়ে ৷

By ETV Bharat Entertainment Team
Published : October 4, 2025 at 8:54 PM IST
গুৱাহাটী : GMCH ৰ পোষ্টমৰ্টেম ৰিপ’ৰ্ট গ্ৰহণ নকৰিলে গৰিমা শইকীয়া গাৰ্গে । এই কথা সংবাদ মাধ্যমৰ আগত জনালে গৰিমা শইকীয়া গাৰ্গে ।
তেওঁ কয়, "যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে, গতিকে এই সময়ত কথাবোৰ ৰাজহুৱা হ'লে তদন্তত ব্যাঘাত জন্মিব পাৰে বুলি ভাবি মৰণোত্তৰ প্ৰতিবেদনখন মই গ্ৰহণ নকৰিলো । মই আইনৰ ওপৰত আস্থা ৰাখিছো । মই আইনৰ কথা বিশেষ নাজানো । মৰণোত্তৰ প্ৰতিবেদন আদালত আৰু তদন্তকাৰী বিষয়াৰ সৈতেই থাকক । এতিয়া তদন্ত ভালদৰে আগবাঢ়িছে বুলি বিশ্বাস কৰিছো ।”
গৰিমাই লগতে কয়, “প্ৰকৃততে ঘটনাটো কি হৈছিল সেয়া অতি শীঘ্ৰে জানিব লাগিব । তদন্ত জোৰদাৰ হ'ব লাগিব, পানী নসৰকা তদন্ত হ'ব লাগিব । যি দোষী আছে তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাবই লাগিব । আমি প্ৰতিটো কথা জানিব লাগিব । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মোৰ ব্যক্তিগত সম্পত্তি নহয় । মই মোৰ মানুহজনক হেৰুৱাইছো, তেখেতক মই কেতিয়াও ঘূৰাই নাপাওঁ । কিন্তু তেওঁ উচিত ন্যায় পাব লাগিব । জুবিন গাৰ্গ সকলোৰে মানুহ আছিল, সকলোকে নিজৰ সৰ্বোচ্চ দি ভাল পাইছিল । তেওঁৰ লগত অন্যায় হ'ব নোৱাৰে । মোৰ দাবী-অনুৰোধ-প্ৰাৰ্থনা জুবিন গাৰ্গক ন্যায় দিয়ক । জুবিন গাৰ্গৰ ঘটনাই যাতে অন্য মোৰ নলয় । আজি মোৰ আৰু ভণ্টিৰ ভাষ্য গ্ৰহণ কৰিছে SIT এ ।”
জুবিন গাৰ্গক বিহ দি হত্যা কৰা হৈছে বুলি শেখৰজ্যোতিয়ে স্বীকাৰোক্তি দিয়া সন্দৰ্ভত গৰিমাই কয়, "শেখৰে যদি জানিছিল ইমানদিন কিয় লুকুৱাই ৰাখিছিল ? এইক্ষেত্ৰত দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব । মানুহজনক এনেকুৱা অৱস্থালৈ কিয় নিব লগা হ’ল । মোৰ মানুহজনে সকলোকে ইমান মৰম কৰিছিল, তাৰ পিছতো তেওঁক কিয় এনেকুৱা কৰিলে ? সকলোকে বিশ্বাস কৰিবলৈ মোক জুবিনে শিকাইছিল । সকলোকে নিজৰ ভাই-ককাই-পৰিয়ালৰ দৰে আঁকোৱালি লৈছিলো, কিন্তু আমাৰ লগত কিয় এনেকুৱা কৰিলে ?”
লগতে পঢ়ক : কাহিনী ঢেৰ, জুবিনৰ অজ্ঞাতে এটা এটা গানৰ বিনিময়ত লোৱা হৈছিল বহু টকা

